--°C
Loading...
Listen to Article
2 min read
80%

ৰায়পুৰ : বাতৰি কাকত, সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়া সকলোতে চৰ্চিত লাভ কৰিছে এটি ঘটনাই৷ এগৰাকী মুখ্যমন্ত্ৰীৰ পিতৃ জে’ললৈ যোৱা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মঙলবাৰে সংঘটিত হয় এই ঘটনাটো৷ তাৰপাছতেই সংবাদ মাধ্যমত এক লহৰৰ সৃষ্টি হয়৷ অভিযোগ অনুসৰি, বাহ্মণৰ ওপৰত কৰা আপত্তিজনক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হয় মুখ্যমন্ত্ৰীৰ পিতৃক৷ এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত৷ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃ নন্দকুমাৰ বাঘেলক অভিযোগৰ ভিত্তিত ৰায়পুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, তেওঁৰ বিৰুদ্ধে ব্ৰাহ্মণ সম্প্ৰদায়ৰ ওপৰত কৰা আপত্তিজনক মন্তব্য দিয়াৰ অভিযোগ উত্থাপিত হয়।

ঘটনাৰ সবিশেষ অনুসৰি, গ্ৰেপ্তাৰ হোৱাৰ পাছত ৰায়পুৰ আৰক্ষীয়ে নন্দকুমাৰ বাঘেলক আদালতলৈ লৈ গৈছিল৷ গোচৰটোৰ শুনানি দণ্ডাধীশ জনক কুমাৰ হিডকোৰৰ আদলত সম্পন্ন হয়৷ আদালতে নন্দকুমাৰক ১৫ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। আদালতে তেওঁক জামিন বিচাৰিবলৈ কৈছিল কিন্তু তেওঁ তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল যাৰ পাছত আদালতে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল।

নন্দকুমাৰ বাঘেলে ব্ৰাহ্মণসকলক বাহিৰৰ লোক বুলি বৰ্ণনা কৰিছিল৷ ফলত ক্ষুদ্ধ হৈ পৰে ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকল৷ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নিজেই তেওঁৰ পিতৃৰ বিৰুদ্ধে এখন এজাহাৰত কৈছিল যে, আইনখনে ইয়াৰ কাম কৰিব। দৰাচলতে, কেইদিনমান আগতে আয়োজিত এক অনুষ্ঠানত নন্দকুমাৰ বাঘেলে কৈছিল যে, ব্ৰাহ্মণসকল বিদেশী। তেওঁলোকক গংগাৰ পৰা ভলগালৈ পঠোৱা হ'ব।

তেওঁ আৰু কৈছিল যে, ব্ৰাহ্মণসকলে হয় উন্নতি কৰিব লাগে বা ভলগালৈ যাবলৈ সাজু হ'ব লাগে। ডিডি নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগিতা খাপৰ্ডে কৈছিল যে ব্ৰাহ্মণ সম্প্ৰদায়ে নন্দ কুমাৰ বাঘেলৰ বক্তব্যত আপত্তি জনাইছিল আৰু নন্দকুমাৰ বাঘেলৰ বিৰুদ্ধে সমাজত ঘৃণাভাৱ ৰখাৰ অভিযোগ উত্থাপন কৰি আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল ৷ যাৰফলত ডিডি নগৰ আৰক্ষী থানাত আইপিচিৰ ধাৰা ৫০৫ আৰু ১৫৩ৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা