--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আল্লু অৰ্জুন(Allu Arjun) ..দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা। কেৱল দক্ষিণ ভাৰততে নহয় সমগ্ৰ দেশতে আছে আল্লু অৰ্জুনৰ প্ৰচুৰ জনপ্ৰিয়তা। দেশে-বিদেশে আছে তেওঁৰ অগণন অনুৰাগী। শেহতীয়াকৈ তেওঁৰ ছবি ‘পুষ্পা: দ্য ৰাইজ’ দৰ্শকৰ মাজত ব্যাপকভাৱে চৰ্চিত আৰু প্ৰশংসিত হৈছে। চলচ্চিত্ৰৰ উপৰিও অভিনেতাগৰাকীয়ে বিজ্ঞাপনতো অভিনয়ো কৰে। এইবাৰ তেওঁ ১০ কোটি টকাৰ এক লোভনীয় প্ৰস্তাৱ নাকচ কৰি দেশজুৰি প্ৰশংসিত হৈছে। পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আল্লু অৰ্জুন। 

এটা সুৰা কোম্পানীৰ বিজ্ঞাপনত কাম কৰিবৰ বাবে আল্লু অৰ্জুনলৈ ১০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল কিন্তু আল্লু অৰ্জুনে সেই প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰে। আল্লু অৰ্জুনে এটা বিজ্ঞাপনত কাম কৰিবৰ বাবে ৭.৫ কোটি টকা লয় কিন্তু এই প্ৰস্তাৱ ১০ কোটি টকা হোৱাৰ পাছতো অভিনেতাজনে প্ৰত্যাখ্যান কৰে, ইয়াৰ কাৰণ হৈছে সমাজৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতা। 

আল্লু অৰ্জুনে কয়, “মই এনে অবৈধ সামগ্ৰীৰ প্ৰচাৰ কৰিব নিবিচাৰো। মই এই সামগ্ৰীবোৰৰ বিজ্ঞাপন দিয়াৰ বিৰোধী। যিবোৰ সামগ্ৰী মানুহ আৰু সমাজৰ বাবে কল্যাণমূলক নহয় তেনে বিজ্ঞাপন মই প্ৰচাৰ নকৰোঁ। টকা ইয়াত মুখ্য বিষয় নহয়।” 

কিছুদিন পূৰ্বে গুটখা কোম্পানীৰ প্ৰস্তাৱ নাকচ কৰি আল্লুৱে কৈছিল- ‘‘অনুৰাগীৰ মাজত মই কোনো ভুল কথা প্ৰচাৰ কৰিব নিবিচাৰোঁ। মই নিজে ধঁপাত, গুটখা নাখাওঁ, তেনেস্থলত মই কিয় এনে বস্তুৰ প্ৰচাৰ কৰিম! মই নিবিচাৰোঁ যে এইবোৰ বস্তুৰ বিজ্ঞাপন দেখি আমাৰ অনুৰাগীসকলে এনে এটা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। সমাজৰ প্ৰতি আমাৰো আছে নৈতিক দায়িত্ব।’’ 
 
আল্লু অৰ্জুনৰ এই পদক্ষেপক এতিয়া সকলোৱে একমুখে প্ৰশংসা কৰিছে। সমাজৰ প্ৰতি তেওঁ পালন কৰা দায়িত্বই সকলোতে চৰ্চা লাভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’