--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাণ্ডিচি বাৰী হৈছে নাছিকৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত সুৰগানা মৌজাৰ এখন সৰু গাওঁ। গোটেই গাওঁখনত প্ৰায়  ৩০০  লোকে বাস কৰে। কিন্তু গাঁও খনলৈ বিয়া হৈ অহাৰ দুই বা তিনি দিনৰ ভিতৰতে বহু কইনাই পলায়ন কৰে। বিবাহিত হোৱা স্বত্বেও এই গাওঁখনৰ বহুপুৰুষে নাজানে যে সুখী পাৰিবাৰিক জীৱন কেনেকুৱা। কাৰণ এই গাঁৱৰ বেছিভাগ মহিলাই বিয়াৰ পিছত ঘৰৰ পৰা পলাই যায়।

দাণ্ডিচি বাৰী গাঁৱৰ বাসিন্দাসকলে গোটেই বছৰটো খোৱা পানীৰ সমস্যাত ভুগি আছে। যিসকলে এই গাওঁখনত ডাঙৰ-দীঘল হৈছিল, তীব্ৰ পানীৰ অভাৱত থকা বাবেই  তেওঁলোক এই জীৱনত অভ্যস্ত।

কিন্তু যিসকলে বাহিৰৰ পৰা এই গাওঁলৈ আহে তেওঁলোকে  সমস্যাত পৰে।  সেয়ে পানীৰ অভাৱ সহ্য কৰিব নোৱাৰিয়েই বহু নতুনকৈ বিয়া হোৱা কইনাই গাঁও খনৰ পৰা পলায়ন কৰে বুলি বহুতে কৈছে।

পানী নথকাৰ বাবেই গাওঁখনত বহু মহিলাই  থাকিব নিবিচাৰে। "২০১৪ চনত গাওঁখনৰ এজন ব্যক্তিয়ে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখন মাত্ৰ দুদিন ধৰি বৰ্তি আছিল। বিয়াৰ দুদিন পিছত, কইনাই তেওঁৰ স্বামীৰ ঘৰ এৰি গৈছিল। ঘটনাটো মানুহৰ মাজত ব্যাপকভাৱে বিয়পি পৰিছিল। '' গাঁও খনৰ বাসিন্দা গোবিন্দই এনেদৰে কয়।  পানীৰ ভাৱৰ বাবেই বহু মহিলাই গাঁও এৰি যোৱাৰ কথাও তেওঁ কয়।

গাঁৱৰ মহিলাসকলে খোৱা পানী আনিবলৈ পাহাৰৰ তললৈ যাব লাগে। বহু কষ্ট কৰি পাহাৰ বগাই পানী অনাটো কষ্টকৰ বাবেই বহু মহিলাই বিয়াৰ পিছতে গাঁও খন এৰি যায়।

গোবিন্দই  লগতে কয় যে এই গাওঁখনৰ মহিলাসকলে প্ৰতি বছৰে গ্ৰীষ্মকালত, মাৰ্চৰ পৰা জুনলৈ, পাহাৰৰ তলত প্ৰায় শুকাই যোৱা নদীৰ পৰা পানী আনিবলৈ ডেৰ কিলোমিটাৰ খোজ কাঢ়িব লাগে।

গাওঁখনৰ গৃহিণীসকলে শুকান নদীৰ মাজত থকা  শিলবোৰৰ ফাঁকৰ পৰা পানী সংগ্ৰহ কৰিব লাগে। গাওঁখনৰ বাসিন্দা লক্ষ্মীবাই ৱাছলে কয় , "এটা কলহ ভৰ্তি হ'বলৈ তিনি ঘণ্টালৈকে সময় ৰ’ব লাগিব পাৰে। পানীলৈ ঘূৰি  আহোতে প্ৰায়ে ৰাতি হয়। ''চৰকাৰেও আজিলৈকে গাঁও খনত পানী যোগানৰ কোনো ব্যৱল্থা কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু