--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই কাণৰ বিষত থাকিব নোৱাৰা হ’ল। কাণৰ ভিতৰত অস্বাভাৱিক শব্দও হৈ থাকে। সঘনাই অস্বস্তি পাই থকাত মহিলাগৰাকীয়ে অত্যাধুনিক কাণ চাফা কৰা যন্ত্ৰ এটা আনে। 

অত্যাধুনিক কাণ চাফা কৰা যন্ত্ৰটোত ধৰা পৰিল যে মহিলাগৰাকীৰ কাণৰ ভিতৰত মকৰা এটা সোমাই আছে! আচৰিত ধৰণৰ নোহোৱা-নোপোজা ঘটনা দেখি মহিলাগৰাকী আতংকিত হৈ উঠিল। 

মহিলাগৰাকীৰ নাম লুইচি ৱাইল্ড। ঘৰ ইংলেণ্ডত। স্থানীয় বিদ্যালয় এখনত শিক্ষকতা কৰে লুইচি ৱাইল্ডে। তেওঁ এটা সন্তানৰ মাতৃ। লুচিৰ কাণখন মাজে-মাজে বিষাই থাকে, তেওঁ কথাটোত ইমান গুৰুত্ব দিয়া নাছিল। ভাবিছিল কাণত হয়তো মল জমা হ’ব পাৰে।

কিন্তু তেওঁৰ কাণৰ বিষ ক্ৰমান্বয়ে বাঢ়ি আহিছিল। অৱশেষত তেওঁ অত্যাধুনিক যন্ত্ৰৰ সহায়ত কাণ দুখন চাফা কৰাৰ সিদ্ধান্ত ল’লে। সেই যন্ত্ৰটোৰ লগত এটা কেমেৰা সংলগ্ন কৰা আছিল। কেমেৰাত ধৰা পৰিল মলি নহয়, কাণৰ ভিতৰত মকৰা সোমাই আছে!

তেওঁ ইমানেই ভয় খালে যে কাণত গৰম পানী ঢালি দিলে। মকৰাটো ওলাই আহিল।  ডাক্তৰৰ পৰামৰ্শ অনুসৰি তেওঁ দৰৱ খায়।

এইবাৰ আৰম্ভ হ’ল কাণৰ বিষ। লুইচিয়ে আকৌ কাণ পৰিষ্কাৰ কৰা যন্ত্ৰটো ব্যৱহাৰ কৰিলে। দেখা যায় যে কাণত ক’লা ক’লা কিবা এটা আছে। এইবাৰ তেওঁ চিকিৎসালয়লৈ যায়।  পৰীক্ষাত দেখা যায় যে ক’লা বস্তুটো এটা মকৰা বাহ! চিকিৎসকে সেয়া আঁতৰাই চফা কৰি দিয়ে।

এই ঘটনাই সকলোকে অবাক কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে