--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বহু কেইগৰাকী শিক্ষাৰ্থী৷ শিক্ষাৰ্থীসকলে স্কুল বাছেৰে ঘৰলৈ উভতি আহিছিল। কিন্তু হঠাতে অসুস্থ হৈ পৰা চালকজনে বাছখন চলাই থকা অৱস্থাতে জ্ঞান হেৰুৱাই পেলায়। সেই মুহূৰ্ততো বাছ খন চলি গৈয়েই আছিল৷ বাছখনৰ সন্মুখৰ চিটত বহি থকা সপ্তম শ্ৰেণীৰ ডিলন ৰিভছ নামৰ ছাত্ৰ জনে  এই কথা লক্ষ্য কৰিছিল আৰু  বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বেই তেওঁ  ষ্টিয়েৰিং হুইলটো ধৰিছিল। আৰু বাছখনৰ ইঞ্জিনটো বন্ধ কৰি দিছিল।ফলত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বাছ খনত থকা ছাত্ৰ-ছাত্ৰীসকল৷

ঘটনাটো ঘটিছে আমেৰিকাৰ  মিচিগানত ৷ বাছখনৰ আন শিক্ষাৰ্থীসকলে চালকজনে জ্ঞান হেৰুওৱাৰ বিষয়ে জানিব পাৰি  কান্দিবলৈ ধৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  দৃশ্যটো প্ৰত্যক্ষ কৰাৰ পিছত ৰিভছে  দৌৰি গৈ বাছখনৰ ষ্টিয়েৰিং হুইলটো ধৰিছিল৷  তেওঁ ব্ৰেক মাৰি বাছখন ৰখাই দিছিল। তাৰ পিছত তেওঁ ইঞ্জিনটো বন্ধ কৰিছিল৷

ইয়াৰ পিছতে ৰিভছে ৯১১ লৈ ফোন কৰি ঘটনাটোৰ বিষয়ে জনাইছিল। চালকজনক  উদ্ধাৰ কৰা হৈছিল আৰু এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বাছখনৰ ভিতৰত ৬৬ জন শিক্ষাৰ্থী আছিল। আৰক্ষী বিষয়া ৰবাৰ্ট লিভাৰনোইছে কয়, "যদি সপ্তম শ্ৰেণীৰ ছাত্ৰজনে ষ্টিয়েৰিং নধৰিলেহেঁতেন তেন্তে এটা ডাঙৰ দুৰ্ঘটনা ঘটাৰ আশংকা আছিল।" সকলোৱে এতিয়া  ৰিভছৰ সাহসিকতাৰ  প্ৰশংসা কৰিছে। আৰক্ষীয়েও ৰিভছৰ সাহসিকতাৰ প্ৰশংসা কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস