--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ‘মিষ্টাৰ পাৰ্ফেকচনিষ্ট’ আমিৰ খানৰ আজি জন্মদিন। আজি ৫৮ বছৰত ভৰি দিলে আমিৰ খানে। ১৯৭৩ চনত ‘য়াদোন কি বাৰাত’ ছবিত শিশু চৰিত্ৰৰ জৰিয়তে বলীউডত খোজ পেলোৱা আমিৰ খানৰ দপদপনি আজিও অব্যাহত আছে। 

১৯৬৫ চনৰ ১৪ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰা আমিৰৰ বিষয়ে সকলোৱে এটা কথা জানে, আমিৰে যিয়েই নকৰক, সম্পূৰ্ণ মন দি কৰে। সেয়েহে তেওঁ ‘মিষ্টাৰ পাৰ্ফেকচনিষ্ট’ হ’ব পাৰিছে। মাত্ৰ আঠ বছৰ বয়সতে অভিনয় যাত্ৰা আৰম্ভ কৰিছিল আমিৰে। ১৯৭৩ চনত তেওঁ অভিনয় কৰা ‘য়াদোন কি বাৰাত’ ছবিখন প্ৰযোজনা কৰিছিল তেওঁৰ খুড়াক নাছিৰ হুছেইনে। অৱশ্যে আমিৰৰ অভিনেতা হিচাপে কেৰিয়াৰ আৰম্ভ হৈছিল ‘কায়ামত ছে কায়ামত তক’ ছবিখনৰ পৰা।

অৱশ্যে এনে এটা সময় আছিল যেতিয়া দেউতাকে আমিৰ অভিনেতা হোৱাটো নিবিচাৰিছিল। এনে পৰিস্থিতিত আমিৰৰো অভিনয়ৰ দিশত প্ৰৱণতা কম আছিল। এটা সময় আহিল আমিৰে অৱন্তৰ নামৰ নাট্যদল এটাৰ সৈতে দুবছৰ কাম কৰিছিল। ইয়াৰ পিছত তেওঁ অভিনয়ক কেৰিয়াৰ হিচাপে বাছি লৈছিল।

অভিনেতা হোৱাৰ আগতে আমিৰৰ সপোন বেলেগ আছিল। আচলতে তেওঁ টেনিছ খেলুৱৈ হ’ব বিচাৰিছিল। স্কুলীয়া দিনত তেওঁ ইমানেই ভাল টেনিছ খেলিছিল যে তেওঁৰ স্কুলৰ বাবে বহু ৰাজ্যিক পৰ্যায়ৰ লন টেনিছ চেম্পিয়নশ্বিপত শক্তি দেখুৱাইছিল। আমিৰ খানৰ প্ৰিয় টেনিছ খেলুৱৈ ৰ’জাৰ ফেডাৰাৰ।

যেতিয়া আমিৰ খানে ‘কায়ামত ছে কায়ামত তক’ ছবিৰে বলীউডত ভৰি দিছিল তেতিয়া তেওঁ বহু কষ্ট কৰিছিল। আচলতে এই ছবিখনৰ বাজেট আছিল বহুত কম। এনে পৰিস্থিতিত আমিৰ খানে নিজেই ছবিখনৰ পোষ্টাৰ বাছ আৰু অটোৰ পিছফালে আঁৰি দিয়াৰ কাম কৰি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছিল। 

আমিৰ খানে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিবলৈ ভাল নাপায়। ইয়াৰ আঁৰৰ কাৰণ হ’ল ১৯৯০ চনৰ এটা বঁটা অনুষ্ঠান, য’ত ছানী দেওলক ‘ঘায়েল’ ছবিৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল। আমিৰৰ মতে অস্কাৰৰ বাহিৰে আন কোনো এৱাৰ্ড শ্ব’ বিশ্বাসৰ যোগ্য নহয়।

বহু ছুপাৰ ডুপাৰ হিট ছবি উপহাৰ দিয়া আমিৰ খানৰ যাত্ৰা এতিয়াও দুৰ্দান্ত ৰূপত আছে। এগৰাকী শিশু অভিনেতাৰ ৰূপে এই ক্ষেত্ৰখনত খোজ পেলোৱা অভিনেতা আমিৰ খান বৰ্তমান সমগ্ৰ বিশ্বতে ‘Mr Perfectionist’ হিচাপে পৰিচিত। আমিৰ খানৰ প্ৰায় সংখ্যক ছবিয়ে হৈছে ইখনতকৈ সিখন হিট। বলীউডত ১০০, ২০০, ৩০০ কোটি টকীয়া বস্ক অফিচ কালেকচনৰ সংস্থাপক বুলি কোৱা হয় আমিৰ খানক।

আমিৰ খানৰ এই সোণোৱালী যাত্ৰা অব্যাহত থাকক। ৫৮ বছৰীয়া জন্মদিনত শত সহস্ৰ শুভকামনা...

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী