--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতি বছৰে ভাদ্ৰপদ শুক্লৰ চতুৰ্থী তাৰিখে গণেশৰ জন্ম জয়ন্তী উৎসৱ পালন কৰা হয়। এই চতুৰ্থীত দুপৰীয়া ভগৱান গণেশৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। সেয়েহে এই তাৰিখটোক গণেশ চতুৰ্থী বুলি কোৱা হয়। ইয়াক কলংক চতুৰ্থী বা পাথাৰ চতুৰ্থী বুলিও কোৱা হয়। শুক্ল চতুৰ্থী তিথিৰ পৰা আৰম্ভ কৰি চতুৰ্দশী তিথিত শেষ হয় গণেশ চতুৰ্থী। এইবাৰ এই গণেশ চতুৰ্থী ব্ৰত ৩১ আগষ্টৰ পৰা আৰম্ভ কৰি ৯ ছেপ্টেম্বৰত অন্ত পৰিব।

 গণেশ চতুৰ্থী পূজাত অন্তৰ্ভুক্ত কৰক এইসমূহ সামগ্ৰী-

গণেশ চতুৰ্থীৰ দিনা প্ৰতি ঘৰতে গণপতিৰ প্ৰতিমা স্থাপন কৰি নিজৰ বিধি অনুসৰি পূজা কৰা হয়। ভগৱান শ্ৰীগণেশজীৰ পূজাৰ সময়ত তেওঁৰ প্ৰিয় বস্তুবোৰ আগবঢ়োৱাৰ এক পৰম্পৰা আছে। কিন্তু কিছুমান বস্তু অবিহনে গণেশৰ পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। এনে অৱস্থাত গণেশজীৰ পূজাত এই ৬টা বস্তু অন্তৰ্ভুক্ত কৰিব লাগে, নহ’লে পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয় আৰু তাৰ পূৰ্ণ ফল পোৱা নাযায়।

 ১. দুবৰি :-দুবৰি গৱান গণেশৰ অতি প্ৰিয়। সেয়ে এই পূজাৰ সময়ত ৩ বা ৫টা ফুলৰ সৈতে দূবৰি আগবঢ়াব লাগে। এই কথাত ভগৱান গণেশ অতি সন্তুষ্ট আৰু ভক্তসকলৰ প্ৰতিটো ইচ্ছা পূৰণ কৰে।

২. মোদক:-মিঠা মোদক ভগৱান গণপতিৰ অতি প্ৰিয়। সেয়ে ভগৱান গণেশৰ পূজাৰ সময়ত তেওঁৰ প্ৰিয় ভোগ মোদক আগবঢ়াব লাগে।

৩. সিন্দূৰঃ-হিন্দু ধৰ্মত গণেশ পূজাত সেন্দূৰৰ ফোট দিয়াটো অত্যন্ত শুভ মনা হয়। সেয়েহে পূজা কৰি থাকোতে গণেশক সেন্দূৰ লগতে ৰঙা ৰঙৰ ফোট আগবঢ়াব লাগে। এনে কৰিলে আপুনি জীৱনত সুখ আৰু সৌভাগ্য লাভ কৰিব।

৪. কল:-ফলৰ ভিতৰত কল ভগৱান গণেশৰ প্ৰিয়। সেয়েয়ে গণেশ চতুৰ্থীৰ পূজাত কল আগবঢ়াব লাগে।

৫. ৰঙা ফুলঃ-গণপতি ভগৱানৰ ৰঙা ৰং অতি প্ৰিয়। সেয়েহে এই পূজাত নিশ্চিতভাৱে ৰঙা ফুল আগবঢ়াব লাগে।

৬. কুঁহিয়াৰঃ-গণেশ চতুৰ্থী পূজাত শ্ৰীগণেশক কুঁহিয়াৰ অৰ্পণ কৰক। কোৱা হয় যে এই পূজা কুঁহিয়াৰ আগবঢ়োৱাৰ ফলত জীৱন মধুৰতাৰে ভৰি পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু