--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বছৰ বছৰ ধৰি মৌ বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰিতাৰ বাবে ফলপ্ৰসূ ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। সময়ৰ লগে লগে চিকিৎসা বিজ্ঞানেও ইয়াৰ উপকাৰিতা স্বীকাৰ কৰিছে। অধ্যয়নত দেখা গৈছে যে মৌত এন্টিডিপ্ৰেছন, এন্টিকনভালচেণ্ট আৰু এণ্টিঅক্সিডেন্ট গুণ আছে। ইয়াৰ উপৰি ডিঙিৰ বিষ নিৰাময় কৰা, ছাল-চুলি আৰু পাচনতন্ত্ৰৰ স্বাস্থ্যৰ উপকাৰিতাৰ লগতে ঘাঁ ভাল হোৱাত সহায় কৰা দেখা যায়। গৱেষকৰ মতে নিয়মীতভাৱে খাদ্য তালিকাত মৌ অন্তৰ্ভুক্ত কৰিব লাগে।

যিহেতু মৌ প্ৰাকৃতিকভাৱে মিঠা, গতিকে প্ৰশ্ন উত্থাপন হয় যে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে ইয়াক সেৱন কৰিব পাৰেনে?

 মধুমেহ ৰোগত মৌ সেৱন সম্পৰ্কে স্বাস্থ্য বিশেষজ্ঞসকলে কি কয় জানো আহক-

বিশেষজ্ঞসকলে ডায়েবেটিছ ৰোগীসকলক চেনিযুক্ত খাদ্য খাবলৈ পৰামৰ্শ প্ৰদান কৰে। আনহাতে, যদি আপুনি ইনচুলিন গ্ৰহণ কৰে তেন্তে প্ৰতিদিনে কাৰ্বহাইড্ৰেটৰ পৰিমাণৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজন। WebMDৰ ৰিপৰ্ট অনুসৰি গৱেষণাৰ পৰা দেখা গৈছে যে মৌৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব পাৰে। কিন্তু বহুতো খাদ্য আছে যিয়ে তেজত চেনি বৃদ্ধি নকৰাকৈ এই সুবিধাসমূহ প্ৰদান কৰে।

 ডায়েবেটিছ ৰোগীয়ে যিকোনো খাদ্য খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত-

গৱেষকসকলে কয় যে মৌৱে চেনি আৰু অন্যান্য মিঠাইৰ দৰেই আপোনাৰ তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, কিন্তু ইয়াত থকা এন্টিঅক্সিডেন্টে মেটাবলিক চিনড্ৰম আৰু টাইপ-২ ডায়েবেটিছৰ জটিলতাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। গৱেষকসকলৰ মতে মৌৱে এডিপ’নেক্টিন হৰম’নৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যিয়ে প্ৰদাহ হ্ৰাস কৰে আৰু তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। কিছুমান গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে দৈনিক মৌ সেৱন কৰিলে টাইপ-২ ডায়েবেটিছ ৰোগীৰ তেজৰ চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। 

হৃদৰোগ প্ৰতিৰোধত সহায় কৰে-

হৃদৰোগৰ আশংকা প্ৰতিৰোধৰ ক্ষেত্ৰতো মৌ অতি উপকাৰী। এটা পৰ্যালোচনামূলক অধ্যয়নত দেখা গৈছে যে মৌৱে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ইয়াৰ উপৰি তেজত থকা চৰ্বিৰ মাত্ৰাও বৃদ্ধি কৰে। এইদৰে হৃদস্পন্দন নিয়ন্ত্ৰণ কৰা, কোষবোৰক সুস্থ কৰি ৰখা আৰু হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বজাই ৰখাতো আপোনাৰ বাবে সহায়ক হ’ব পাৰে। সেয়েহে নিয়মিতভাৱে মৌ সেৱন কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উপকাৰ পোৱা যায়।

 শিশুক কাহৰ পৰা সকাহ দিয়ে-

শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ হোৱা শিশুৰ কাহ এটা সাধাৰণ সমস্যা। এই সমস্যাৰ বাবে মৌ ঘৰুৱা এক ফলপ্ৰসূ প্ৰতিকাৰ। বিশেষজ্ঞৰ দলটোৱে এই কথা জানিব পাৰিছে যে মৌৱে ডিঙিৰ বিষ হ্ৰাস কৰাত সহায় কৰে আৰু সংক্ৰমণৰ ফলত হোৱা সমস্যাৰ পৰাও উপশম দিয়ে। মৌ সেৱনে শিশুৰ স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণৰ উপকাৰ সাধন কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু