--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো বিষয়তে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰাতো যেন স্বভাৱত পৰিণত হৈছে বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ। কৃষকৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীক অপমান কৰালৈকে কি কৰা নাই কংগনাই! একপ্ৰকাৰ সকলোৰে বাবে মূৰৰ কামোৰণি হৈ পৰা কংগনাই পুনৰবাৰ বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছে। বলীউড অভিনেত্ৰীগৰাকীৰ এনে কৰ্মকাণ্ডক সমাজে সমালোচনাৰ দৃষ্টিৰে চালেও ডেমকেয়াৰ কংগনা! উল্লেখ্য যে, অতিশীঘ্ৰে অ'টিটি প্লেটফৰ্মত 'লক আপ' নামৰ এটা ৰিয়েলিটী শ্ব' আহি আছে। এই ৰিয়েলিটী শ্ব’টোত কংগনাক আয়োজক হিচাপে দেখিবলৈ পোৱা যাব। শুকুৰবাৰে ‘লক আপ’ৰ প্ৰথমটো টিজাৰ মুকলি হৈছিল। টিজাৰ মুকলিৰ পাছতে কংগনাৰ বিস্ফোৰণ। কংগনাই কয়, ‘পৃথিৱীত দুই প্ৰকাৰৰ মানুহ আছে। একাংশই মোক ভালপায়, আন একাংশ বি গ্ৰেড ষ্ট্ৰেগলাৰ আছে যিসকলে মোক গৰিহণা দি শিৰোনামত থাকিব বিচাৰে। যিসকলে মোক অপছন্দ কৰে তেওঁলোকে মোৰ কণ্ঠৰুদ্ধ কৰিবলৈ আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছিল। নেপটিজিমৰ ফৰ্মূলা কাৰ্যত কামত লগোৱাৰ চেষ্টা কৰি আহিছে তেওঁলোকে। মোৰ জীৱনটো ৰিয়েলিটী শ্ব'লৈ সলনি কৰি দিয়া হৈছে। কিন্তু এতিয়া সময় মোৰ!’ জানিবলৈ পোৱা মতে, ছলমান খানৰ 'বিগ বছ'ৰ আধাৰতে নিৰ্মাণ কৰা হৈছে ‘লক আপ’। এই অনুষ্ঠানটোত ১৬ জন বিতৰ্কিত চেলিব্ৰিটীক দেখিবলৈ পোৱা যাব বুলি সদৰী কৰিছে কংগনাই। অৱশ্যে, কংগনাৰ এই অনুষ্ঠানটোত কোনে অংশগ্ৰহণ কৰিব তাকে লৈ সামাজিক মাধ্যমত কৌতুহল অব্যাহত আছে। ‘লক আপ’ অনুষ্ঠানটোৰ প্ৰযোজনা একতা কাপুৰৰ। অনুষ্ঠানটো ২৭ ফেব্ৰুৱাৰীৰ পৰা অল্টবালাজী অ'টিটি প্লেটফৰ্মত সম্প্ৰচাৰিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু