--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতি বছৰে ভাদ্ৰপদ শুক্লৰ চতুৰ্থী তাৰিখে গণেশৰ জন্ম জয়ন্তী উৎসৱ পালন কৰা হয়। এই চতুৰ্থীত দুপৰীয়া ভগৱান গণেশৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। সেয়েহে এই তাৰিখটোক গণেশ চতুৰ্থী বুলি কোৱা হয়। ইয়াক কলংক চতুৰ্থী বা পাথাৰ চতুৰ্থী বুলিও কোৱা হয়। শুক্ল চতুৰ্থী তিথিৰ পৰা আৰম্ভ কৰি চতুৰ্দশী তিথিত শেষ হয় গণেশ চতুৰ্থী। এইবাৰ এই গণেশ চতুৰ্থী ব্ৰত ৩১ আগষ্টৰ পৰা আৰম্ভ কৰি ৯ ছেপ্টেম্বৰত অন্ত পৰিব।

 গণেশ চতুৰ্থী পূজাত অন্তৰ্ভুক্ত কৰক এইসমূহ সামগ্ৰী-

গণেশ চতুৰ্থীৰ দিনা প্ৰতি ঘৰতে গণপতিৰ প্ৰতিমা স্থাপন কৰি নিজৰ বিধি অনুসৰি পূজা কৰা হয়। ভগৱান শ্ৰীগণেশজীৰ পূজাৰ সময়ত তেওঁৰ প্ৰিয় বস্তুবোৰ আগবঢ়োৱাৰ এক পৰম্পৰা আছে। কিন্তু কিছুমান বস্তু অবিহনে গণেশৰ পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। এনে অৱস্থাত গণেশজীৰ পূজাত এই ৬টা বস্তু অন্তৰ্ভুক্ত কৰিব লাগে, নহ’লে পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয় আৰু তাৰ পূৰ্ণ ফল পোৱা নাযায়।

 ১. দুবৰি :-দুবৰি গৱান গণেশৰ অতি প্ৰিয়। সেয়ে এই পূজাৰ সময়ত ৩ বা ৫টা ফুলৰ সৈতে দূবৰি আগবঢ়াব লাগে। এই কথাত ভগৱান গণেশ অতি সন্তুষ্ট আৰু ভক্তসকলৰ প্ৰতিটো ইচ্ছা পূৰণ কৰে।

২. মোদক:-মিঠা মোদক ভগৱান গণপতিৰ অতি প্ৰিয়। সেয়ে ভগৱান গণেশৰ পূজাৰ সময়ত তেওঁৰ প্ৰিয় ভোগ মোদক আগবঢ়াব লাগে।

৩. সিন্দূৰঃ-হিন্দু ধৰ্মত গণেশ পূজাত সেন্দূৰৰ ফোট দিয়াটো অত্যন্ত শুভ মনা হয়। সেয়েহে পূজা কৰি থাকোতে গণেশক সেন্দূৰ লগতে ৰঙা ৰঙৰ ফোট আগবঢ়াব লাগে। এনে কৰিলে আপুনি জীৱনত সুখ আৰু সৌভাগ্য লাভ কৰিব।

৪. কল:-ফলৰ ভিতৰত কল ভগৱান গণেশৰ প্ৰিয়। সেয়েয়ে গণেশ চতুৰ্থীৰ পূজাত কল আগবঢ়াব লাগে।

৫. ৰঙা ফুলঃ-গণপতি ভগৱানৰ ৰঙা ৰং অতি প্ৰিয়। সেয়েহে এই পূজাত নিশ্চিতভাৱে ৰঙা ফুল আগবঢ়াব লাগে।

৬. কুঁহিয়াৰঃ-গণেশ চতুৰ্থী পূজাত শ্ৰীগণেশক কুঁহিয়াৰ অৰ্পণ কৰক। কোৱা হয় যে এই পূজা কুঁহিয়াৰ আগবঢ়োৱাৰ ফলত জীৱন মধুৰতাৰে ভৰি পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক