--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে এজন শিক্ষক হিচাপে জীৱনৰ ৪০ বছৰৰো অধিক সময় অতিবাহিত কৰিছিল। 

দেশৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত, শিক্ষাৰ্থীসকলে তেওঁৰ জন্মদিন উদযাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।মানুহৰ এনে ইচ্ছাৰ প্ৰসংগত ৰাধাকৃষ্ণনে কৈছিল  "মোৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে, মই গৌৰৱান্বিত হ'ম যদি  সমগ্ৰ দেশৰ শিক্ষকসকলৰ সন্মানত এই দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰে।" ডঃ ৰাধাকৃষ্ণনৰ গোটেই জীৱনটোৱেই মানুহক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ কিছুমান ধাৰণাই আমাক জীৱন যাপনৰ  নতুন পথ দেখুৱাযই আহিছে।  চাওঁ আহক আমাৰ জীৱনত ড০ ৰাধাকৃষ্ণণৰ কেনে  ধাৰণাসমূহে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু আমি সেইবোৰ অনুসৰণ কৰিব পাৰো।

১.কিতাপ হৈছে এক মাধ্যম যাৰ দ্বাৰা আমি সংস্কৃতিৰ মাজত দলং নিৰ্মাণ কৰোঁ।

২. কেৱল জ্ঞান আৰু বিজ্ঞানৰ আধাৰতহে এক আনন্দময় জীৱন লাভ কৰাটো সম্ভৱ।

৩. কিতাপ পঢ়াটোৱে আমাক নিৰ্জনতা আৰু প্ৰকৃত সুখত চিন্তা কৰাৰ অভ্যাস গঢ়ি তোলে।

৪. 'যদি এজন মানুহ ৰাক্ষস হৈ পৰে, তেন্তে এয়া তেওঁৰ পৰাজয়, যদি এজন মানুহ মহাপুৰুষ হয়, তেন্তে এয়া তেওঁৰ অলৌকিক ঘটনা, কিন্তু যদি মানুহ মানুহ হয় তেন্তে এয়া তেওঁৰ বিজয়
৫.প্ৰকৃত শিক্ষক  হৈছে সেইসকল যিয়ে আমাক নিজৰ বাবে চিন্তা কৰাত সহায় কৰে।

৬.জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ হৈছে উচ্চ জীৱনৰ সপোন।

৭. ঈশ্বৰ পাপৰ পৰা মুক্ত, বৃদ্ধ বয়সৰ পৰা মুক্ত, মৃত্যু আৰু শোকৰ পৰা মুক্ত, ভোক আৰু তৃষ্ণাৰ পৰা মুক্ত, যিয়ে একো বিচৰা নাই আৰু একো কল্পনা নকৰে।

৮. জীৱনক কেৱল  অশুভ হিচাপে চোৱা আৰু পৃথিৱীখনক ভ্ৰম হিচাপে চোৱাটো সম্পূৰ্ণ অকৃতজ্ঞতা।

৯. ধন, শক্তি আৰু দক্ষতা কেৱল জীৱনৰ মাধ্যম, এইবোৰেই কেৱল জীৱন নহয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু