--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক শিক্ষক নিযুক্তি পৰীক্ষাত এটা অতি আচহুৱা ঘটনা চৰ্চালৈ আহিছে। পৰীক্ষা দিবলৈ যোৱা এগৰাকী পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত ছপা হৈছে বলীউডৰ অভিনেত্ৰী ছানী লিয়নীৰ এখন আপত্তিজনক ফটো। এতিয়া এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে তদন্তৰ নিৰ্দেশ দিছে।

কৰ্ণাটক কংগ্ৰেছৰ ছ’চিয়েল মিডিয়াৰ অধ্যক্ষ বি আৰ নাইডুৱে মাইক্ৰ’ ব্লগিং চাইট টুইটাৰত এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। তেওঁ অভিযোগ কৰে যে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাৰ্থীগৰাকীৰ ফটোৰ সলনি প্ৰাপ্তবয়স্ক ছবিৰ তাৰকাগৰাকীৰ ছবি ছপা কৰিছে। নাইডুৱে কানাড়া ভাষাত টুইট কৰি লিখিছে, "শিক্ষক নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থীৰ ফটোৰ সলনি শিক্ষা বিভাগে ব্লু ফিল্মৰ অভিনেত্ৰী ছানী লিয়নীৰ ফটো ছপা কৰিছিল। বিধানসভাৰ ভিতৰতো ব্লু ফিল্ম চোৱা দলৰ পৰা আৰু কি আশা কৰিব পাৰি! 


নাইডুৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্ণাটকৰ শিক্ষামন্ত্ৰী বি চি নাগেশৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, "পৰীক্ষাৰ্থীয়ে এখন ফটো আপলোড কৰিব লাগিব। তাৰ পিছত চিষ্টেমে তেওঁলোকে আপলোড কৰা ফটোখনেই লয়। আমি যেতিয়া পৰীক্ষাৰ্থীগৰাকীক সুধিলোঁ যে তেওঁ ছানী লিয়নীৰ ফটোখন তেওঁৰ এডমিট কাৰ্ডত ৰাখিছে নেকি, তেতিয়া তেওঁ কৈছিল যে তেওঁৰ স্বামীৰ বন্ধুৱে তেওঁৰ প্ৰয়োজনীয় তথ্যখিনি আপলোড কৰিছিল।

ঘটনা সন্দৰ্ভত অৱগত শিক্ষা বিভাগৰ এগৰাকী বিষয়াই কয় যে পৰীক্ষাৰ্থীগৰাকীয়ে নিজৰ আবেদন, নথি-পত্ৰ আৰু ফটো আপলোড কৰিবলৈ আন কাৰোবাৰ পৰা সহায় বিচাৰিছিল। শিক্ষামন্ত্ৰীৰ বিবৃতি অনুসৰি প্ৰাৰ্থীগৰাকীৰ প্ৰ-পত্ৰ পূৰণ কৰিছিল পৰীক্ষাৰ্থীগৰাকীৰ স্বামীৰ এগৰাকী বন্ধুৱে। পৰীক্ষাৰ্থীগৰাকী চিকমাগালুৰ জিলাৰ বাসিন্দা।  তেওঁ শিৱমোগ্গাত শিক্ষক পদৰ বাবে আৱেদন কৰিছিল।

৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কৰ্ণাটকৰ ৭৮১টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পৰীক্ষাত মুঠ ৩,৩২,৯১৩গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। ৰাজহুৱা নিৰ্দেশনা বিভাগে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে "ভুল চৰকাৰৰ ফালৰ পৰাও হোৱা নাছিল বা শিক্ষা বিভাগৰ ফালৰ পৰাও হোৱা নাছিল"। অৱশ্যে কৰ্ণাটক শিক্ষা বিভাগে বিষয়টো তদন্ত কৰি এফআইআৰ পঞ্জীয়ন কৰিব বুলি জানিবলৈ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক