--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ বিখ্যাত তাৰকা ৰশ্মিকা মণ্ডন্না আৰু বিজয় দেৱেৰাকোণ্ডাৰ সম্পৰ্কৰ উৰাবাতৰিয়ে  শিৰোনামা দখল কৰি থাকে। ছবিতো দুয়োৰে অনস্ক্ৰীণ যোৰাটো বহুতৰে প্ৰিয়। কিছুদিনৰ পৰা দুয়োজনে ইজনে সিজনক ডেটিং কৰি থকাৰ খবৰ আহিছে আৰু প্ৰায়ে দুয়োজনে নিজৰ সম্পৰ্কৰ বিষয়ে জল্পনা-কল্পনাৰ বাবে শিৰোনাম দখল কৰি থাকে। ৰশ্মিকা আৰু বিজয়ে প্ৰায়ে ৰাজহুৱা স্থানত নিজৰ দৃঢ় বন্ধুত্বৰ বিষয়ে আলোচনা কৰে যদিও ডেটিং উৰাবাতৰিত মৌনতা অৱলম্বন কৰে দুয়োয়ে । শেহতীয়াকৈ বিবাহৰ সাজ-পোছাক পিন্ধা বিজয় আৰু ৰশ্মিকাৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য'ত অনুৰাগীসকল আচৰিত হৈছে।

ৰশ্মিকা মন্দনা আৰু বিজয় দেৱৰাকোণ্ডাৰ ফটো এখন যথেষ্ট ভাইৰেল হৈ পৰিছে, যিখন দেখি মানুহে কয় যে দুয়োজন অভিনেতাই গোপনে বিয়া কৰাইছে। এই ফটোখনত ৰশ্মিকা আৰু বিজয়ে ডিঙিত মালা পিন্ধিছে আৰু বিবাহৰ ৰূপত দেখা গৈছে। যদিও এই ছবিখন আচলতে ভুৱা আৰু সম্পাদনা কৰা।

এই ফটোখন বিজয় দেৱেৰাকোণ্ডাৰ ফেন পেজত পোষ্ট কৰা হৈছে য'ত চাউথ ছুপাৰষ্টাৰসকলক দৰা-কইনা হিচাপে দেখুওৱা হৈছে। এই ফটোখনে ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু অনুৰাগীসকলে ইয়াক দেখাৰ পিছতেই অতিশয় উৎসাহিত হৈ পৰিছে।

আচলতে ভাইৰেল হোৱা আলোকচিত্ৰখন এখন  ফেন ইডিটিং ফটো। ৰশ্মিকা মাণ্ডন্নাই ৰঙা বেংগলৰ সৈতে ক্ৰীম ৰঙৰ শাৰী পিন্ধা দেখা গৈছে। আনহাতে বিজয়ে পিন্ধিছে বগা শ্বেৰৱানী। আনন্দৰে একেলগে পোজ দিয়া দুয়োজন অভিনেতাই মালা পিন্ধি ইজনে সিজনৰ ওচৰত থিয় হৈ আছে।

বিজয় আৰু ৰশ্মিকাই গীতা গোবিন্দম আৰু ডিয়াৰ কমৰেড আদি ছবিত একেলগে কাম কৰি আহিছে। দুয়োৰে মাজতো বহুত ভাল বন্ধন আছে। ইয়াৰ পূৰ্বে বিজয় দেৱেৰাকোণ্ডাই কফি উইথ কৰণ ৭ৰ এটা খণ্ডত ৰশ্মিকাৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈছিল আৰু তেওঁক ‘ডাৰ্লিং’ বুলিও অভিহিত কৰিছিল।

ইফালে এইক্ষেত্ৰত বিজয়ে কয়, ‘আমি একেলগে ২খন ছবি কৰিছো আৰু সেইবোৰ বিশেষ। তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ড। ছবিত আপোনা আপুনি ইজনে সিজনৰ ওচৰত অতি সোনকালে ওচৰ চাপি যোৱা হয় আৰু সেয়েহে এটা বন্ধন দ্ৰুতগতিত গঢ় লৈ উঠে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক