--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে এজন শিক্ষক হিচাপে জীৱনৰ ৪০ বছৰৰো অধিক সময় অতিবাহিত কৰিছিল। 

দেশৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত, শিক্ষাৰ্থীসকলে তেওঁৰ জন্মদিন উদযাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।মানুহৰ এনে ইচ্ছাৰ প্ৰসংগত ৰাধাকৃষ্ণনে কৈছিল  "মোৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে, মই গৌৰৱান্বিত হ'ম যদি  সমগ্ৰ দেশৰ শিক্ষকসকলৰ সন্মানত এই দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰে।" ডঃ ৰাধাকৃষ্ণনৰ গোটেই জীৱনটোৱেই মানুহক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ কিছুমান ধাৰণাই আমাক জীৱন যাপনৰ  নতুন পথ দেখুৱাযই আহিছে।  চাওঁ আহক আমাৰ জীৱনত ড০ ৰাধাকৃষ্ণণৰ কেনে  ধাৰণাসমূহে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু আমি সেইবোৰ অনুসৰণ কৰিব পাৰো।

১.কিতাপ হৈছে এক মাধ্যম যাৰ দ্বাৰা আমি সংস্কৃতিৰ মাজত দলং নিৰ্মাণ কৰোঁ।

২. কেৱল জ্ঞান আৰু বিজ্ঞানৰ আধাৰতহে এক আনন্দময় জীৱন লাভ কৰাটো সম্ভৱ।

৩. কিতাপ পঢ়াটোৱে আমাক নিৰ্জনতা আৰু প্ৰকৃত সুখত চিন্তা কৰাৰ অভ্যাস গঢ়ি তোলে।

৪. 'যদি এজন মানুহ ৰাক্ষস হৈ পৰে, তেন্তে এয়া তেওঁৰ পৰাজয়, যদি এজন মানুহ মহাপুৰুষ হয়, তেন্তে এয়া তেওঁৰ অলৌকিক ঘটনা, কিন্তু যদি মানুহ মানুহ হয় তেন্তে এয়া তেওঁৰ বিজয়
৫.প্ৰকৃত শিক্ষক  হৈছে সেইসকল যিয়ে আমাক নিজৰ বাবে চিন্তা কৰাত সহায় কৰে।

৬.জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ হৈছে উচ্চ জীৱনৰ সপোন।

৭. ঈশ্বৰ পাপৰ পৰা মুক্ত, বৃদ্ধ বয়সৰ পৰা মুক্ত, মৃত্যু আৰু শোকৰ পৰা মুক্ত, ভোক আৰু তৃষ্ণাৰ পৰা মুক্ত, যিয়ে একো বিচৰা নাই আৰু একো কল্পনা নকৰে।

৮. জীৱনক কেৱল  অশুভ হিচাপে চোৱা আৰু পৃথিৱীখনক ভ্ৰম হিচাপে চোৱাটো সম্পূৰ্ণ অকৃতজ্ঞতা।

৯. ধন, শক্তি আৰু দক্ষতা কেৱল জীৱনৰ মাধ্যম, এইবোৰেই কেৱল জীৱন নহয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী