--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বছৰ বছৰ ধৰি মৌ বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰিতাৰ বাবে ফলপ্ৰসূ ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। সময়ৰ লগে লগে চিকিৎসা বিজ্ঞানেও ইয়াৰ উপকাৰিতা স্বীকাৰ কৰিছে। অধ্যয়নত দেখা গৈছে যে মৌত এন্টিডিপ্ৰেছন, এন্টিকনভালচেণ্ট আৰু এণ্টিঅক্সিডেন্ট গুণ আছে। ইয়াৰ উপৰি ডিঙিৰ বিষ নিৰাময় কৰা, ছাল-চুলি আৰু পাচনতন্ত্ৰৰ স্বাস্থ্যৰ উপকাৰিতাৰ লগতে ঘাঁ ভাল হোৱাত সহায় কৰা দেখা যায়। গৱেষকৰ মতে নিয়মীতভাৱে খাদ্য তালিকাত মৌ অন্তৰ্ভুক্ত কৰিব লাগে।

যিহেতু মৌ প্ৰাকৃতিকভাৱে মিঠা, গতিকে প্ৰশ্ন উত্থাপন হয় যে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে ইয়াক সেৱন কৰিব পাৰেনে?

 মধুমেহ ৰোগত মৌ সেৱন সম্পৰ্কে স্বাস্থ্য বিশেষজ্ঞসকলে কি কয় জানো আহক-

বিশেষজ্ঞসকলে ডায়েবেটিছ ৰোগীসকলক চেনিযুক্ত খাদ্য খাবলৈ পৰামৰ্শ প্ৰদান কৰে। আনহাতে, যদি আপুনি ইনচুলিন গ্ৰহণ কৰে তেন্তে প্ৰতিদিনে কাৰ্বহাইড্ৰেটৰ পৰিমাণৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজন। WebMDৰ ৰিপৰ্ট অনুসৰি গৱেষণাৰ পৰা দেখা গৈছে যে মৌৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব পাৰে। কিন্তু বহুতো খাদ্য আছে যিয়ে তেজত চেনি বৃদ্ধি নকৰাকৈ এই সুবিধাসমূহ প্ৰদান কৰে।

 ডায়েবেটিছ ৰোগীয়ে যিকোনো খাদ্য খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত-

গৱেষকসকলে কয় যে মৌৱে চেনি আৰু অন্যান্য মিঠাইৰ দৰেই আপোনাৰ তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, কিন্তু ইয়াত থকা এন্টিঅক্সিডেন্টে মেটাবলিক চিনড্ৰম আৰু টাইপ-২ ডায়েবেটিছৰ জটিলতাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। গৱেষকসকলৰ মতে মৌৱে এডিপ’নেক্টিন হৰম’নৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যিয়ে প্ৰদাহ হ্ৰাস কৰে আৰু তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। কিছুমান গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে দৈনিক মৌ সেৱন কৰিলে টাইপ-২ ডায়েবেটিছ ৰোগীৰ তেজৰ চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। 

হৃদৰোগ প্ৰতিৰোধত সহায় কৰে-

হৃদৰোগৰ আশংকা প্ৰতিৰোধৰ ক্ষেত্ৰতো মৌ অতি উপকাৰী। এটা পৰ্যালোচনামূলক অধ্যয়নত দেখা গৈছে যে মৌৱে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ইয়াৰ উপৰি তেজত থকা চৰ্বিৰ মাত্ৰাও বৃদ্ধি কৰে। এইদৰে হৃদস্পন্দন নিয়ন্ত্ৰণ কৰা, কোষবোৰক সুস্থ কৰি ৰখা আৰু হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বজাই ৰখাতো আপোনাৰ বাবে সহায়ক হ’ব পাৰে। সেয়েহে নিয়মিতভাৱে মৌ সেৱন কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উপকাৰ পোৱা যায়।

 শিশুক কাহৰ পৰা সকাহ দিয়ে-

শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ হোৱা শিশুৰ কাহ এটা সাধাৰণ সমস্যা। এই সমস্যাৰ বাবে মৌ ঘৰুৱা এক ফলপ্ৰসূ প্ৰতিকাৰ। বিশেষজ্ঞৰ দলটোৱে এই কথা জানিব পাৰিছে যে মৌৱে ডিঙিৰ বিষ হ্ৰাস কৰাত সহায় কৰে আৰু সংক্ৰমণৰ ফলত হোৱা সমস্যাৰ পৰাও উপশম দিয়ে। মৌ সেৱনে শিশুৰ স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণৰ উপকাৰ সাধন কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক