--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাণ্ডিচি বাৰী হৈছে নাছিকৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত সুৰগানা মৌজাৰ এখন সৰু গাওঁ। গোটেই গাওঁখনত প্ৰায়  ৩০০  লোকে বাস কৰে। কিন্তু গাঁও খনলৈ বিয়া হৈ অহাৰ দুই বা তিনি দিনৰ ভিতৰতে বহু কইনাই পলায়ন কৰে। বিবাহিত হোৱা স্বত্বেও এই গাওঁখনৰ বহুপুৰুষে নাজানে যে সুখী পাৰিবাৰিক জীৱন কেনেকুৱা। কাৰণ এই গাঁৱৰ বেছিভাগ মহিলাই বিয়াৰ পিছত ঘৰৰ পৰা পলাই যায়।

দাণ্ডিচি বাৰী গাঁৱৰ বাসিন্দাসকলে গোটেই বছৰটো খোৱা পানীৰ সমস্যাত ভুগি আছে। যিসকলে এই গাওঁখনত ডাঙৰ-দীঘল হৈছিল, তীব্ৰ পানীৰ অভাৱত থকা বাবেই  তেওঁলোক এই জীৱনত অভ্যস্ত।

কিন্তু যিসকলে বাহিৰৰ পৰা এই গাওঁলৈ আহে তেওঁলোকে  সমস্যাত পৰে।  সেয়ে পানীৰ অভাৱ সহ্য কৰিব নোৱাৰিয়েই বহু নতুনকৈ বিয়া হোৱা কইনাই গাঁও খনৰ পৰা পলায়ন কৰে বুলি বহুতে কৈছে।

পানী নথকাৰ বাবেই গাওঁখনত বহু মহিলাই  থাকিব নিবিচাৰে। "২০১৪ চনত গাওঁখনৰ এজন ব্যক্তিয়ে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখন মাত্ৰ দুদিন ধৰি বৰ্তি আছিল। বিয়াৰ দুদিন পিছত, কইনাই তেওঁৰ স্বামীৰ ঘৰ এৰি গৈছিল। ঘটনাটো মানুহৰ মাজত ব্যাপকভাৱে বিয়পি পৰিছিল। '' গাঁও খনৰ বাসিন্দা গোবিন্দই এনেদৰে কয়।  পানীৰ ভাৱৰ বাবেই বহু মহিলাই গাঁও এৰি যোৱাৰ কথাও তেওঁ কয়।

গাঁৱৰ মহিলাসকলে খোৱা পানী আনিবলৈ পাহাৰৰ তললৈ যাব লাগে। বহু কষ্ট কৰি পাহাৰ বগাই পানী অনাটো কষ্টকৰ বাবেই বহু মহিলাই বিয়াৰ পিছতে গাঁও খন এৰি যায়।

গোবিন্দই  লগতে কয় যে এই গাওঁখনৰ মহিলাসকলে প্ৰতি বছৰে গ্ৰীষ্মকালত, মাৰ্চৰ পৰা জুনলৈ, পাহাৰৰ তলত প্ৰায় শুকাই যোৱা নদীৰ পৰা পানী আনিবলৈ ডেৰ কিলোমিটাৰ খোজ কাঢ়িব লাগে।

গাওঁখনৰ গৃহিণীসকলে শুকান নদীৰ মাজত থকা  শিলবোৰৰ ফাঁকৰ পৰা পানী সংগ্ৰহ কৰিব লাগে। গাওঁখনৰ বাসিন্দা লক্ষ্মীবাই ৱাছলে কয় , "এটা কলহ ভৰ্তি হ'বলৈ তিনি ঘণ্টালৈকে সময় ৰ’ব লাগিব পাৰে। পানীলৈ ঘূৰি  আহোতে প্ৰায়ে ৰাতি হয়। ''চৰকাৰেও আজিলৈকে গাঁও খনত পানী যোগানৰ কোনো ব্যৱল্থা কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক