--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টী৷ নিৰ্বাচনলৈ এতিয়াও আঢ়ৈ বছৰ বাকী আছে যদিও দলটোৱে আৰম্ভ কৰিছে পূৰ্ণপ্ৰস্তুতি৷ ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক সমাপ্ত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)ৰ সৈতে মিত্ৰতা কৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে পাটনাত এখন সংবাদমেল সম্বোধন কৰি জেডি(ইউ)ৰ সৈতে যিকোনো ধৰণৰ বিভেদৰ অনুমান খাৰিজ কৰে। তেওঁ কয়, জেডি(ইউ)ৰ সৈতে কোনো ধৰণৰ সংঘাত চলি থকা নাই আৰু বিজেপিয়ে সদায় মিত্ৰজোঁটৰ ধৰ্ম অনুসৰণ কৰি আহিছে। আমি একেলগে নিৰ্বাচনত যুঁজিম, সেয়া ২০২৪ হওক বা ২০২৫ চনত হওক৷

কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা গিৰিৰাজ সিঙেও ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে হোৱা বাৰ্তালাপত একে ধৰণৰ চিন্তন ব্যক্ত কৰিছিল, য’ত তেওঁ দৃঢ়তাৰে কৈছিল যে গেৰুৱা দলে জেডি(ইউ)ৰ সৈতে মিত্ৰতা কৰি ভৱিষ্যতৰ সকলো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কয়, আমি সদায় জেডি(ইউ)ৰ সৈতে মিত্ৰতা কৰি যুঁজ দিম। কেৱল ২০২৪ আৰু ২০২৫ চনতেই নহয় আনকি তাৰ পিছতো৷

উল্লেখযোগ্যে যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ উদ্দেশ্য আগত ৰাখি বিজেপিয়ে নীতিশ কুমাৰক বিচলিত নকৰাৰ সিদ্ধান্ত লৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু