--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেতিয়াবা আপুনিও ভাবিছেনে যে স্কুল বাছৰ ৰং হালধীয়া কিয় হয়? ইয়াৰ বৈজ্ঞানিক কাৰণ কি? যদি ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ হয়, প্ৰথমে আমি জানিব লাগিব কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ হৈছিল।

 * স্কুল বাছৰ ৰং কেৱল হালধীয়া কিয়?

How Stuff Works নামৰ এটা ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ পৰাই প্ৰথমে হালধীয়া ৰঙৰ স্কুল বাছ আৰম্ভ হৈছিল। ইয়াত কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা শিক্ষকসকলে একেলগে ১৯৩০ চনত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিশ্ববিদ্যালয়ৰ অধ্যাপক ফ্ৰেংক চাইৰে এই বিষয়ত গৱেষণা আৰম্ভ কৰিছিল আৰু স্কুল পৰিবহণৰ সৈতে জড়িত গৱেষণাত তেওঁ নিউয়ৰ্ক টাইমছৰ এক সাক্ষাৎকাৰত কয় যে সেই সময়ত স্কুলৰ বাহনৰ কোনো নিয়ম-কানুন নাছিল, তাৰ পাছত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে এখন বৈঠক আহ্বান কৰা হৈছিল আৰু প্ৰশ্ন উত্থাপন হৈছিল যে স্কুল বাছৰ ৰং কি হ’ব?

 আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অনুষ্ঠিত গৱেষণাৰ বৈঠকত আমেৰিকাৰ বাছ নিৰ্মাণ কৰা কোম্পানী, উচ্চ শিক্ষিত শিক্ষক, পৰিবহণ বিষয়া আৰু অভিযন্তাসকলে অংশগ্ৰহণ কৰে। সকলোৱে উপস্থিতিত আলোচনা হয় যে বাছৰ ৰং কি হোৱা উচিত। সভাত এখন দেৱালত কেইবাটাও ৰং আঁৰি দিয়া হয় আৰু ইয়াৰ মাজৰ পৰা এটা ৰং বাছনি কৰিবলৈ কোৱা হয়। সকলোৱে একগোট হৈ এই সিদ্ধান্তত উপনীত হ’ল যে হালধীয়া আৰু কমলা ৰঙৰ ৰং বেছি দূৰৰ পৰা দেখা যায়। তাৰ ভিতৰত হালধীয়া ৰঙটো বাচনি কৰা হৈছিল, তেতিয়াৰে পৰা স্কুল বাছৰ ৰং হালধীয়া কৰা হৈছিল।

* বৈজ্ঞানিক কাৰণটো কি?

এই সকলোবোৰৰ পাছতো ইয়াৰ বৈজ্ঞানিক কাৰণ কি জানো আহক। বিজ্ঞানীসকলৰ মতে হালধীয়া ৰং চকুত সহজে ধৰা দিয়ে। এই হালধীয়া ৰঙটো দৃশ্যমানতা বৰ্ণালীৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ চকুত এটা কোষ থাকে যাক ফটোৰিচেপ্টৰ বোলা হয়। ইয়াক শঙ্কু বুলিও কোৱা হয় আৰু মানুহৰ চকুত শঙ্কু তিনি প্ৰকাৰৰ থাকে। প্ৰথমটো ৰঙৰ শঙ্কুটো ৰঙা, দ্বিতীয়টো সেউজীয়া আৰু তৃতীয়টো নীলা। এই কাৰণেই চকুত হালধীয়া ৰঙটোৱে উজ্জ্বলকৈ ধৰা দিয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ