--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড হৈছে ভাৰতৰ আটাইতকৈ গ্লেমাৰাছ ইণ্ডাষ্ট্ৰী। কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বতে বলীউডৰ সুকীয়া আসন আছে। বিদেশত বলীউডৰ অনুৰাগীৰ সংখ্যাও অগণন। বয়সৰ বৃহৎ ব্যৱধান থকা অভিনেতাসকলৰ লগতো বলীউডৰ অভিনেত্ৰীসকলে সুন্দৰকৈ অভিনয় কৰে। বলীউডৰ ৰূপালী পৰ্দাত পিতৃ-পুত্ৰ উভয়ৰে লগত ৰোমান্স কৰা ছয়গৰাকী অভিনেত্ৰীৰ তালিকা আগবঢ়োৱা হ’ল।

শ্ৰীদেৱীঃ চিৰসেউজ সুন্দৰী ৰূপে পৰিচিত প্ৰয়াত বলীউডৰ অভিনেত্ৰী শ্ৰীদেৱীয়ে একে সময়তে ধৰ্মেন্দ্ৰ আৰু ছানী দেওলৰ নায়িকা হিচাপে কাম কৰিছিল। 'নাকাবন্দী'ত শ্ৰীদেৱী-ধৰ্মেন্দ্ৰৰ পৰ্দাৰ প্ৰেমক দৰ্শকে বহুলভাৱে আদৰি লৈছিল। আনহাতে, ‘চালবাজ’, ‘সলতানাত’, ‘নিগাহে’ আদি ছবিত শ্ৰীদেৱী আছিল ধৰ্মেন্দ্ৰৰ পুত্ৰ ছানী দেওলৰ নায়িকা।

ডিম্পল কাপদিয়াঃ বিনোদ খান্নাৰ সৈতে ‘খুন কা কৰ্জ’ আৰু ‘ইনছাফ’ৰ দৰে চিনেমাত কাম কৰিছিল ডিম্পলে। লগতে বিনোদ খান্নাৰ পুত্ৰ অক্ষয় খান্নাৰ সৈতে ‘দিল চাহতা হেয়’ চিনেমাত কাম কৰিছিল ডিম্পল কাপদিয়াই।

অমৃতা সিংঃ এই তালিকাত ছেইফ আলী খানৰ প্ৰাক্তন পত্নী অমৃতা সিঙো আছে। ধৰ্মেন্দ্ৰ আৰু ছানী দেউল দুয়োৰে নায়িকা হিচাপে কৰিছে অমৃতা সিঙে । 'বেতাব' চিনেমাত ছানী দেউলৰ লগত ৰোমান্স কৰাৰ লগতে 'সচ্চাই কী তাকত' চিনেমাত ছানীৰ পিতৃ ধৰ্মেন্দ্ৰৰ সৈতে কাম কৰিছিল অমৃতাই।

ৰাণী মুখাৰ্জীঃ বলীউডৰ একালৰ মুখ্য অভিনেত্ৰী ৰাণী মুখাৰ্জীয়েও পিতৃ-পুত্ৰ উভয়ৰে সৈতে কাম কৰিছিল। ‘বাণ্টি ঔৰ বাবলী’ত অভিষেক বচ্চনৰ বিপৰীতে অভিনয় কৰিছিল আৰু ‘ব্লেক’ চিনেমাত অভিষেকৰ পিতৃ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছিল।

মাধুৰী দীক্ষিতঃ নব্বৈৰ দশকৰ ইন ডিমাণ্ড অভিনেত্ৰী মাধুৰী দীক্ষিতো এই তালিকাত আছে। বিনোদ খান্নাৰ সৈতে ‘দয়াৱান’ চিনেমাত কাম কৰিছিল আৰু তাৰ পিছত ‘মোহাব্বতে’ চিনেমাত বিনোদ খান্নাৰ পুত্ৰ অক্ষয় খান্নাৰ সৈতে তেওঁ ৰোমান্স কৰিছিল।

হেমা মালিনী: এই কিংবদন্তি অভিনেত্ৰীগৰাকীয়ে ৰাজ কাপুৰৰ সৈতে ‘স্বপ্ন কা সৌদাগৰ’ত কাম কৰিছিল। ‘হাত কী ছাফাই’ত ৰণধীৰ কাপুৰৰ বিপৰীতে আৰু তাৰ পিছত ‘এক চাদৰ মেইলি চি’ত ঋষি কাপুৰৰ সৈতে কাম কৰিছিল। এই উল্লেখযোগ্য অভিনেত্ৰীসকলৰ বাহিৰেও বলীউডৰ আন কেইবাগৰাকীও অভিনেত্ৰীয়ে পিতা-পুত্ৰৰ সৈতে পৰ্দাত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু