--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ শ্ৰম আইন উলংঘা কৰাৰ অভিযোগত দেশখনৰ এখন আদালতে নোবেল বিজয়ী মহম্মদ ইউনুছক ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। অধ্যাপক ইউনুছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সমালোচক হিচাপে কাম কৰি আহিছে। তেওঁৰ সমৰ্থকসকলে কয় যে এই গোচৰটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

প্ৰশংসিত অৰ্থনীতিবিদগৰাকী আৰু তেওঁ প্ৰতিষ্ঠা কৰা অন্যতম প্ৰতিষ্ঠান গ্ৰামীন টেলিকমৰ তিনিজন সহকৰ্মীক তেওঁলোকৰ শ্ৰমিকসকলৰ বাবে কল্যাণমূলক পুঁজি সৃষ্টি কৰাত ব্যৰ্থ হোৱাৰ বাবে দোষী সাব্যস্ত কৰা হয়। চাৰিওজনে কোনো ধৰণৰ অন্যায় কৰা বুলি অস্বীকাৰ কৰিছে আৰু আপীল নোহোৱালৈকে জামিন লাভ কৰিছে।

ৰায়দানৰ পিছত প্ৰকাশ পোৱা এক বিবৃতিত অধ্যাপক ইউনুছে কয় যে মোৰ অধিবক্তাই আদালতত পতিয়ন যোগ্যভাৱে যুক্তি দিছে যে মোৰ বিৰুদ্ধে এই ৰায়দান সকলো আইনী নজিৰ আৰু যুক্তিৰ বিপৰীত।

"মই বাংলাদেশী জনসাধাৰণক অন্যায়ৰ বিৰুদ্ধে আৰু আমাৰ প্ৰতিজন নাগৰিকৰ বাবে গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ সপক্ষে এক কণ্ঠত কথা ক'বলৈ আহ্বান জনাইছো।"- ইউনুছে কয়।

অধ্যাপক ইউনুছৰ অধিবক্তাই কয় যে তেওঁ শ্ৰম আইন উলংঘা আৰু দুৰ্নীতিৰ অভিযোগত আন ১০০ৰো অধিক অভিযোগৰ সন্মুখীন হৈছে।

প্ৰধানমন্ত্ৰী হাছিনা আৰু অধ্যাপক ইউনুছৰ মাজত সংঘাতৰ কাৰণ কি সেয়া স্পষ্ট নহয় যদিও অৰ্থনীতিবিদগৰাকীৰ সমৰ্থকসকলে কয় যে চৰকাৰে তেওঁক বদনাম কৰাৰ চেষ্টা কৰিছে কাৰণ তেওঁ এসময়ত শাসকীয় আৱামি লীগক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাজনৈতিক দল গঠন কৰাৰ কথা চিন্তা কৰিছিল। এবাৰ প্ৰধানমন্ত্ৰী হাচিনাই অধ্যাপক ইউনুছক দুখীয়াৰ “তেজ চুহি খোৱা” বুলি অভিহিত কৰিছিল আৰু গ্ৰামীন বেংকে অত্যধিক সুতৰ হাৰ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত "দুখীয়াৰ বেংকাৰ" নামেৰে পৰিচিত ৮৩ বছৰীয়া ইউনুছে লাখ লাখ লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাত সহায় কৰা ক্ষুদ্ৰ বিত্তীয় ঋণৰ অগ্ৰণী ব্যৱস্থা স্থাপন কৰাৰ কৃতিত্ব লাভ কৰে। ২০০৬ চনত অধ্যাপক ইউনুছ আৰু তেওঁৰ গ্ৰামীণ বেংকক যৌথভাৱে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ