--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃস্মাৰ্টফোনটো নহ’লে যেন আজিৰ প্ৰায় ভাগ মানুহৰেই জীৱন  অচল। দৰকাৰী ফোন কৰাৰ পৰা আৰম্ভ কৰি গেম খেলা, চিনেমা চোৱা , ছ’চিয়েল মিডিয়াৰ প্লেটপৰ্মৰ সৈতে সংযুক্ত হোৱা সকলো কামতেই স্মাৰ্টফোন নহ’লেই নচলে। এই যান্ত্ৰিক সমল বিধে মানুহৰ স্মৃতিশক্তি হ্ৰাস কৰে বুলি বহুতে আশংকা প্ৰকাশো কৰি আহিছে।বহুতৰে মতে আজিৰ ফোনটো ইমান স্মাৰ্ট যে ই মানুহক ক্ৰমান্বয়ে মূৰ্খ কৰি তুলিছে।  বহুতে  ধাৰণা এই ধাৰণা মনতে পোষণ কৰি আহিছে   যে স্মাৰ্টফোনবোৰে স্মৃতিশক্তি হ্ৰাস কৰে। কিন্তু  শেহতীয়া এক অধ্যয়নে ইয়াৰ এনে ধাৰণাৰ বিপৰীতেহে মন্তব্য কৰিছে ।গৱেষকসকলৰ মতে, স্মাৰ্টফোনৰ ব্যৱহাৰে স্মৃতিশক্তি হ্ৰাস কৰা নাই। 

বহুতে ভাবে যে অত্যাধিক স্মাৰ্টফোনৰ ব্যৱহাৰে মানুহক অলস কৰি তুলিছে। স্মাৰ্ট ফোন ভাল নে বেয়া - সেই বিতৰ্কৰ চলিয়েই আছে। অৱশ্যে, শেহতীয়া এক অধ্যয়নত দাবী কৰা হৈছে যে স্মাৰ্টফোন ব্যৱহাৰ কৰিলে স্মৃতিশক্তি বৃদ্ধিহে হ'ব পাৰে। আনকি বিভিন্ন ডিজিটেল ডিভাইচৰ ব্যৱহাৰেও মানুহৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে বুলি গৱেষণাটোত দাবী কৰা হৈছে। গৱেষকসকলে দাবী কৰিছে যে এই আধুনিক সঁজুলিৰ ব্যৱহাৰৰ দ্বাৰা মানুহে কেৱল প্ৰয়োজনীয় তথ্যই মনত ৰাখিবলগীয়া হোৱা নাই, লগতে তুলনামূলকভাৱে অপ্ৰয়োজনীয় বা অতিৰিক্ত তথ্যও মনত ৰাখিবলগীয়া হৈছে। সেয়ে স্মৃতিশক্তি হ্ৰাস পোৱাৰ সলনি বৃদ্ধি পোৱাৰ বাবেহে মানুহে একে সময়তে বহু কথাই মনত ৰাখিবলগীয়া হৈছে।

এই সিদ্ধান্তত উপনীত হোৱাৰ আগতে, গৱেষকসকলে বিস্তৃত অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষা কৰিছে। পৰীক্ষাটো প্ৰায় ১৫৮ জন লোকৰ ওপৰত কৰা হৈছিল। অংশগ্ৰহণকাৰীসকলৰ বয়স ১৮ ৰ পৰা ৭০ বছৰৰ ভিতৰত আছিল। সকলোৰে এক বিশেষ ধৰণৰ মেম’ৰি পৰীক্ষা কৰা হৈছিল। এইক্ষেত্ৰত ডিজিটেল ডিভাইচৰ সহায় লৈ অথবা নোলোৱাকৈ কিছুমান সংখ্যা নিৰ্দিষ্ট ক্ৰমত সজাবলৈ দিয়া হৈছিল। 

গৱেষকসকলৰ মতে ডিজিটেল সঁজুলিৰ সহায় লোৱাসকলে অধিকতথ্য কথাবোৰ মনত ৰাখিবলৈ সক্ষম হৈছিল। অৰ্থাৎ, যদি আপুনি ডিজিটেল ডিভাইচ এটাত তথ্য ৰাখে, মানুহে ইয়াক পৃথকে মনত নাৰাখে, ই এনেকুৱা নহয়। বৰঞ্চ বাহ্যিক স্মৃতিৰ সহায়ত সেই তথ্যৰ বিষয়ে মানুহ অৱগত হৈ থাকে। ফলত মানুহৰ মনত ৰখাৰ ক্ষমতা বৃদ্ধি হয়, কিয়নো এই প্ৰক্ৰিয়াত, মানুহে বহুতো কথা মনত ৰাখে। যিবোৰ কথা  মানুহে  সাধাৰণতে মনত নাৰাখে  বা ৰাখিব নিবিচাৰে।  

স্মাৰ্টফোনৰ ব্যৱহাৰৰ বাবে মানুহৰ স্মৃতি দ্ৰুত হয়। দ্ৰুত ভাবে ফোনৰ তথ্য বিশ্লেষণ কৰিবলগীয়া হোৱাৰ ফলত মানুহৰ মগজুটোৱেও দ্ৰুত ভাবে কাম কৰিবলগীয়া হয়। সেয়ে  মানুহে স্মাৰ্টফোনৰ ব্যৱহাৰ কৰিলে  অধিক কথা মনত ৰাখিব পাৰে বুলি বিজ্ঞানীসকলে মন্তব্য কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক