--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই কাণৰ বিষত থাকিব নোৱাৰা হ’ল। কাণৰ ভিতৰত অস্বাভাৱিক শব্দও হৈ থাকে। সঘনাই অস্বস্তি পাই থকাত মহিলাগৰাকীয়ে অত্যাধুনিক কাণ চাফা কৰা যন্ত্ৰ এটা আনে। 

অত্যাধুনিক কাণ চাফা কৰা যন্ত্ৰটোত ধৰা পৰিল যে মহিলাগৰাকীৰ কাণৰ ভিতৰত মকৰা এটা সোমাই আছে! আচৰিত ধৰণৰ নোহোৱা-নোপোজা ঘটনা দেখি মহিলাগৰাকী আতংকিত হৈ উঠিল। 

মহিলাগৰাকীৰ নাম লুইচি ৱাইল্ড। ঘৰ ইংলেণ্ডত। স্থানীয় বিদ্যালয় এখনত শিক্ষকতা কৰে লুইচি ৱাইল্ডে। তেওঁ এটা সন্তানৰ মাতৃ। লুচিৰ কাণখন মাজে-মাজে বিষাই থাকে, তেওঁ কথাটোত ইমান গুৰুত্ব দিয়া নাছিল। ভাবিছিল কাণত হয়তো মল জমা হ’ব পাৰে।

কিন্তু তেওঁৰ কাণৰ বিষ ক্ৰমান্বয়ে বাঢ়ি আহিছিল। অৱশেষত তেওঁ অত্যাধুনিক যন্ত্ৰৰ সহায়ত কাণ দুখন চাফা কৰাৰ সিদ্ধান্ত ল’লে। সেই যন্ত্ৰটোৰ লগত এটা কেমেৰা সংলগ্ন কৰা আছিল। কেমেৰাত ধৰা পৰিল মলি নহয়, কাণৰ ভিতৰত মকৰা সোমাই আছে!

তেওঁ ইমানেই ভয় খালে যে কাণত গৰম পানী ঢালি দিলে। মকৰাটো ওলাই আহিল।  ডাক্তৰৰ পৰামৰ্শ অনুসৰি তেওঁ দৰৱ খায়।

এইবাৰ আৰম্ভ হ’ল কাণৰ বিষ। লুইচিয়ে আকৌ কাণ পৰিষ্কাৰ কৰা যন্ত্ৰটো ব্যৱহাৰ কৰিলে। দেখা যায় যে কাণত ক’লা ক’লা কিবা এটা আছে। এইবাৰ তেওঁ চিকিৎসালয়লৈ যায়।  পৰীক্ষাত দেখা যায় যে ক’লা বস্তুটো এটা মকৰা বাহ! চিকিৎসকে সেয়া আঁতৰাই চফা কৰি দিয়ে।

এই ঘটনাই সকলোকে অবাক কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ