--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ শ্ৰম আইন উলংঘা কৰাৰ অভিযোগত দেশখনৰ এখন আদালতে নোবেল বিজয়ী মহম্মদ ইউনুছক ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। অধ্যাপক ইউনুছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সমালোচক হিচাপে কাম কৰি আহিছে। তেওঁৰ সমৰ্থকসকলে কয় যে এই গোচৰটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

প্ৰশংসিত অৰ্থনীতিবিদগৰাকী আৰু তেওঁ প্ৰতিষ্ঠা কৰা অন্যতম প্ৰতিষ্ঠান গ্ৰামীন টেলিকমৰ তিনিজন সহকৰ্মীক তেওঁলোকৰ শ্ৰমিকসকলৰ বাবে কল্যাণমূলক পুঁজি সৃষ্টি কৰাত ব্যৰ্থ হোৱাৰ বাবে দোষী সাব্যস্ত কৰা হয়। চাৰিওজনে কোনো ধৰণৰ অন্যায় কৰা বুলি অস্বীকাৰ কৰিছে আৰু আপীল নোহোৱালৈকে জামিন লাভ কৰিছে।

ৰায়দানৰ পিছত প্ৰকাশ পোৱা এক বিবৃতিত অধ্যাপক ইউনুছে কয় যে মোৰ অধিবক্তাই আদালতত পতিয়ন যোগ্যভাৱে যুক্তি দিছে যে মোৰ বিৰুদ্ধে এই ৰায়দান সকলো আইনী নজিৰ আৰু যুক্তিৰ বিপৰীত।

"মই বাংলাদেশী জনসাধাৰণক অন্যায়ৰ বিৰুদ্ধে আৰু আমাৰ প্ৰতিজন নাগৰিকৰ বাবে গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ সপক্ষে এক কণ্ঠত কথা ক'বলৈ আহ্বান জনাইছো।"- ইউনুছে কয়।

অধ্যাপক ইউনুছৰ অধিবক্তাই কয় যে তেওঁ শ্ৰম আইন উলংঘা আৰু দুৰ্নীতিৰ অভিযোগত আন ১০০ৰো অধিক অভিযোগৰ সন্মুখীন হৈছে।

প্ৰধানমন্ত্ৰী হাছিনা আৰু অধ্যাপক ইউনুছৰ মাজত সংঘাতৰ কাৰণ কি সেয়া স্পষ্ট নহয় যদিও অৰ্থনীতিবিদগৰাকীৰ সমৰ্থকসকলে কয় যে চৰকাৰে তেওঁক বদনাম কৰাৰ চেষ্টা কৰিছে কাৰণ তেওঁ এসময়ত শাসকীয় আৱামি লীগক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাজনৈতিক দল গঠন কৰাৰ কথা চিন্তা কৰিছিল। এবাৰ প্ৰধানমন্ত্ৰী হাচিনাই অধ্যাপক ইউনুছক দুখীয়াৰ “তেজ চুহি খোৱা” বুলি অভিহিত কৰিছিল আৰু গ্ৰামীন বেংকে অত্যধিক সুতৰ হাৰ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত "দুখীয়াৰ বেংকাৰ" নামেৰে পৰিচিত ৮৩ বছৰীয়া ইউনুছে লাখ লাখ লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাত সহায় কৰা ক্ষুদ্ৰ বিত্তীয় ঋণৰ অগ্ৰণী ব্যৱস্থা স্থাপন কৰাৰ কৃতিত্ব লাভ কৰে। ২০০৬ চনত অধ্যাপক ইউনুছ আৰু তেওঁৰ গ্ৰামীণ বেংকক যৌথভাৱে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে