--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

২০২০ চনৰ কোভিড লকডাউনৰ  সংকটৰ সময়ত  শ্ৰমিকসকলক বিমানৰ জৰিয়তে  ঘৰলৈ পঠোৱা এজন কাঠফুলা খেতিয়কক বুধবাৰে দিল্লীৰ এটা মন্দিৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। 

দুৰ্ভগীয়া শ্ৰমিক সকলক সহায় কৰা এই ব্যক্তিজনৰ নাম  পাপ্পন সিং গেহলট৷ দেশজুৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই ব্যক্তিজনে  তেওঁৰ কৰ্মচাৰীসকলক  ঘৰলৈ উভতি যাবলৈ বিমানৰ টিকট কিনি দিছিল৷ সেই সময়ত কোভিড সৃষ্ট  লকডাউনৰ দ্বাৰা  হাজাৰ হাজাৰ শ্ৰমিককে  তেওঁলোকৰ গাওঁত উপস্থিত হ'বলৈ সংগ্ৰাম কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, কৃষকজনক ৰাষ্ট্ৰীয় ৰাজধানীৰ আলিপুৰ অঞ্চলত তেওঁৰ ঘৰৰ সন্মুখত থকা এটা মন্দিৰৰ চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে এটা চুইচাইড নোটও উদ্ধাৰ কৰিছিল য'ত শ্ৰীযুত গেহলটে তেওঁৰ আত্মহত্যাৰ কাৰণ হিচাপে 'অসুস্থতা' উল্লেখ কৰিছিল।

 গেহলটে লকডাউন সমাপ্ত হোৱাৰ পিছত তেওঁৰ কৰ্মচাৰীসকলক  আকৌ এবাৰ বিমানৰ টিকট ক্ৰয় কৰি দি পুনৰ কৰ্ম ক্ষেত্ৰলৈ ওভতি অহাৰ সুযোগ দিছিল।

 ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে  গেহলটৰ মৃতদেহ লৈ গৈছে৷ তদুপৰি  ঘটনা সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান চলি আছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু