--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাঙৰ পৰ্দাৰ পৰা সৰু পৰ্দালৈ - ২০২৩ চনত বলীউডৰ বহু তাৰকাই জীৱনৰ পৰা বিদায় মাগিলে। তালিকাত কোন কোন আছে? এবাৰ চাওঁ আহক।

'মিষ্টাৰ ইণ্ডিয়া' ছবিত কেলেণ্ডাৰৰ চৰিত্ৰত অভিনয় কৰি সতীশ কৌশিক জনপ্ৰিয় হৈ পৰিছিল। ‘দীৱানা মস্তানা’, ‘ৰাম লক্ষ্মণ’, ‘সাজন চলি সসুৰাল’, ‘হুম আপকে দিল মেই ৰাহতে হায়’ আদি কেইবাখনো হিন্দী ছবিত কমেডিয়ান হিচাপে অভিনয় কৰিছিল। অভিনয়ৰ উপৰিও সতীশক পৰিচালনাও দেখা যায়। চলিত বৰ্ষৰ ৯ মাৰ্চত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

প্ৰাক্তন ক্ৰিকেটাৰ চেলিম দুৰানীয়ে এইবাৰ ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ ২৯খন টেষ্ট মেচত ৭৫টা উইকেট দখল কৰে। ক্ৰিকেটৰ উপৰিও চেলিমক অভিনয় কৰা দেখা গৈছে। ১৯৭৩ চনত মুক্তি পোৱা ‘চৰিত্ৰা’ ছবিৰে বলীউডত ভৰি দিছিল চেলিমে। এই ছবিখনত তেওঁ বলী অভিনেত্ৰী পাৰবীন ববিৰ সৈতে অভিনয় কৰিছিল।

জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰা। ২০১২ চনত যশৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ প্ৰায় এদশক পিছত পামেলাই শেষ উশাহ লৈছিল। বাৰ্ধক্যৰ বাবে চলিত বৰ্ষৰ ২০ এপ্ৰিলত ৭৪ বছৰ বয়সত পামেলাৰ মৃত্যু হয়।

সঞ্জয় গাদ্বী আছিল বলীউডৰ অন্যতম পৰিচালক। তেখেতে ‘তেৰে লিয়ে’, ‘ধূম’, ‘মেৰে ইয়াৰ কি ছাদি হায়’, ‘কিডনেপ’ আদি কেইবাখনো হিন্দী ছবি পৰিচালনাৰ দায়িত্ব লৈছিল। চলিত বৰ্ষৰ ১৯ নৱেম্বৰত ৫৮ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ সঞ্জয়ৰ মৃত্যু হয়।

প্ৰকৃত নাম নঈম চৈয়দ। অৱশ্যে পেছাৰ ক্ষেত্ৰত জুনিয়ৰ মেহমুদ নামেৰে তেওঁ বেছি পৰিচিত আছিল। অভিনয়ৰ লগতে তেওঁ পৰিচালনা আৰু প্ৰযোজনাৰ সৈতেও জড়িত আছিল। জুনিয়ৰ মেহমুদ দীৰ্ঘদিন ধৰি পেটৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। চলিত বৰ্ষৰ ৮ ডিচেম্বৰত অসুস্থতাৰ বাবে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল ৬৭ বছৰ।

বিখ্যাত কলা পৰিচালক আছিল নীতিন চন্দ্ৰকান্ত দেশাই। চলিত বৰ্ষৰ ২ আগষ্টত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত নীতিনৰ বয়স আছিল ৫৮ বছৰ। বলিপাৰাৰ সূত্ৰ অনুসৰি তেওঁ আত্মহত্যা বাছি লৈছিল। ‘লোগান’, ‘হুম দিল দে চুকে সনাম’, ‘দেৱদাস’, ‘যোধা আকবৰ’ আদি হিন্দী ছবিৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল।

২০০৫ চনত মুক্তি পোৱা ‘পৰিনীতা’ ছবি পৰিচালনা কৰি প্ৰদীপ সৰকাৰে জনপ্ৰিয়তা লাভ কৰিছিল। ‘লগা চুনাৰী মেইন দাগ’, ‘হেলিকপ্টাৰ ইলা’, ‘লাফাংগে পৰিন্দে’ আৰু ‘মৰ্দানী’ আদি ছবি পৰিচালনা কৰিছিল। চলিত বৰ্ষৰ ২৪ মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰদীপে। অসুস্থতাৰ বাবে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ।

১৯৮৮ চনৰ পৰা সম্প্ৰচাৰিত ‘মহাভাৰত’ ধাৰাবাহিকখনত শকুনিৰ চৰিত্ৰত অভিনয় কৰি গুফী পেন্টালে জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ প্ৰকৃত নাম সৰবজিৎ সিং পেন্টাল ৱালিয়া। ‘মহাভাৰত’ৰ উপৰিও গুফীয়ে ‘আকবৰ বীৰবল’, ‘কানুন’, ‘সৌদা’, ‘চি আই ডি’ আদি হিন্দী ধাৰাবাহিকত অভিনয় কৰিছিল। ‘দিল্লাগী’, ‘টুফন’, ‘সুহাগ’, ‘দেশ পৰদেশ’ আদি কেইবাখনো হিন্দী ছবিত অভিনয় কৰা দেখা যায়। অসুস্থতাৰ বাবে চলিত বৰ্ষৰ ৫ জুনত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল ৭৮ বছৰ।

চলিত বৰ্ষৰ ৪ জুনত বালি অভিনেত্ৰী সুলোচনা লটকাৰৰ মৃত্যু হয়। ১৯৫০ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত ২৫০ খন হিন্দী ছবি আৰু ৫০ খন মাৰাঠী ছবিতো অভিনয় কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক