--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টী৷ নিৰ্বাচনলৈ এতিয়াও আঢ়ৈ বছৰ বাকী আছে যদিও দলটোৱে আৰম্ভ কৰিছে পূৰ্ণপ্ৰস্তুতি৷ ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক সমাপ্ত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)ৰ সৈতে মিত্ৰতা কৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে পাটনাত এখন সংবাদমেল সম্বোধন কৰি জেডি(ইউ)ৰ সৈতে যিকোনো ধৰণৰ বিভেদৰ অনুমান খাৰিজ কৰে। তেওঁ কয়, জেডি(ইউ)ৰ সৈতে কোনো ধৰণৰ সংঘাত চলি থকা নাই আৰু বিজেপিয়ে সদায় মিত্ৰজোঁটৰ ধৰ্ম অনুসৰণ কৰি আহিছে। আমি একেলগে নিৰ্বাচনত যুঁজিম, সেয়া ২০২৪ হওক বা ২০২৫ চনত হওক৷

কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা গিৰিৰাজ সিঙেও ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে হোৱা বাৰ্তালাপত একে ধৰণৰ চিন্তন ব্যক্ত কৰিছিল, য’ত তেওঁ দৃঢ়তাৰে কৈছিল যে গেৰুৱা দলে জেডি(ইউ)ৰ সৈতে মিত্ৰতা কৰি ভৱিষ্যতৰ সকলো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কয়, আমি সদায় জেডি(ইউ)ৰ সৈতে মিত্ৰতা কৰি যুঁজ দিম। কেৱল ২০২৪ আৰু ২০২৫ চনতেই নহয় আনকি তাৰ পিছতো৷

উল্লেখযোগ্যে যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ উদ্দেশ্য আগত ৰাখি বিজেপিয়ে নীতিশ কুমাৰক বিচলিত নকৰাৰ সিদ্ধান্ত লৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ