--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ বাবে এক সুখবৰ। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হ’ব পাৰে চৰাইদেউ মৈদামৰ নাম। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ পৰা একমাত্ৰ মনোনয়ন হ’ব চৰাইদেউ মৈদাম৷ আজি নিশাই ইউনেস্ক’লৈ আনুষ্ঠানিক প্ৰস্তাৱ পঠিওৱা হ’ব।

আজি জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদাম হ’ব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে শুকুৰবাৰে তেওঁক জনায়।

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ২০১৪ চনৰ পৰাই চেষ্টা অব্যাহত ৰাখিছিল বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বৰ্তমান দেশত প্ৰায় ৫২টা ঐতিহাসিক ক্ষেত্ৰ এই প্ৰতিযোগিতাত আছে। কিন্তু এখন সদস্য ৰাষ্ট্ৰই কেৱল এটা নামহে প্ৰেৰণ কৰিব পাৰে কাৰণে অসমৰ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত লৈছে চৰকাৰে।

উল্লেখ্য যে শিৱসাগৰৰ ওচৰৰ চৰাইদেউত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৩০ টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে। যোৰহাটত শেষ আহোম ৰজা পুৰন্দৰ সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ মূল অসমীয়া সেনাপতি লাচিত বৰফুকনৰ মৈদাম আছে।

মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আৰু ইংৰাজ শাসনকালত মোগল আৰু ইংৰাজে বহু মৈদামৰ ধন-সোণ লুটি নিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক