--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিচ্ছৱি উজ্জল কৰি অস্কাৰত শ্ৰেষ্ঠ মৌলিক গীতৰ বঁটা লাভ কৰে ‘নাতু নাটু’ৱে। ৰিহানা, লেডী গাগাৰ দৰে পপ তাৰকাৰ গান পৰাস্ত কৰি চূড়ান্ত দৌৰত নামি বাজিমাত কৰে এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’-এ।

গীতিকাৰ চন্দ্ৰ বসু আৰু সংগীত পৰিচালক এম এম কিৰাৱণীয়ে মঞ্চত উঠি এই বঁটা গ্ৰহণ কৰে। তেওঁলোকে ‘নমস্তে’ বুলি কৈ বঁটাটো লয়। অস্কাৰ হাতত লৈ কিৰৱানীয়ে কয় যে কাঠমিস্ত্ৰীৰ মাত শুনি তেওঁ ডাঙৰ হৈছিল। তাৰপাছতে সামাজিক মাধ্যমত বৈছে আনন্দৰ বন্যা। 



আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা আৰু জোনাছৰ দৰে তাৰকাই মুহূৰ্তটো ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰিছে। আলিয়াই ইনষ্টাগ্ৰাম কাহিনীটোত 'আহহহহ’ লিখিছে। অৰ্থাৎ আনন্দত প্ৰায় চিঞৰিছে। প্ৰসংগক্ৰমে ‘আৰ আৰ আৰ’ ছবিখনত আলিয়াই বিশেষ চৰিত্ৰত অৱতীৰ্ণ হৈছিল।

তেলেগু ছবিৰ ইতিহাসত নজিৰ গঢ়ি তুলিছে ‘নাটু নাটুৱে’। অস্কাৰৰ মঞ্চত প্ৰথমবাৰৰ বাবে এইদৰে তেলেগু ছবিয়ে স্বীকৃতি লাভ কৰিছে। গৌৰৱান্বিত দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ