--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৃহযুদ্ধত বিধ্বস্ত ছুডানত আজিও অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে অপাৰেচন কাৱেৰীৰ অধীনত চুদানত আৱদ্ধ হৈ থকা প্ৰায় ১৩৫ জন লোককলৈ  বায়ুসেনাৰ এখন বিমানেৰে ছুডানৰ পৰা আজি  চৌদি আৰৱৰ জেদ্দালৈ উৰা মাৰিছে। ইয়াৰ উপৰি আজি মুঠ ৭৫৪ গৰাকী ভাৰতীয়ক  দেশলৈ ওভতাই অনা হ’ব। 

চুদানৰ সেনাই দেশ খনত যুদ্ধবিৰতি আৰু তিনি দিনৰ বাবে বৃদ্ধি কৰিছে। অৱশ্যে যুদ্ধবিৰতি ঘোষণা কৰা  স্বত্বেও দেশ খনৰ পশ্চিম অংশ আৰু ৰাজধানী খাৰ্তুমৰ দাৰ্ফুৰৰ কিছু অংশত গুলীবৰ্ষণ কৰাৰ  খবৰ পোৱা গৈছে। উল্লেখ্য পূৰ্বে যুদ্ধত লিপ্ত  দুয়োপক্ষই ঘোষণা কৰা যুদ্ধবিৰতি আজি সমাপ্ত হ’বলগীয়া আছিল যদিও পুনৰ তিনি দিনৰ বাবে সেয়া বৃদ্ধি কৰা হৈছে। অৰ্ধসামৰিক বাহিনীয়েও প্ৰথমবাৰৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে  কৈছে  যে অপাৰেচন কাৱেৰীৰ অধীনত চুদানত আৱদ্ধ হৈ থকা ১৩৫ জন লোকক আইএএফৰ এখন বিমানেৰে  চৌদি আৰৱৰ জেদ্দালৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে টুইটত  কয় যে ৩৯২ গৰাকী ভাৰতীয়  আইএএফৰ চি-১৭ বিমানেৰে নতুন দিল্লীত উপস্থিত হৈছে। 

বাকী ৩৬২ জন বাংগালুৰুত উপস্থিত হৈছে। চুদানত আৱদ্ধ হৈ থকা মুঠ ১,৩৬০ জন লোক এতিয়ালৈকে ভাৰতলৈ  উভতি আহিছে।এনে  উদ্ধাৰ অভিযানৰ মাজতে খাৰ্তুমৰ পৰা অলপ দূৰত অৱস্থিত  ৱাদি চিদনা বিমানবন্দৰত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।  চুদানৰ সামৰিক বাহিনীয়ে বিৰোধী পেৰামিলিটাৰী বাহিনীক এই গুলীচালনাৰ বাবে দোষাৰোপ কৰিছে। তুৰ্কীৰ বৈদেশিক মন্ত্ৰীয়েও আক্ৰমণটোৰ কথা  নিশ্চিত কৰিছে। অৱশ্যে, আক্ৰমণটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ