--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আল্লু অৰ্জুন(Allu Arjun) ..দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা। কেৱল দক্ষিণ ভাৰততে নহয় সমগ্ৰ দেশতে আছে আল্লু অৰ্জুনৰ প্ৰচুৰ জনপ্ৰিয়তা। দেশে-বিদেশে আছে তেওঁৰ অগণন অনুৰাগী। শেহতীয়াকৈ তেওঁৰ ছবি ‘পুষ্পা: দ্য ৰাইজ’ দৰ্শকৰ মাজত ব্যাপকভাৱে চৰ্চিত আৰু প্ৰশংসিত হৈছে। চলচ্চিত্ৰৰ উপৰিও অভিনেতাগৰাকীয়ে বিজ্ঞাপনতো অভিনয়ো কৰে। এইবাৰ তেওঁ ১০ কোটি টকাৰ এক লোভনীয় প্ৰস্তাৱ নাকচ কৰি দেশজুৰি প্ৰশংসিত হৈছে। পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আল্লু অৰ্জুন। 

এটা সুৰা কোম্পানীৰ বিজ্ঞাপনত কাম কৰিবৰ বাবে আল্লু অৰ্জুনলৈ ১০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল কিন্তু আল্লু অৰ্জুনে সেই প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰে। আল্লু অৰ্জুনে এটা বিজ্ঞাপনত কাম কৰিবৰ বাবে ৭.৫ কোটি টকা লয় কিন্তু এই প্ৰস্তাৱ ১০ কোটি টকা হোৱাৰ পাছতো অভিনেতাজনে প্ৰত্যাখ্যান কৰে, ইয়াৰ কাৰণ হৈছে সমাজৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতা। 

আল্লু অৰ্জুনে কয়, “মই এনে অবৈধ সামগ্ৰীৰ প্ৰচাৰ কৰিব নিবিচাৰো। মই এই সামগ্ৰীবোৰৰ বিজ্ঞাপন দিয়াৰ বিৰোধী। যিবোৰ সামগ্ৰী মানুহ আৰু সমাজৰ বাবে কল্যাণমূলক নহয় তেনে বিজ্ঞাপন মই প্ৰচাৰ নকৰোঁ। টকা ইয়াত মুখ্য বিষয় নহয়।” 

কিছুদিন পূৰ্বে গুটখা কোম্পানীৰ প্ৰস্তাৱ নাকচ কৰি আল্লুৱে কৈছিল- ‘‘অনুৰাগীৰ মাজত মই কোনো ভুল কথা প্ৰচাৰ কৰিব নিবিচাৰোঁ। মই নিজে ধঁপাত, গুটখা নাখাওঁ, তেনেস্থলত মই কিয় এনে বস্তুৰ প্ৰচাৰ কৰিম! মই নিবিচাৰোঁ যে এইবোৰ বস্তুৰ বিজ্ঞাপন দেখি আমাৰ অনুৰাগীসকলে এনে এটা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। সমাজৰ প্ৰতি আমাৰো আছে নৈতিক দায়িত্ব।’’ 
 
আল্লু অৰ্জুনৰ এই পদক্ষেপক এতিয়া সকলোৱে একমুখে প্ৰশংসা কৰিছে। সমাজৰ প্ৰতি তেওঁ পালন কৰা দায়িত্বই সকলোতে চৰ্চা লাভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?