--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিকালি মানুহে নিজকে ভাগৰুৱা আৰু বৃদ্ধ বুলি ভাবিবলৈ আৰম্ভ কৰে ৫০ বছৰৰ পিছতহে। একে সময়তে বহু অবিবাহিত লোকে ৪০-৪৫ বছৰৰ পাছত বিবাহৰ আশা এৰিবলৈ আৰম্ভ কৰে, কিন্তু কিছুমান মানুহ আছে যিয়ে ৬০-৭০-৮০ আৰু ৯০ বছৰৰ পাছতো বিবাহ পাশত আবদ্ধ হয়। এতিয়া খবৰ ওলাইছে মিডিয়া মোগল ৰূপাৰ্ট মাৰ্ডকৰ। তেওঁ ৯২ বছৰ বয়সত পঞ্চম বিবাহৰ কথা ঘোষণা কৰি তেওঁ সকলোকে আচৰিত কৰি তুলিছে।

মডেল তথা অভিনেত্ৰী জেৰী হলৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ এবছৰ নৌহওঁতেই ৯২ বছৰীয়া অষ্ট্ৰেলিয়ান-আমেৰিকান মিডিয়া মোগল ৰূপাৰ্ট মাৰ্ডকে পঞ্চম বিবাহৰ কথা ঘোষণা কৰিছে। ‘ভেৰাইটি’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি তেওঁ ৬৬ বছৰীয়া ছান ফ্ৰান্সিস্কো আৰক্ষীৰ চেপলিন এন লেছলি স্মিথৰ সৈতে বিয়াৰ আয়োজন কৰিছে।

গছিপ লেখিকা চিণ্ডী এডামছৰ উদ্ধৃতি দি ভেৰাইটিয়ে লিখিছে যে মাৰ্ডকৰ ভৱিষ্যত পত্নীৰ বিবাহ পশ্চিমীয়া গায়ক তথা ৰেডিঅ’-টিভিৰ পেছাদাৰী চেষ্টাৰ স্মিথৰ সৈতে হৈছিল আৰু তেওঁৰ ২০০৮ চনত মৃত্যু হৈছিল। প্ৰতিবেদন অনুসৰি, দুয়োজনেই সংবাদ মাধ্যমৰ ব্যৱসায়ৰ সৈতে জড়িত। গতিকে ‘ভেৰাইটি’ৰ মতে ৰূপাৰ্ট মাৰ্ডকে যদি বিবাহ পাশত আবদ্ধ হয় তেন্তে সেয়া হ’ব মাৰ্ডকৰ পঞ্চমখন বিবাহ। ইয়াৰ পূৰ্বে মডেল তথা অভিনেত্ৰী জেৰী হল মাৰ্ডকৰ সৈতে ৬ বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ আছিল। হলৰ উপৰিও মাৰ্ডকে ইয়াৰ পূৰ্বে ১৯৯৯ চনৰ পৰা ২০১৩ চনলৈকে ৱেণ্ডী ডেঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৯৬৭ চনৰ পৰা ১৯৯৯ চনলৈকে আন্না মাৰিয়া টৰ্ভ আৰু ১৯৫৬ চনৰ পৰা ১৯৬৭ চনলৈকে তেওঁৰ পত্নী পেট্ৰিচিয়া বুকাৰ।

তাৎপৰ্যপূৰ্ণভাৱে মাৰ্ডক ফক্স কৰ্পৰেশ্যনৰ অধ্যক্ষ। তেওঁৰ কোম্পানীয়ে বিশ্বজুৰি মিডিয়া ব্যৱসায় কৰে। এই কোম্পানীটোৱে ফক্স ব্ৰডকাষ্টিং, ফক্স স্প’ৰ্টছ, ফক্স বিজনেছ আৰু ফক্স নিউজ নিয়ন্ত্ৰণ কৰে। নিউজ কৰ্পৰেশ্যনৰ মুৰব্বী হিচাপে তেওঁ প্ৰকাশন প্ৰতিষ্ঠান হাৰ্পাৰকলিন্সৰ উপৰিও ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’, ‘দ্য ছান’ আৰু ‘নিউয়ৰ্ক পোষ্ট’ৰ মালিক। ভাৰততো তেওঁ দীৰ্ঘদিন ধৰি ষ্টাৰ নিউজ নামৰ এটা নিউজ চেনেলৰ মালিক। পিছলৈ এই কোম্পানীয়ে নিজৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব ভাৰতীয় মিডিয়া কোম্পানী আনন্দ বজাৰ পত্ৰিকাক বিক্ৰী কৰে।

ৰূপাৰ্ট মাৰ্ডকৰ বিয়াৰ খবৰ আহিছে যেতিয়া মাৰ্ডকে ডমিনিয়ন ভোটিঙৰ দ্বাৰা ফক্স নিউজৰ বিৰুদ্ধে ১.৬ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰৰ সন্মুখীন হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা