--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ মোবাইল ফোনত অহা যিকোনো মেছেজ বা মেছেজৰ লিংক খুলি চালে কেতিয়াবা হ’ব পাৰে ভয়ংকৰ বিপদ। সময়ে সময়ে চাইবাৰ ক্ৰাইমৰ ঘটনাবোৰ পোহৰলৈ আহি থাকে। অন্ধ্ৰ প্ৰদেশৰ পৰাও এক গোচৰ পোহৰলৈ আহিছে য’ত এগৰাকী মহিলা চাইবাৰ অপৰাধৰ বলি হ’বলগীয়া হয়। মহিলাগৰাকীয়ে হোৱাটছএপত এটা মেছেজ পাইছিল। সেই মেছেজ ক্লিক কৰাৰ লগে লগে মহিলাগৰাকীৰ একাউণ্টৰ পৰা ২১ লাখ টকা উৰি যায়।

এই ঘটনা ঘটিছিল অন্ধ্ৰ প্ৰদেশৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ সৈতে। অন্ধ্ৰ প্ৰদেশৰ অন্নময় জিলাৰ মদনপল্লেত বাস কৰা এইগৰাকী মহিলাৰ নাম বৰালক্ষ্মী। বৰালক্ষ্মীয়ে এটা অজ্ঞাত নম্বৰৰ পৰা এটা হোৱাটছএপ মেছেজ লাভ কৰে। মেছেজত দিয়া লিংকটোত একো নাভাবি তেওঁ ক্লিক কৰি দিয়ে। তাৰপাছত এনেকুৱা এটা ঘটনা ঘটিল যিটো দেখি মহিলাগৰাকীৰ বেহুঁচ হোৱাৰ উপক্ৰম হল।

লিংকটো ক্লিক কৰাৰ কিছু সময়ৰ পাছতে মহিলাগৰাকীৰ একাউণ্টৰ পৰা কিছু টকা কৰ্তন কৰা হৈছে বুলি মেছেজ আহিল। মহিলাগৰাকীয়ে কিবা এটা বুজি পোৱাৰ সময়লৈকে মহিলাগৰাকীৰ একাউণ্টৰ পৰা কেইবাবাৰো ক্ৰমান্বয়ে টকা কৰ্তন কৰা মেছেজ আহিবলৈ ধৰিলে। আশ্চৰ্যজনকভাৱে মহিলাগৰাকীৰ একাউণ্টৰ পৰা ২১ লাখ টকা কৰ্তন কৰা হৈছিল। লগে লগে মহিলাগৰাকী আৰক্ষীৰ ওচৰলৈ যায়।

খবৰ অনুসৰি, মহিলাগৰাকীয়ে জনোৱা মতে, তেওঁ কেৱল মেছেজত এটা লিংক ক্লিক কৰিছিল, তাৰপাছতেই তেওঁৰ একাউণ্টৰ পৰা ২১ লাখ টকা নোহোৱা  হৈছিল। আনহাতে আৰক্ষীয়ে জনোৱা মতে, চাইবাৰ অপৰাধীয়ে প্ৰথমে লিংকৰ জৰিয়তে মহিলাগৰাকীৰ ফোন হেক কৰাৰ পিছত বেংক একাউণ্টৰ পৰা মোবাইল ব্যৱহাৰ কৰি কেইবাটাও লেনদেন কৰে। মহিলাগৰাকীয়ে এই ঘটনাৰ সন্দৰ্ভত বেংকলৈ যায়। বৰ্তমান ইয়াৰ তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু