--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো বিষয়তে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰাতো যেন স্বভাৱত পৰিণত হৈছে বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ। কৃষকৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীক অপমান কৰালৈকে কি কৰা নাই কংগনাই! একপ্ৰকাৰ সকলোৰে বাবে মূৰৰ কামোৰণি হৈ পৰা কংগনাই পুনৰবাৰ বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছে। বলীউড অভিনেত্ৰীগৰাকীৰ এনে কৰ্মকাণ্ডক সমাজে সমালোচনাৰ দৃষ্টিৰে চালেও ডেমকেয়াৰ কংগনা! উল্লেখ্য যে, অতিশীঘ্ৰে অ'টিটি প্লেটফৰ্মত 'লক আপ' নামৰ এটা ৰিয়েলিটী শ্ব' আহি আছে। এই ৰিয়েলিটী শ্ব’টোত কংগনাক আয়োজক হিচাপে দেখিবলৈ পোৱা যাব। শুকুৰবাৰে ‘লক আপ’ৰ প্ৰথমটো টিজাৰ মুকলি হৈছিল। টিজাৰ মুকলিৰ পাছতে কংগনাৰ বিস্ফোৰণ। কংগনাই কয়, ‘পৃথিৱীত দুই প্ৰকাৰৰ মানুহ আছে। একাংশই মোক ভালপায়, আন একাংশ বি গ্ৰেড ষ্ট্ৰেগলাৰ আছে যিসকলে মোক গৰিহণা দি শিৰোনামত থাকিব বিচাৰে। যিসকলে মোক অপছন্দ কৰে তেওঁলোকে মোৰ কণ্ঠৰুদ্ধ কৰিবলৈ আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছিল। নেপটিজিমৰ ফৰ্মূলা কাৰ্যত কামত লগোৱাৰ চেষ্টা কৰি আহিছে তেওঁলোকে। মোৰ জীৱনটো ৰিয়েলিটী শ্ব'লৈ সলনি কৰি দিয়া হৈছে। কিন্তু এতিয়া সময় মোৰ!’ জানিবলৈ পোৱা মতে, ছলমান খানৰ 'বিগ বছ'ৰ আধাৰতে নিৰ্মাণ কৰা হৈছে ‘লক আপ’। এই অনুষ্ঠানটোত ১৬ জন বিতৰ্কিত চেলিব্ৰিটীক দেখিবলৈ পোৱা যাব বুলি সদৰী কৰিছে কংগনাই। অৱশ্যে, কংগনাৰ এই অনুষ্ঠানটোত কোনে অংশগ্ৰহণ কৰিব তাকে লৈ সামাজিক মাধ্যমত কৌতুহল অব্যাহত আছে। ‘লক আপ’ অনুষ্ঠানটোৰ প্ৰযোজনা একতা কাপুৰৰ। অনুষ্ঠানটো ২৭ ফেব্ৰুৱাৰীৰ পৰা অল্টবালাজী অ'টিটি প্লেটফৰ্মত সম্প্ৰচাৰিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ