--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১৪ জুনক বিশ্ব ৰক্তদান দিৱস হিচাপে জনা যায়। ৰক্তদানক সমাজত মহাদান বুলিও কোৱা হয়। ৰক্তদান কৰি এজন ব্যক্তিয়ে আৰ্তজনৰ জীৱন ৰক্ষা কৰিব পাৰে। ৰক্তদান কৰি আপুনি কেৱল এজন আৰ্তজনৰ জীৱন ৰক্ষা কৰাই নহয়, ই আমাৰ শৰীৰতো ইতিবাচক প্ৰভাৱ পেলায়। ৰক্তদানৰ সন্দৰ্ভত এই প্ৰশ্নটো মানুহৰ মনত প্ৰায়ে আহে যে কেনে লোকে ৰক্তদান কৰিব পাৰে আৰু কেনে লোক ইয়াৰ বাবে যোগ্য নহয়। অৰ্থাৎ অতি কমসংখ্যক লোকেহে ৰক্তদানৰ নিয়মৰ বিষয়ে অৱগত। এই বিষয়ে জানো আহক

  কেনে লোকে তেজ দিব পাৰে?

* তেজদানেই হওক, প্লাজমা দানেই হওক বা প্লেটলেট দান কৰক, ইয়াৰ বাবে এজন ব্যক্তি সুস্থ হোৱা উচিত।

* ৰক্তদান কৰিবলৈ আপোনাৰ বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব।

ৰক্তদান কৰা ব্যক্তিজন কোনো ধৰণৰ গুৰুতৰ ৰোগ বা বিকাৰত ভুগি থকা হ’ব নালাগে। ইয়াৰ বাহিৰেও তেওঁৰ ওজন ৫০ কেজি (পুৰুষ) হ’ব লাগে।

* ৰক্তদান কৰিবলৈ হ’লে শৰীৰত কমেও ১২ গ্ৰাম হিম’গ্লবিন থকাটো প্ৰয়োজনীয়। একেদৰে প্লেটলেটৰ সংখ্যা ১.৫ লাখৰ ওপৰত হ’ব লাগে। এই কথা পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য

* যিসকল মহিলাই ৰক্তদান কৰিব বিচাৰে তেওঁলোকৰ ওজন ৪৫ কিলোগ্ৰামৰ ওপৰত হ’ব লাগে

 ৰক্তদানে শৰীৰক উপকাৰ দিয়ে-

১. ৰক্তদান কৰাৰ পাছত শৰীৰে অধিক সক্ৰিয় হ’বলৈ ধৰে। এই সময়ছোৱাত অধিক ৰক্তকণিকা গঠন হয়, যাৰ ফলত আমাৰ স্বাস্থ্যৰ উন্নতি হয়।

২. যদি কোনো ব্যক্তিয়ে নিয়মিতভাৱে ৰক্তদান কৰে তেন্তে শৰীৰত আইৰনৰ পৰিমাণ বৃদ্ধি নহয় আৰু কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৩. ৰক্তদান কৰিলে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ৰক্তদানে শৰীৰত আইৰনৰ ভাৰসাম্য ৰক্ষা কৰে, যাৰ ফলত আমাৰ হৃদযন্ত্ৰ ভালে থাকে।

 বছৰত কিমানবাৰ ৰক্তদান কৰিব পাৰিব?

প্ৰায়ে মানুহে ভাবে যে তেওঁলোকে জীৱনত এবাৰহে ৰক্তদান কৰিব পাৰিব, কিন্তু সেয়া নহয়। এজন সুস্থ ব্যক্তিয়ে বছৰত বা প্ৰতি ৩ মাহৰ ব্যৱধানত ৪বাৰপৰ্যন্ত ৰক্তদান কৰিব পাৰে।

 কোনে ৰক্তদান কৰিব নোৱাৰে-

* শাৰীৰিকভাৱে দুৰ্বল বা কোনো গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তিয়ে ৰক্তদান কৰিব নোৱাৰে।

* যদি আপুনি শেহতীয়াকৈ আপোনাৰ শৰীৰত টেটু কৰাইছে বা যিকোনো ধৰণৰ ভেকচিন লৈছে, তেন্তে আপুনি ৰক্তদান কৰিব নোৱাৰে।

* ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে ৰক্তদানৰ পৰা বিৰত থাকিব লাগে।

* যদি কোনো মহিলাই স্তনপান কৰাই আছে তেন্তে তেওঁ ৰক্তদান কৰিব নালাগে।

* ৬৫ বছৰৰ ওপৰৰ আৰু ১৮ বছৰৰ তলৰ লোকে ৰক্তদান কৰিব নালাগে।

* অত্যধিক পৰিমাণৰ মদ্যপান, ধূমপান কৰা লোকসকলেও ৰক্তদান পৰিহাৰ কৰিব লাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক