--°C
Loading...
Listen to Article
2 min read
80%


কলকাতা : অধিক অৱনতি ঘটিছে পশ্চিমবংগৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ। শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণে উত্তপ্ত কৰি ৰখা পশ্চিমবংগত এইবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিকৃষ্টতাৰ সকলো সীমা চেৰাই এইবাৰ বিজেপি সাংসদৰ ঘৰত সংঘটিত হৈছে বোমা আক্ৰমণ।

বুধবাৰে পুৱা প্ৰায় ৬.৩০ বজাত ৰাজ্যখনৰ উত্তৰ ২৪ পৰগণা জিলাত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ অৰ্জুন সিঙৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ কৰে দুষ্কৃতিকাৰীয়ে। ঘটনাটোৰ সময়ত সাংসদজন দিল্লীত আছিল যদিও তেওঁৰ পৰিয়ালৰ সদস্যসকল জগতদলত অৱস্থিত ঘৰত আছিল। তেওঁৰ ঘৰলৈ লক্ষ্য কৰি তিনিটাকৈ বোমা নিক্ষেপ কৰা হয় বুলি জানিব পৰা গৈছে। সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰে আৰু একাধিক লোক আহত হোৱা বুলিও দাবী কৰিছে।

ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বংগ বিজেপিৰ মুৰব্বী দিলীপ ঘোষে আক্ৰমণকাৰী বংগৰ শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছৰ সমৰ্থক বুলি সন্দেহ কৰিছে। সমগ্ৰ ঘটনাক লৈ ৰাজ্যপাল জগদীপ ধনখৰে উদ্বেগ প্ৰকাশ কৰিছে। টুইটযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, সাংসদৰ বাসগৃহত আক্ৰমণ সংঘটিত হোৱাৰ ঘটনাই প্ৰমাণ কৰিছে যে বংগত অবাঞ্চিত হিংসাৰ অৱসান হোৱাৰ কোনো লক্ষণ নাই। উল্লেখ্য যে, ৰাজ্যখনত নিৰ্বাচনৰ পৰৱৰ্তী সময়ত হোৱা হিংসাই অতি শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। তৃণমূল-বিজেপি উভয়েই ব্যাপক সংঘাতত লিপ্ত হোৱাৰ ফলত পৰিস্থিতিৰ তীব্ৰ অৱনতি ঘটিছিল। চিবিআই-এ এই হিংসাৰ তদন্ত চলাই থকাৰ সময়তে পুনৰ বিক্ষিপ্তভাৱে সংঘটিত হৈ থকা এনে হিংসাত্মক ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু