--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ মোবাইল ফোনত অহা যিকোনো মেছেজ বা মেছেজৰ লিংক খুলি চালে কেতিয়াবা হ’ব পাৰে ভয়ংকৰ বিপদ। সময়ে সময়ে চাইবাৰ ক্ৰাইমৰ ঘটনাবোৰ পোহৰলৈ আহি থাকে। অন্ধ্ৰ প্ৰদেশৰ পৰাও এক গোচৰ পোহৰলৈ আহিছে য’ত এগৰাকী মহিলা চাইবাৰ অপৰাধৰ বলি হ’বলগীয়া হয়। মহিলাগৰাকীয়ে হোৱাটছএপত এটা মেছেজ পাইছিল। সেই মেছেজ ক্লিক কৰাৰ লগে লগে মহিলাগৰাকীৰ একাউণ্টৰ পৰা ২১ লাখ টকা উৰি যায়।

এই ঘটনা ঘটিছিল অন্ধ্ৰ প্ৰদেশৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ সৈতে। অন্ধ্ৰ প্ৰদেশৰ অন্নময় জিলাৰ মদনপল্লেত বাস কৰা এইগৰাকী মহিলাৰ নাম বৰালক্ষ্মী। বৰালক্ষ্মীয়ে এটা অজ্ঞাত নম্বৰৰ পৰা এটা হোৱাটছএপ মেছেজ লাভ কৰে। মেছেজত দিয়া লিংকটোত একো নাভাবি তেওঁ ক্লিক কৰি দিয়ে। তাৰপাছত এনেকুৱা এটা ঘটনা ঘটিল যিটো দেখি মহিলাগৰাকীৰ বেহুঁচ হোৱাৰ উপক্ৰম হল।

লিংকটো ক্লিক কৰাৰ কিছু সময়ৰ পাছতে মহিলাগৰাকীৰ একাউণ্টৰ পৰা কিছু টকা কৰ্তন কৰা হৈছে বুলি মেছেজ আহিল। মহিলাগৰাকীয়ে কিবা এটা বুজি পোৱাৰ সময়লৈকে মহিলাগৰাকীৰ একাউণ্টৰ পৰা কেইবাবাৰো ক্ৰমান্বয়ে টকা কৰ্তন কৰা মেছেজ আহিবলৈ ধৰিলে। আশ্চৰ্যজনকভাৱে মহিলাগৰাকীৰ একাউণ্টৰ পৰা ২১ লাখ টকা কৰ্তন কৰা হৈছিল। লগে লগে মহিলাগৰাকী আৰক্ষীৰ ওচৰলৈ যায়।

খবৰ অনুসৰি, মহিলাগৰাকীয়ে জনোৱা মতে, তেওঁ কেৱল মেছেজত এটা লিংক ক্লিক কৰিছিল, তাৰপাছতেই তেওঁৰ একাউণ্টৰ পৰা ২১ লাখ টকা নোহোৱা  হৈছিল। আনহাতে আৰক্ষীয়ে জনোৱা মতে, চাইবাৰ অপৰাধীয়ে প্ৰথমে লিংকৰ জৰিয়তে মহিলাগৰাকীৰ ফোন হেক কৰাৰ পিছত বেংক একাউণ্টৰ পৰা মোবাইল ব্যৱহাৰ কৰি কেইবাটাও লেনদেন কৰে। মহিলাগৰাকীয়ে এই ঘটনাৰ সন্দৰ্ভত বেংকলৈ যায়। বৰ্তমান ইয়াৰ তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ