--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম’ম’ হয়তো ভাৰতৰ অন্যতম জনপ্ৰিয় ফাষ্টফুড। পদপথৰ বিক্ৰেতাসকলে নিজৰ ষ্টলত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিভিন্ন কৌশল ব্যৱহাৰ কৰিলেও শেহতীয়াকৈ এজন ম’ম’ বিক্ৰেতাই তেওঁৰ সাৱলীল ইংৰাজীৰ বাবে সকলোৰি দৃষ্টি আকৰ্ষণ কৰিছে।

ইংৰাজী ভাষাৰ প্ৰাক্তন অধ্যাপক বুলি  প্ৰকাশ পোৱা বিক্ৰেতাজনে এটা ভিডিঅ’ত নিজৰ ঘৰতে “স্বাস্থ্যকৰভাৱে প্ৰস্তুত কৰা ম’ম’” ট্ৰাই কৰিবলৈ গ্ৰাহকক আমন্ত্ৰণ জনাইছে।ভিডিঅ’টিত ম’ম’সমূহ বাদামৰ চাটনি আৰু শ্বেজৱান চচৰ সৈতে পৰিবেশন কৰা দেখা গৈছে।

ছয় লাখৰো অধিক লাইক পোৱা এই ভিডিঅ’টোৱে ভাৰতৰ নিয়োগৰ সুযোগ আৰু উদ্যোগীকৰণৰ বিষয়ে নতুনত্বৰ সূচনা কৰিছে।
ভিডিঅ’টোৰ তলত মন্তব্য কৰি এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখিছে, “কল্পনা কৰকচোন, এজন ব্যক্তিয়ে অধ্যাপক হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ কিমান বছৰ গৱেষণা আৰু অধ্যয়ন কৰি ইমান খৰচ কৰে আৰু তথাপিও চৰকাৰে চাকৰি আৰু যথেষ্ট ভাল দৰমহা দিবলৈ ব্যৰ্থ হয় আৰু শেষত ৰাজপথত ম’ম’ বিক্ৰী কৰে ৷”

কমেণ্টত দুই এজনে দাবী কৰিছে যে ভিডিঅ’টোত দেখুওৱা ম’ম’ বিক্ৰেতাজনে এসময়ত তেওঁলোকক ইংৰাজী শিকাইছিল। এজন ইনষ্টাগ্ৰাম ইউজাৰে লিখিছে, “তেওঁ মোৰ স্কুলীয়া দিনত মোৰ ইংৰাজী শিক্ষক আছিল”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস