--°C
Loading...
Listen to Article
2 min read
80%


কলকাতা : অধিক অৱনতি ঘটিছে পশ্চিমবংগৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ। শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণে উত্তপ্ত কৰি ৰখা পশ্চিমবংগত এইবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিকৃষ্টতাৰ সকলো সীমা চেৰাই এইবাৰ বিজেপি সাংসদৰ ঘৰত সংঘটিত হৈছে বোমা আক্ৰমণ।

বুধবাৰে পুৱা প্ৰায় ৬.৩০ বজাত ৰাজ্যখনৰ উত্তৰ ২৪ পৰগণা জিলাত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ অৰ্জুন সিঙৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ কৰে দুষ্কৃতিকাৰীয়ে। ঘটনাটোৰ সময়ত সাংসদজন দিল্লীত আছিল যদিও তেওঁৰ পৰিয়ালৰ সদস্যসকল জগতদলত অৱস্থিত ঘৰত আছিল। তেওঁৰ ঘৰলৈ লক্ষ্য কৰি তিনিটাকৈ বোমা নিক্ষেপ কৰা হয় বুলি জানিব পৰা গৈছে। সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰে আৰু একাধিক লোক আহত হোৱা বুলিও দাবী কৰিছে।

ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বংগ বিজেপিৰ মুৰব্বী দিলীপ ঘোষে আক্ৰমণকাৰী বংগৰ শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছৰ সমৰ্থক বুলি সন্দেহ কৰিছে। সমগ্ৰ ঘটনাক লৈ ৰাজ্যপাল জগদীপ ধনখৰে উদ্বেগ প্ৰকাশ কৰিছে। টুইটযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, সাংসদৰ বাসগৃহত আক্ৰমণ সংঘটিত হোৱাৰ ঘটনাই প্ৰমাণ কৰিছে যে বংগত অবাঞ্চিত হিংসাৰ অৱসান হোৱাৰ কোনো লক্ষণ নাই। উল্লেখ্য যে, ৰাজ্যখনত নিৰ্বাচনৰ পৰৱৰ্তী সময়ত হোৱা হিংসাই অতি শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। তৃণমূল-বিজেপি উভয়েই ব্যাপক সংঘাতত লিপ্ত হোৱাৰ ফলত পৰিস্থিতিৰ তীব্ৰ অৱনতি ঘটিছিল। চিবিআই-এ এই হিংসাৰ তদন্ত চলাই থকাৰ সময়তে পুনৰ বিক্ষিপ্তভাৱে সংঘটিত হৈ থকা এনে হিংসাত্মক ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ