--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ‘মিষ্টাৰ পাৰ্ফেকচনিষ্ট’ আমিৰ খানৰ আজি জন্মদিন। আজি ৫৮ বছৰত ভৰি দিলে আমিৰ খানে। ১৯৭৩ চনত ‘য়াদোন কি বাৰাত’ ছবিত শিশু চৰিত্ৰৰ জৰিয়তে বলীউডত খোজ পেলোৱা আমিৰ খানৰ দপদপনি আজিও অব্যাহত আছে। 

১৯৬৫ চনৰ ১৪ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰা আমিৰৰ বিষয়ে সকলোৱে এটা কথা জানে, আমিৰে যিয়েই নকৰক, সম্পূৰ্ণ মন দি কৰে। সেয়েহে তেওঁ ‘মিষ্টাৰ পাৰ্ফেকচনিষ্ট’ হ’ব পাৰিছে। মাত্ৰ আঠ বছৰ বয়সতে অভিনয় যাত্ৰা আৰম্ভ কৰিছিল আমিৰে। ১৯৭৩ চনত তেওঁ অভিনয় কৰা ‘য়াদোন কি বাৰাত’ ছবিখন প্ৰযোজনা কৰিছিল তেওঁৰ খুড়াক নাছিৰ হুছেইনে। অৱশ্যে আমিৰৰ অভিনেতা হিচাপে কেৰিয়াৰ আৰম্ভ হৈছিল ‘কায়ামত ছে কায়ামত তক’ ছবিখনৰ পৰা।

অৱশ্যে এনে এটা সময় আছিল যেতিয়া দেউতাকে আমিৰ অভিনেতা হোৱাটো নিবিচাৰিছিল। এনে পৰিস্থিতিত আমিৰৰো অভিনয়ৰ দিশত প্ৰৱণতা কম আছিল। এটা সময় আহিল আমিৰে অৱন্তৰ নামৰ নাট্যদল এটাৰ সৈতে দুবছৰ কাম কৰিছিল। ইয়াৰ পিছত তেওঁ অভিনয়ক কেৰিয়াৰ হিচাপে বাছি লৈছিল।

অভিনেতা হোৱাৰ আগতে আমিৰৰ সপোন বেলেগ আছিল। আচলতে তেওঁ টেনিছ খেলুৱৈ হ’ব বিচাৰিছিল। স্কুলীয়া দিনত তেওঁ ইমানেই ভাল টেনিছ খেলিছিল যে তেওঁৰ স্কুলৰ বাবে বহু ৰাজ্যিক পৰ্যায়ৰ লন টেনিছ চেম্পিয়নশ্বিপত শক্তি দেখুৱাইছিল। আমিৰ খানৰ প্ৰিয় টেনিছ খেলুৱৈ ৰ’জাৰ ফেডাৰাৰ।

যেতিয়া আমিৰ খানে ‘কায়ামত ছে কায়ামত তক’ ছবিৰে বলীউডত ভৰি দিছিল তেতিয়া তেওঁ বহু কষ্ট কৰিছিল। আচলতে এই ছবিখনৰ বাজেট আছিল বহুত কম। এনে পৰিস্থিতিত আমিৰ খানে নিজেই ছবিখনৰ পোষ্টাৰ বাছ আৰু অটোৰ পিছফালে আঁৰি দিয়াৰ কাম কৰি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছিল। 

আমিৰ খানে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিবলৈ ভাল নাপায়। ইয়াৰ আঁৰৰ কাৰণ হ’ল ১৯৯০ চনৰ এটা বঁটা অনুষ্ঠান, য’ত ছানী দেওলক ‘ঘায়েল’ ছবিৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল। আমিৰৰ মতে অস্কাৰৰ বাহিৰে আন কোনো এৱাৰ্ড শ্ব’ বিশ্বাসৰ যোগ্য নহয়।

বহু ছুপাৰ ডুপাৰ হিট ছবি উপহাৰ দিয়া আমিৰ খানৰ যাত্ৰা এতিয়াও দুৰ্দান্ত ৰূপত আছে। এগৰাকী শিশু অভিনেতাৰ ৰূপে এই ক্ষেত্ৰখনত খোজ পেলোৱা অভিনেতা আমিৰ খান বৰ্তমান সমগ্ৰ বিশ্বতে ‘Mr Perfectionist’ হিচাপে পৰিচিত। আমিৰ খানৰ প্ৰায় সংখ্যক ছবিয়ে হৈছে ইখনতকৈ সিখন হিট। বলীউডত ১০০, ২০০, ৩০০ কোটি টকীয়া বস্ক অফিচ কালেকচনৰ সংস্থাপক বুলি কোৱা হয় আমিৰ খানক।

আমিৰ খানৰ এই সোণোৱালী যাত্ৰা অব্যাহত থাকক। ৫৮ বছৰীয়া জন্মদিনত শত সহস্ৰ শুভকামনা...

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ