--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ বিখ্যাত তাৰকা ৰশ্মিকা মণ্ডন্না আৰু বিজয় দেৱেৰাকোণ্ডাৰ সম্পৰ্কৰ উৰাবাতৰিয়ে  শিৰোনামা দখল কৰি থাকে। ছবিতো দুয়োৰে অনস্ক্ৰীণ যোৰাটো বহুতৰে প্ৰিয়। কিছুদিনৰ পৰা দুয়োজনে ইজনে সিজনক ডেটিং কৰি থকাৰ খবৰ আহিছে আৰু প্ৰায়ে দুয়োজনে নিজৰ সম্পৰ্কৰ বিষয়ে জল্পনা-কল্পনাৰ বাবে শিৰোনাম দখল কৰি থাকে। ৰশ্মিকা আৰু বিজয়ে প্ৰায়ে ৰাজহুৱা স্থানত নিজৰ দৃঢ় বন্ধুত্বৰ বিষয়ে আলোচনা কৰে যদিও ডেটিং উৰাবাতৰিত মৌনতা অৱলম্বন কৰে দুয়োয়ে । শেহতীয়াকৈ বিবাহৰ সাজ-পোছাক পিন্ধা বিজয় আৰু ৰশ্মিকাৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য'ত অনুৰাগীসকল আচৰিত হৈছে।

ৰশ্মিকা মন্দনা আৰু বিজয় দেৱৰাকোণ্ডাৰ ফটো এখন যথেষ্ট ভাইৰেল হৈ পৰিছে, যিখন দেখি মানুহে কয় যে দুয়োজন অভিনেতাই গোপনে বিয়া কৰাইছে। এই ফটোখনত ৰশ্মিকা আৰু বিজয়ে ডিঙিত মালা পিন্ধিছে আৰু বিবাহৰ ৰূপত দেখা গৈছে। যদিও এই ছবিখন আচলতে ভুৱা আৰু সম্পাদনা কৰা।

এই ফটোখন বিজয় দেৱেৰাকোণ্ডাৰ ফেন পেজত পোষ্ট কৰা হৈছে য'ত চাউথ ছুপাৰষ্টাৰসকলক দৰা-কইনা হিচাপে দেখুওৱা হৈছে। এই ফটোখনে ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু অনুৰাগীসকলে ইয়াক দেখাৰ পিছতেই অতিশয় উৎসাহিত হৈ পৰিছে।

আচলতে ভাইৰেল হোৱা আলোকচিত্ৰখন এখন  ফেন ইডিটিং ফটো। ৰশ্মিকা মাণ্ডন্নাই ৰঙা বেংগলৰ সৈতে ক্ৰীম ৰঙৰ শাৰী পিন্ধা দেখা গৈছে। আনহাতে বিজয়ে পিন্ধিছে বগা শ্বেৰৱানী। আনন্দৰে একেলগে পোজ দিয়া দুয়োজন অভিনেতাই মালা পিন্ধি ইজনে সিজনৰ ওচৰত থিয় হৈ আছে।

বিজয় আৰু ৰশ্মিকাই গীতা গোবিন্দম আৰু ডিয়াৰ কমৰেড আদি ছবিত একেলগে কাম কৰি আহিছে। দুয়োৰে মাজতো বহুত ভাল বন্ধন আছে। ইয়াৰ পূৰ্বে বিজয় দেৱেৰাকোণ্ডাই কফি উইথ কৰণ ৭ৰ এটা খণ্ডত ৰশ্মিকাৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈছিল আৰু তেওঁক ‘ডাৰ্লিং’ বুলিও অভিহিত কৰিছিল।

ইফালে এইক্ষেত্ৰত বিজয়ে কয়, ‘আমি একেলগে ২খন ছবি কৰিছো আৰু সেইবোৰ বিশেষ। তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ড। ছবিত আপোনা আপুনি ইজনে সিজনৰ ওচৰত অতি সোনকালে ওচৰ চাপি যোৱা হয় আৰু সেয়েহে এটা বন্ধন দ্ৰুতগতিত গঢ় লৈ উঠে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ