--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক শিক্ষক নিযুক্তি পৰীক্ষাত এটা অতি আচহুৱা ঘটনা চৰ্চালৈ আহিছে। পৰীক্ষা দিবলৈ যোৱা এগৰাকী পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত ছপা হৈছে বলীউডৰ অভিনেত্ৰী ছানী লিয়নীৰ এখন আপত্তিজনক ফটো। এতিয়া এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে তদন্তৰ নিৰ্দেশ দিছে।

কৰ্ণাটক কংগ্ৰেছৰ ছ’চিয়েল মিডিয়াৰ অধ্যক্ষ বি আৰ নাইডুৱে মাইক্ৰ’ ব্লগিং চাইট টুইটাৰত এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। তেওঁ অভিযোগ কৰে যে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাৰ্থীগৰাকীৰ ফটোৰ সলনি প্ৰাপ্তবয়স্ক ছবিৰ তাৰকাগৰাকীৰ ছবি ছপা কৰিছে। নাইডুৱে কানাড়া ভাষাত টুইট কৰি লিখিছে, "শিক্ষক নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থীৰ ফটোৰ সলনি শিক্ষা বিভাগে ব্লু ফিল্মৰ অভিনেত্ৰী ছানী লিয়নীৰ ফটো ছপা কৰিছিল। বিধানসভাৰ ভিতৰতো ব্লু ফিল্ম চোৱা দলৰ পৰা আৰু কি আশা কৰিব পাৰি! 


নাইডুৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্ণাটকৰ শিক্ষামন্ত্ৰী বি চি নাগেশৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, "পৰীক্ষাৰ্থীয়ে এখন ফটো আপলোড কৰিব লাগিব। তাৰ পিছত চিষ্টেমে তেওঁলোকে আপলোড কৰা ফটোখনেই লয়। আমি যেতিয়া পৰীক্ষাৰ্থীগৰাকীক সুধিলোঁ যে তেওঁ ছানী লিয়নীৰ ফটোখন তেওঁৰ এডমিট কাৰ্ডত ৰাখিছে নেকি, তেতিয়া তেওঁ কৈছিল যে তেওঁৰ স্বামীৰ বন্ধুৱে তেওঁৰ প্ৰয়োজনীয় তথ্যখিনি আপলোড কৰিছিল।

ঘটনা সন্দৰ্ভত অৱগত শিক্ষা বিভাগৰ এগৰাকী বিষয়াই কয় যে পৰীক্ষাৰ্থীগৰাকীয়ে নিজৰ আবেদন, নথি-পত্ৰ আৰু ফটো আপলোড কৰিবলৈ আন কাৰোবাৰ পৰা সহায় বিচাৰিছিল। শিক্ষামন্ত্ৰীৰ বিবৃতি অনুসৰি প্ৰাৰ্থীগৰাকীৰ প্ৰ-পত্ৰ পূৰণ কৰিছিল পৰীক্ষাৰ্থীগৰাকীৰ স্বামীৰ এগৰাকী বন্ধুৱে। পৰীক্ষাৰ্থীগৰাকী চিকমাগালুৰ জিলাৰ বাসিন্দা।  তেওঁ শিৱমোগ্গাত শিক্ষক পদৰ বাবে আৱেদন কৰিছিল।

৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কৰ্ণাটকৰ ৭৮১টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পৰীক্ষাত মুঠ ৩,৩২,৯১৩গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। ৰাজহুৱা নিৰ্দেশনা বিভাগে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে "ভুল চৰকাৰৰ ফালৰ পৰাও হোৱা নাছিল বা শিক্ষা বিভাগৰ ফালৰ পৰাও হোৱা নাছিল"। অৱশ্যে কৰ্ণাটক শিক্ষা বিভাগে বিষয়টো তদন্ত কৰি এফআইআৰ পঞ্জীয়ন কৰিব বুলি জানিবলৈ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু