--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৃহযুদ্ধত বিধ্বস্ত ছুডানত আজিও অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে অপাৰেচন কাৱেৰীৰ অধীনত চুদানত আৱদ্ধ হৈ থকা প্ৰায় ১৩৫ জন লোককলৈ  বায়ুসেনাৰ এখন বিমানেৰে ছুডানৰ পৰা আজি  চৌদি আৰৱৰ জেদ্দালৈ উৰা মাৰিছে। ইয়াৰ উপৰি আজি মুঠ ৭৫৪ গৰাকী ভাৰতীয়ক  দেশলৈ ওভতাই অনা হ’ব। 

চুদানৰ সেনাই দেশ খনত যুদ্ধবিৰতি আৰু তিনি দিনৰ বাবে বৃদ্ধি কৰিছে। অৱশ্যে যুদ্ধবিৰতি ঘোষণা কৰা  স্বত্বেও দেশ খনৰ পশ্চিম অংশ আৰু ৰাজধানী খাৰ্তুমৰ দাৰ্ফুৰৰ কিছু অংশত গুলীবৰ্ষণ কৰাৰ  খবৰ পোৱা গৈছে। উল্লেখ্য পূৰ্বে যুদ্ধত লিপ্ত  দুয়োপক্ষই ঘোষণা কৰা যুদ্ধবিৰতি আজি সমাপ্ত হ’বলগীয়া আছিল যদিও পুনৰ তিনি দিনৰ বাবে সেয়া বৃদ্ধি কৰা হৈছে। অৰ্ধসামৰিক বাহিনীয়েও প্ৰথমবাৰৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে  কৈছে  যে অপাৰেচন কাৱেৰীৰ অধীনত চুদানত আৱদ্ধ হৈ থকা ১৩৫ জন লোকক আইএএফৰ এখন বিমানেৰে  চৌদি আৰৱৰ জেদ্দালৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে টুইটত  কয় যে ৩৯২ গৰাকী ভাৰতীয়  আইএএফৰ চি-১৭ বিমানেৰে নতুন দিল্লীত উপস্থিত হৈছে। 

বাকী ৩৬২ জন বাংগালুৰুত উপস্থিত হৈছে। চুদানত আৱদ্ধ হৈ থকা মুঠ ১,৩৬০ জন লোক এতিয়ালৈকে ভাৰতলৈ  উভতি আহিছে।এনে  উদ্ধাৰ অভিযানৰ মাজতে খাৰ্তুমৰ পৰা অলপ দূৰত অৱস্থিত  ৱাদি চিদনা বিমানবন্দৰত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।  চুদানৰ সামৰিক বাহিনীয়ে বিৰোধী পেৰামিলিটাৰী বাহিনীক এই গুলীচালনাৰ বাবে দোষাৰোপ কৰিছে। তুৰ্কীৰ বৈদেশিক মন্ত্ৰীয়েও আক্ৰমণটোৰ কথা  নিশ্চিত কৰিছে। অৱশ্যে, আক্ৰমণটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস