--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম’ম’ হয়তো ভাৰতৰ অন্যতম জনপ্ৰিয় ফাষ্টফুড। পদপথৰ বিক্ৰেতাসকলে নিজৰ ষ্টলত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিভিন্ন কৌশল ব্যৱহাৰ কৰিলেও শেহতীয়াকৈ এজন ম’ম’ বিক্ৰেতাই তেওঁৰ সাৱলীল ইংৰাজীৰ বাবে সকলোৰি দৃষ্টি আকৰ্ষণ কৰিছে।

ইংৰাজী ভাষাৰ প্ৰাক্তন অধ্যাপক বুলি  প্ৰকাশ পোৱা বিক্ৰেতাজনে এটা ভিডিঅ’ত নিজৰ ঘৰতে “স্বাস্থ্যকৰভাৱে প্ৰস্তুত কৰা ম’ম’” ট্ৰাই কৰিবলৈ গ্ৰাহকক আমন্ত্ৰণ জনাইছে।ভিডিঅ’টিত ম’ম’সমূহ বাদামৰ চাটনি আৰু শ্বেজৱান চচৰ সৈতে পৰিবেশন কৰা দেখা গৈছে।

ছয় লাখৰো অধিক লাইক পোৱা এই ভিডিঅ’টোৱে ভাৰতৰ নিয়োগৰ সুযোগ আৰু উদ্যোগীকৰণৰ বিষয়ে নতুনত্বৰ সূচনা কৰিছে।
ভিডিঅ’টোৰ তলত মন্তব্য কৰি এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখিছে, “কল্পনা কৰকচোন, এজন ব্যক্তিয়ে অধ্যাপক হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ কিমান বছৰ গৱেষণা আৰু অধ্যয়ন কৰি ইমান খৰচ কৰে আৰু তথাপিও চৰকাৰে চাকৰি আৰু যথেষ্ট ভাল দৰমহা দিবলৈ ব্যৰ্থ হয় আৰু শেষত ৰাজপথত ম’ম’ বিক্ৰী কৰে ৷”

কমেণ্টত দুই এজনে দাবী কৰিছে যে ভিডিঅ’টোত দেখুওৱা ম’ম’ বিক্ৰেতাজনে এসময়ত তেওঁলোকক ইংৰাজী শিকাইছিল। এজন ইনষ্টাগ্ৰাম ইউজাৰে লিখিছে, “তেওঁ মোৰ স্কুলীয়া দিনত মোৰ ইংৰাজী শিক্ষক আছিল”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল