--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বহু কেইগৰাকী শিক্ষাৰ্থী৷ শিক্ষাৰ্থীসকলে স্কুল বাছেৰে ঘৰলৈ উভতি আহিছিল। কিন্তু হঠাতে অসুস্থ হৈ পৰা চালকজনে বাছখন চলাই থকা অৱস্থাতে জ্ঞান হেৰুৱাই পেলায়। সেই মুহূৰ্ততো বাছ খন চলি গৈয়েই আছিল৷ বাছখনৰ সন্মুখৰ চিটত বহি থকা সপ্তম শ্ৰেণীৰ ডিলন ৰিভছ নামৰ ছাত্ৰ জনে  এই কথা লক্ষ্য কৰিছিল আৰু  বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বেই তেওঁ  ষ্টিয়েৰিং হুইলটো ধৰিছিল। আৰু বাছখনৰ ইঞ্জিনটো বন্ধ কৰি দিছিল।ফলত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বাছ খনত থকা ছাত্ৰ-ছাত্ৰীসকল৷

ঘটনাটো ঘটিছে আমেৰিকাৰ  মিচিগানত ৷ বাছখনৰ আন শিক্ষাৰ্থীসকলে চালকজনে জ্ঞান হেৰুওৱাৰ বিষয়ে জানিব পাৰি  কান্দিবলৈ ধৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  দৃশ্যটো প্ৰত্যক্ষ কৰাৰ পিছত ৰিভছে  দৌৰি গৈ বাছখনৰ ষ্টিয়েৰিং হুইলটো ধৰিছিল৷  তেওঁ ব্ৰেক মাৰি বাছখন ৰখাই দিছিল। তাৰ পিছত তেওঁ ইঞ্জিনটো বন্ধ কৰিছিল৷

ইয়াৰ পিছতে ৰিভছে ৯১১ লৈ ফোন কৰি ঘটনাটোৰ বিষয়ে জনাইছিল। চালকজনক  উদ্ধাৰ কৰা হৈছিল আৰু এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বাছখনৰ ভিতৰত ৬৬ জন শিক্ষাৰ্থী আছিল। আৰক্ষী বিষয়া ৰবাৰ্ট লিভাৰনোইছে কয়, "যদি সপ্তম শ্ৰেণীৰ ছাত্ৰজনে ষ্টিয়েৰিং নধৰিলেহেঁতেন তেন্তে এটা ডাঙৰ দুৰ্ঘটনা ঘটাৰ আশংকা আছিল।" সকলোৱে এতিয়া  ৰিভছৰ সাহসিকতাৰ  প্ৰশংসা কৰিছে। আৰক্ষীয়েও ৰিভছৰ সাহসিকতাৰ প্ৰশংসা কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব