--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিকালি মানুহে নিজকে ভাগৰুৱা আৰু বৃদ্ধ বুলি ভাবিবলৈ আৰম্ভ কৰে ৫০ বছৰৰ পিছতহে। একে সময়তে বহু অবিবাহিত লোকে ৪০-৪৫ বছৰৰ পাছত বিবাহৰ আশা এৰিবলৈ আৰম্ভ কৰে, কিন্তু কিছুমান মানুহ আছে যিয়ে ৬০-৭০-৮০ আৰু ৯০ বছৰৰ পাছতো বিবাহ পাশত আবদ্ধ হয়। এতিয়া খবৰ ওলাইছে মিডিয়া মোগল ৰূপাৰ্ট মাৰ্ডকৰ। তেওঁ ৯২ বছৰ বয়সত পঞ্চম বিবাহৰ কথা ঘোষণা কৰি তেওঁ সকলোকে আচৰিত কৰি তুলিছে।

মডেল তথা অভিনেত্ৰী জেৰী হলৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ এবছৰ নৌহওঁতেই ৯২ বছৰীয়া অষ্ট্ৰেলিয়ান-আমেৰিকান মিডিয়া মোগল ৰূপাৰ্ট মাৰ্ডকে পঞ্চম বিবাহৰ কথা ঘোষণা কৰিছে। ‘ভেৰাইটি’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি তেওঁ ৬৬ বছৰীয়া ছান ফ্ৰান্সিস্কো আৰক্ষীৰ চেপলিন এন লেছলি স্মিথৰ সৈতে বিয়াৰ আয়োজন কৰিছে।

গছিপ লেখিকা চিণ্ডী এডামছৰ উদ্ধৃতি দি ভেৰাইটিয়ে লিখিছে যে মাৰ্ডকৰ ভৱিষ্যত পত্নীৰ বিবাহ পশ্চিমীয়া গায়ক তথা ৰেডিঅ’-টিভিৰ পেছাদাৰী চেষ্টাৰ স্মিথৰ সৈতে হৈছিল আৰু তেওঁৰ ২০০৮ চনত মৃত্যু হৈছিল। প্ৰতিবেদন অনুসৰি, দুয়োজনেই সংবাদ মাধ্যমৰ ব্যৱসায়ৰ সৈতে জড়িত। গতিকে ‘ভেৰাইটি’ৰ মতে ৰূপাৰ্ট মাৰ্ডকে যদি বিবাহ পাশত আবদ্ধ হয় তেন্তে সেয়া হ’ব মাৰ্ডকৰ পঞ্চমখন বিবাহ। ইয়াৰ পূৰ্বে মডেল তথা অভিনেত্ৰী জেৰী হল মাৰ্ডকৰ সৈতে ৬ বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ আছিল। হলৰ উপৰিও মাৰ্ডকে ইয়াৰ পূৰ্বে ১৯৯৯ চনৰ পৰা ২০১৩ চনলৈকে ৱেণ্ডী ডেঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৯৬৭ চনৰ পৰা ১৯৯৯ চনলৈকে আন্না মাৰিয়া টৰ্ভ আৰু ১৯৫৬ চনৰ পৰা ১৯৬৭ চনলৈকে তেওঁৰ পত্নী পেট্ৰিচিয়া বুকাৰ।

তাৎপৰ্যপূৰ্ণভাৱে মাৰ্ডক ফক্স কৰ্পৰেশ্যনৰ অধ্যক্ষ। তেওঁৰ কোম্পানীয়ে বিশ্বজুৰি মিডিয়া ব্যৱসায় কৰে। এই কোম্পানীটোৱে ফক্স ব্ৰডকাষ্টিং, ফক্স স্প’ৰ্টছ, ফক্স বিজনেছ আৰু ফক্স নিউজ নিয়ন্ত্ৰণ কৰে। নিউজ কৰ্পৰেশ্যনৰ মুৰব্বী হিচাপে তেওঁ প্ৰকাশন প্ৰতিষ্ঠান হাৰ্পাৰকলিন্সৰ উপৰিও ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’, ‘দ্য ছান’ আৰু ‘নিউয়ৰ্ক পোষ্ট’ৰ মালিক। ভাৰততো তেওঁ দীৰ্ঘদিন ধৰি ষ্টাৰ নিউজ নামৰ এটা নিউজ চেনেলৰ মালিক। পিছলৈ এই কোম্পানীয়ে নিজৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব ভাৰতীয় মিডিয়া কোম্পানী আনন্দ বজাৰ পত্ৰিকাক বিক্ৰী কৰে।

ৰূপাৰ্ট মাৰ্ডকৰ বিয়াৰ খবৰ আহিছে যেতিয়া মাৰ্ডকে ডমিনিয়ন ভোটিঙৰ দ্বাৰা ফক্স নিউজৰ বিৰুদ্ধে ১.৬ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰৰ সন্মুখীন হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস