--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা পাকিস্তানৰ কিছু অংশক জোকাৰি যায় শক্তিশালী ভূমিক্ম্পই৷ দেশ খনৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮ ৷ ভূমিকম্প ফলত আতংকৰ সৃষ্টি হয় আৰু  বহুলোকে  ঘৰ এৰি পলাই যোৱা বুলি জানিব পৰা গৈছে৷  পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ মতে ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ হিন্দুকুশ অঞ্চল৷

 ভূমিকম্পটোৰ ভূগৰ্ভৰ  ১৮০ কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। ভূমিকম্পত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যু ঘটাৰ খবৰ আহিছে৷  প্ৰাৰম্ভিক খবৰ অনুসৰি, ইছলামাবাদ, পেছাৱাৰ, চাৰচাদ্দা, লাহোৰ আৰু ৰাৱালপিণ্ডিকে ধৰি বিভিন্ন চহৰত কম্পন অনুভৱ কৰা হৈছিল। দূৰদৰ্শনৰ ফুটেজত আতংকিত নাগৰিকসকলক ৰাজপথত দৌৰি থকা  দেখা গৈছে৷ 

ইপিনে মঙলবাৰে নিশা প্ৰায় ১০.১৫ বজাত দিল্লী-এনচিআৰত  কম্পন অনুভৱ কৰা হয়। উত্তৰ প্ৰদেশ, পঞ্জাৱ, জম্মু - কাশ্মীৰ, উত্তৰাখণ্ড, বিহাৰতো কম্পন অনুভৱ কৰা হৈছিল। ভূমিক্ম্পৰ তীব্ৰতা ৬.৬  আছিল বুলি জানিব পৰা গৈছে। ইফালে ভূমিক্ম্পৰ পিছতে পাকিস্তানৰ স্বাস্থ্য মন্ত্ৰী আব্দুল কাদিৰ পেটেলৰ নিৰ্দেশত ইছলামাবাদৰ চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। 

পাকিস্তানৰ উপৰি আন্তৰ্জাতিক ভূকম্পন কেন্দ্ৰৰ মতে, ভাৰত, আফগানিস্তান, তুৰ্কমেনিস্তান, কাজাখস্তান, তাজিকিস্তান, উজবেকিস্তান, চীন আৰু কিৰগিজস্তানতো কম্পন অনুভৱ কৰা হৈছিল। যোৱা বছৰ জুন মাহত পাকিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্প হৈছিল৷ ফলত ১,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। ২০০৫ চনত দেশখনত হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্পত ৭৪,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা