--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অনুষ্ঠানত কিউলিনেৰী খণ্ডৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিতি থাকে। পদ্মশ্রী বঁটা বিজয়ী প্রবীণ চেফ, মনজিত সিং গীল 'ফ্লেভাৰ্ছ অব্ নৰ্থ-ইষ্ট'ৰ ফেচ হিচাপে অংশগ্রহণ কৰে।

ডিজিটেল ডেস্ক : উত্তৰ-পূব ভাৰতৰ চহকী ৰন্ধন ঐতিহ্য আৰু বিকশিত খাদ্য সংস্কৃতিৰ উদ্যাপনেৰে পদ্মশ্রী বঁটা বিজয়ী চেফ মনজিৎ সিং গীলক ফেচ অব দ্য ইভেন্ট হিচাপে লৈ ইষ্টার্ন ইণ্ডিয়া কিউলিনেৰী এছ'চিয়েশ্যনৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হৈছে 'ফ্লেভাৰ্ছ অব্ নর্থ-ইষ্ট' শীর্ষক দুদিনীয়া কিউলিনেৰী প্ৰদৰ্শনী। 


থলুৱা উপাদান, পৰম্পৰাগত ৰন্ধন কৌশল আৰু সমসাময়িক ৰন্ধনৰ উদ্ভাৱন অন্বেষণ কৰাৰ বাবে এই অনুষ্ঠানত চেফ, ঘৰুৱা ৰান্ধনী, আতিথ্য সেৱা খণ্ডৰ শিক্ষার্থী, কিউলিনেৰী প্ৰতিষ্ঠান আৰু খাদ্য উদ্যোগৰ অংশীদাৰসকলক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰা হয়। মণিৰাম দেৱান ট্রেড চেণ্টাৰত অনুষ্ঠিত এই অনুষ্ঠানত লাইভ ৰন্ধন প্রতিযোগিতা, চেফৰ নেতৃত্বত ৰান্ধনীশালৰ প্ৰদৰ্শন আৰু উত্তৰ-পূব ভাৰতীয় খাদ্যৰ গভীৰতা, বৈচিত্র্য আৰু ভৱিষ্যতৰ সম্ভাৱনাক উজ্জ্বল কৰি তোলাৰ বাবে জ্ঞান বিনিময়ৰ অধিৱেশন অনুষ্ঠিত হয়। 


অনুষ্ঠানত নর্থ-ইষ্ট প্লেটাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু ইয়াত স্থানীয় উৎপাদিত সামগ্রী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা প্ৰামাণিক আঞ্চলিক খাদ্য প্ৰদৰ্শন কৰা হয় আৰু 'দুটা স্তৰৰ কে'ক সজ্জা প্রতিযোগিতা' অনুষ্ঠিত হয়। প্রতিযোগিতাসমূহ ঘৰুৱা চেফ, অপেছাদাৰী চেফ আৰু হোটেল পৰিচালনাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি আছিল। আৰু প্রতিযোগিতাত উত্তৰ-পূব আৰু পূব ভাৰতৰ পৰা অংশগ্ৰহণ কৰে। অনুষ্ঠানত কিউলিনেৰী খণ্ডৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিতি থাকে। পদ্মশ্রী বঁটা বিজয়ী প্রবীণ চেফ, মনজিত সিং গীল 'ফ্লেভাৰ্ছ অব্ নৰ্থ-ইষ্ট'ৰ ফেচ হিচাপে অংশগ্রহণ কৰে। 


উক্ত অনুষ্ঠানত উত্তৰ-পূব ভাৰতীয় খাদ্যৰ প্ৰচাৰৰ বাবে বহুলভাৱে পৰিচিত চেলিব্রিটি চেফ আৰু উদ্যোগী চেফ অতুল লহকৰ, ইষ্টার্ন ইণ্ডিয়া কিউলিনেৰী এছ'চিয়েশ্যনৰ সভাপতি অভিৰু বিশ্বাস, ইষ্টার্ন ইণ্ডিয়া কিউলিনেৰী এছ'চিযেশ্যনৰ সাধাৰণ সম্পাদক সন্দীপ পাণ্ডে, কোষাধ্যক্ষ তথা ইষ্টার্ন ইণ্ডিয়া কিউলিনেৰী এছ'চিয়েশ্যনৰ চেফ ৰংগনাথ মুখার্জী আৰু উত্তৰ-পূব অঞ্চলৰ উপ-সভাপতি, ইষ্টার্ন ইণ্ডিয়া কিউলিনেৰী এছ'চিয়েশ্যনৰ চেফ জুবেল বসুমতাৰী উপস্থিত থাকে। জ্যেষ্ঠ চেফ, কিউলিনেৰী শিক্ষাবিদ আৰু আগশাৰীৰ খাদ্য ব্লেণ্ড আৰু আতিথ্য প্ৰতিষ্ঠানৰ প্রতিনিধিও উপস্থিত থাকি উদ্যোগৰ শক্তিশালী সংযোগ আৰু আঞ্চলিক সহযোগিতাৰ ওপৰত আলোকপাত কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ