--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আছিল ঈশা কোপ্পিকাৰ। ঈশাই বহু ব্লকবাষ্টাৰ ছবি দিছে, ইয়াৰ ভিতৰত কৃষ্ণা কটেজ, ৩৬ চাইনা টাউন, ডন, কিয়া কুল হেই হাম, ডৰনা জৰুৰী হে, ফিজা, প্যাৰ, ইস্ক ঔৰ মোহব্বত, কাঁটে, এক বিবাহ এইচা ভি আদি উল্লেখযোগ্য। 
Isha Koppikar politics | [Exclusive] Isha Koppikar on joining politics: You  can't do much by only being an actor
বৰ্তমান অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগত জীৱনৰ বাবে শিৰোনাম দখল কৰিছে। স্বামী টিমি নাৰঙৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে ঈশাৰ৷ ১৪ বছৰ সংসাৰ কৰাৰ পাছত পৃথক হৈছে ঈশা আৰু টিমি৷ তেওঁলোকৰ এগৰাকী ৯ বছৰীয়া কন্যা সন্তানো আছে।
Isha Koppikar to end her 14 year marriage; intends to parts ways with  husband Timmy Narang, say reports : Bollywood News - Bollywood Hungama
২০০৯ চনত ঈশা কোপ্পিকাৰ বিখ্যাত হোটেল আৰু ৰেষ্টুৰেণ্টৰ মালিক টিমি নাৰঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা খবৰ সঁচা বুলি জনাইছে ঈশা আৰু টিমি ওৰফে ৰোহিত নাৰং দুয়োৱে। টিমিয়ে কয়, ‘‘ঈশা আৰু মই পাৰস্পৰিক সন্মতিৰে পৃথক হৈছো। এইটো আমাৰ বাবে অতি কঠিন সময়। অনুগ্ৰহ কৰি আমাৰ গোপনীয়তাক সন্মান কৰক।”

অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে ৯ বছৰীয়া কন্যা ৰিয়ানাৰ সৈতে স্বামীৰ ঘৰৰ পৰা ওলাই গৈছে। ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কিছুদিনৰ পৰা দুয়োৰে মাজত সামঞ্জস্যতাৰ সমস্যাৰ সৃষ্টি হৈছিল। সংসাৰখন বচাবলৈ তেওঁলোকে সকলো চেষ্টা কৰিছিল যদিও সফল নহ’ল। 
Isha Koppikar sepreted from husband Timmy Narang after 14 years of marriage  | शादी के 14 साल बाद टूटने की कगार पर पहुंचा ईशा कोप्पिकर का रिश्ता, बेटी  संग पहुंचीं पेरेंट्स के
ঈশাই প্ৰথমবাৰৰ বাবে টিমিক লগ পাইছিল তেওঁৰ বেষ্ট ফ্ৰেণ্ড অভিনেত্ৰী প্ৰীতি জিণ্টাৰ বাবে। তেওঁলোকৰ প্ৰথম সাক্ষাৎ হৈছিল জিমত। ইজনে সিজনৰ লগত ডেটিং কৰাৰ পূৰ্বে ঈশা আৰু টিমি তিনি বছৰ বন্ধুত্বৰ সম্পৰ্কত আছিল। লাহে লাহে গভীৰ বন্ধুত্ব গঢ় লৈ উঠিল আৰু অৱশেষত প্ৰেমলৈ পৰিণত হ’ল। ২০০৯ চনৰ ২৯ নৱেম্বৰত দুয়োৰে বিবাহ হয়। 
Isha Koppikar & Timmy Narang wedding Photos - extraMirchi.com
বিবাহপাশত আবদ্ধ হৈ ঈশাই অভিনয়ৰ পৰা আঁতৰি আহি নিজাকৈ ব্যৱসায় আৰম্ভ কৰে। ঈশা আৰু টিমিৰ সংসাৰ খুব সুখৰ আছিল, হঠাতে কিয় তেওঁলোকৰ সংসাৰত কেৰোণ লাগিল তাৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে অনুৰাগীসকলে।
Isha Koppikar Marriage: True Love Calls Twice
উল্লেখ্য যে বলীউডৰ ছবি ‘কোম্পানী’ত ‘খাল্লাচ’ শীৰ্ষক আইটেম ছঙত নৃত্য কৰি ‘খাল্লাচ গাৰ্ল’ ৰূপে জনপ্ৰিয় হৈ উঠিছিল ঈশা কোপ্পিকাৰ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ
যকৃতৰ সমস্যাত ভূগিছে নেকি?
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ
মৰ্মান্তিক! দুই বছৰীয়া কণমানিৰ জন্ম দিনটোতে জ্বলিল পিতৃৰ চিতা
UPI ৰ অভিলেখ: জুন মাহত ১৮ বিলিয়নতকৈ অধিক লেনদেন
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ