--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড হৈছে ভাৰতৰ আটাইতকৈ গ্লেমাৰাছ ইণ্ডাষ্ট্ৰী। কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বতে বলীউডৰ সুকীয়া আসন আছে। বিদেশত বলীউডৰ অনুৰাগীৰ সংখ্যাও অগণন। বয়সৰ বৃহৎ ব্যৱধান থকা অভিনেতাসকলৰ লগতো বলীউডৰ অভিনেত্ৰীসকলে সুন্দৰকৈ অভিনয় কৰে। বলীউডৰ ৰূপালী পৰ্দাত পিতৃ-পুত্ৰ উভয়ৰে লগত ৰোমান্স কৰা ছয়গৰাকী অভিনেত্ৰীৰ তালিকা আগবঢ়োৱা হ’ল।

শ্ৰীদেৱীঃ চিৰসেউজ সুন্দৰী ৰূপে পৰিচিত প্ৰয়াত বলীউডৰ অভিনেত্ৰী শ্ৰীদেৱীয়ে একে সময়তে ধৰ্মেন্দ্ৰ আৰু ছানী দেওলৰ নায়িকা হিচাপে কাম কৰিছিল। 'নাকাবন্দী'ত শ্ৰীদেৱী-ধৰ্মেন্দ্ৰৰ পৰ্দাৰ প্ৰেমক দৰ্শকে বহুলভাৱে আদৰি লৈছিল। আনহাতে, ‘চালবাজ’, ‘সলতানাত’, ‘নিগাহে’ আদি ছবিত শ্ৰীদেৱী আছিল ধৰ্মেন্দ্ৰৰ পুত্ৰ ছানী দেওলৰ নায়িকা।

ডিম্পল কাপদিয়াঃ বিনোদ খান্নাৰ সৈতে ‘খুন কা কৰ্জ’ আৰু ‘ইনছাফ’ৰ দৰে চিনেমাত কাম কৰিছিল ডিম্পলে। লগতে বিনোদ খান্নাৰ পুত্ৰ অক্ষয় খান্নাৰ সৈতে ‘দিল চাহতা হেয়’ চিনেমাত কাম কৰিছিল ডিম্পল কাপদিয়াই।

অমৃতা সিংঃ এই তালিকাত ছেইফ আলী খানৰ প্ৰাক্তন পত্নী অমৃতা সিঙো আছে। ধৰ্মেন্দ্ৰ আৰু ছানী দেউল দুয়োৰে নায়িকা হিচাপে কৰিছে অমৃতা সিঙে । 'বেতাব' চিনেমাত ছানী দেউলৰ লগত ৰোমান্স কৰাৰ লগতে 'সচ্চাই কী তাকত' চিনেমাত ছানীৰ পিতৃ ধৰ্মেন্দ্ৰৰ সৈতে কাম কৰিছিল অমৃতাই।

ৰাণী মুখাৰ্জীঃ বলীউডৰ একালৰ মুখ্য অভিনেত্ৰী ৰাণী মুখাৰ্জীয়েও পিতৃ-পুত্ৰ উভয়ৰে সৈতে কাম কৰিছিল। ‘বাণ্টি ঔৰ বাবলী’ত অভিষেক বচ্চনৰ বিপৰীতে অভিনয় কৰিছিল আৰু ‘ব্লেক’ চিনেমাত অভিষেকৰ পিতৃ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছিল।

মাধুৰী দীক্ষিতঃ নব্বৈৰ দশকৰ ইন ডিমাণ্ড অভিনেত্ৰী মাধুৰী দীক্ষিতো এই তালিকাত আছে। বিনোদ খান্নাৰ সৈতে ‘দয়াৱান’ চিনেমাত কাম কৰিছিল আৰু তাৰ পিছত ‘মোহাব্বতে’ চিনেমাত বিনোদ খান্নাৰ পুত্ৰ অক্ষয় খান্নাৰ সৈতে তেওঁ ৰোমান্স কৰিছিল।

হেমা মালিনী: এই কিংবদন্তি অভিনেত্ৰীগৰাকীয়ে ৰাজ কাপুৰৰ সৈতে ‘স্বপ্ন কা সৌদাগৰ’ত কাম কৰিছিল। ‘হাত কী ছাফাই’ত ৰণধীৰ কাপুৰৰ বিপৰীতে আৰু তাৰ পিছত ‘এক চাদৰ মেইলি চি’ত ঋষি কাপুৰৰ সৈতে কাম কৰিছিল। এই উল্লেখযোগ্য অভিনেত্ৰীসকলৰ বাহিৰেও বলীউডৰ আন কেইবাগৰাকীও অভিনেত্ৰীয়ে পিতা-পুত্ৰৰ সৈতে পৰ্দাত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক