--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা পাকিস্তানৰ কিছু অংশক জোকাৰি যায় শক্তিশালী ভূমিক্ম্পই৷ দেশ খনৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮ ৷ ভূমিকম্প ফলত আতংকৰ সৃষ্টি হয় আৰু  বহুলোকে  ঘৰ এৰি পলাই যোৱা বুলি জানিব পৰা গৈছে৷  পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ মতে ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ হিন্দুকুশ অঞ্চল৷

 ভূমিকম্পটোৰ ভূগৰ্ভৰ  ১৮০ কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। ভূমিকম্পত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যু ঘটাৰ খবৰ আহিছে৷  প্ৰাৰম্ভিক খবৰ অনুসৰি, ইছলামাবাদ, পেছাৱাৰ, চাৰচাদ্দা, লাহোৰ আৰু ৰাৱালপিণ্ডিকে ধৰি বিভিন্ন চহৰত কম্পন অনুভৱ কৰা হৈছিল। দূৰদৰ্শনৰ ফুটেজত আতংকিত নাগৰিকসকলক ৰাজপথত দৌৰি থকা  দেখা গৈছে৷ 

ইপিনে মঙলবাৰে নিশা প্ৰায় ১০.১৫ বজাত দিল্লী-এনচিআৰত  কম্পন অনুভৱ কৰা হয়। উত্তৰ প্ৰদেশ, পঞ্জাৱ, জম্মু - কাশ্মীৰ, উত্তৰাখণ্ড, বিহাৰতো কম্পন অনুভৱ কৰা হৈছিল। ভূমিক্ম্পৰ তীব্ৰতা ৬.৬  আছিল বুলি জানিব পৰা গৈছে। ইফালে ভূমিক্ম্পৰ পিছতে পাকিস্তানৰ স্বাস্থ্য মন্ত্ৰী আব্দুল কাদিৰ পেটেলৰ নিৰ্দেশত ইছলামাবাদৰ চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। 

পাকিস্তানৰ উপৰি আন্তৰ্জাতিক ভূকম্পন কেন্দ্ৰৰ মতে, ভাৰত, আফগানিস্তান, তুৰ্কমেনিস্তান, কাজাখস্তান, তাজিকিস্তান, উজবেকিস্তান, চীন আৰু কিৰগিজস্তানতো কম্পন অনুভৱ কৰা হৈছিল। যোৱা বছৰ জুন মাহত পাকিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্প হৈছিল৷ ফলত ১,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। ২০০৫ চনত দেশখনত হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্পত ৭৪,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস