--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ বাবে এক সুখবৰ। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হ’ব পাৰে চৰাইদেউ মৈদামৰ নাম। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ পৰা একমাত্ৰ মনোনয়ন হ’ব চৰাইদেউ মৈদাম৷ আজি নিশাই ইউনেস্ক’লৈ আনুষ্ঠানিক প্ৰস্তাৱ পঠিওৱা হ’ব।

আজি জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদাম হ’ব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে শুকুৰবাৰে তেওঁক জনায়।

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ২০১৪ চনৰ পৰাই চেষ্টা অব্যাহত ৰাখিছিল বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বৰ্তমান দেশত প্ৰায় ৫২টা ঐতিহাসিক ক্ষেত্ৰ এই প্ৰতিযোগিতাত আছে। কিন্তু এখন সদস্য ৰাষ্ট্ৰই কেৱল এটা নামহে প্ৰেৰণ কৰিব পাৰে কাৰণে অসমৰ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত লৈছে চৰকাৰে।

উল্লেখ্য যে শিৱসাগৰৰ ওচৰৰ চৰাইদেউত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৩০ টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে। যোৰহাটত শেষ আহোম ৰজা পুৰন্দৰ সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ মূল অসমীয়া সেনাপতি লাচিত বৰফুকনৰ মৈদাম আছে।

মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আৰু ইংৰাজ শাসনকালত মোগল আৰু ইংৰাজে বহু মৈদামৰ ধন-সোণ লুটি নিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে