--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইকেইদিন ‘উঁচাই’ ছবিখনক লৈ চৰ্চাত আছে নীনা গুপ্তা। এই ছবিখনত তেওঁৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰা হৈছে। চলচ্চিত্ৰৰ উপৰিও ব্যক্তিগত জীৱনৰ বাবেও প্ৰায়ে শিৰোনাম দখল কৰে নীনা গুপ্তাই। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে এটা সময়ত ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক বাতৰিৰ শিৰোনামত আছিল। অৱশ্যে নীনা আৰু ভিভিয়ানৰ বিয়া হোৱা নাছিল। প্ৰেমৰ পৰিণতিত ভিভিয়ান ৰিচাৰ্ডছৰ সন্তানৰ মাতৃ হৈছিল নীনা গুপ্তা। বিবাহৰ পূৰ্বেই মাতৃত্ব অৰ্জন কৰিছিল নীনাই। নীনা গুপ্তা আৰু ভিভিয়ানৰ কন্যাৰ নাম মাছাবা। মাছাবা গুপ্তা বৰ্তমান এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ।
Neena Gupta says she will do anything for Masaba but not for her husband |  Bollywood - Hindustan Times
প্ৰায়ে নীনা গুপ্তাই নিজৰ জীৱনৰ কথা মুকলিকৈ কোৱা দেখা যায়। তেওঁ বহুবাৰ কৈছে যে বিয়া নোহোৱাকৈ সন্তান জন্ম দিয়াৰ সিদ্ধান্ত একেবাৰেই সহজ নাছিল। নীনা গুপ্তাই কয়, ‘‘গৰ্ভাৱস্থাৰ কথা গম পাই মই সুখত ফাটি পৰা নাছিলোঁ। মই এটা কথাতে সুখী হৈছিলোঁ কাৰণ মই তেওঁক ভাল পাইছিলোঁ। লগে লগে মই তেওঁক ফোন কৰি সুধিলোঁ 'আপুনি যদি নিবিচাৰে তেন্তে মই এই সন্তানটো জন্ম নিদিওঁ'। তেওঁ ক’লে, এই সন্তানটোক জন্ম দিয়া, মই ভাল পাম।’’
Masaba Masaba 2: Masaba and Neena Gupta are out for world domination in  Netflix show, see photo | Entertainment News,The Indian Express
নীনা গুপ্তাই আৰু কয়, ‘‘সকলোৱে মোক বাধা দিছিল। এগৰাকী অবিবাহিতা নাৰীয়ে সন্তান জন্ম দিয়া কেনেকৈ সম্ভৱ?’ ভিভিয়ান ইতিমধ্যে বিবাহিত আছিল। তেওঁৰ পত্নী আৰু সন্তান আছিল আৰু মই তেওঁক বিয়া কৰাই এণ্টিগুয়াত থাকিবলৈ যাব নোৱাৰোঁ।’’ 

নীনাই লগতে কয়, ‘‘যৌৱনত মানুহ অন্ধ হৈ পৰে। প্ৰেমত পৰিলে কাৰো কথা নুশুনে। কোনো সন্তানেই মাক-দেউতাকৰ কথা নুশুনে, ময়ো তেনেকুৱাই আছিলোঁ। প্ৰথম অৱস্থাত সকলোৱে মোৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। অৱশ্যে পাছলৈ দেউতাই মোক সহায় কৰিছিল।’’
Breakup story: Neena Gupta and Vivian Richards
উল্লেখ্য যে ভিভিয়ান ৰিচাৰ্ডছে জয়পুৰত নীনা গুপ্তাক লগ পাইছিল। সেই সময়ত নীনাই বিনোদ খান্নাৰ সৈতে এখন ছবিৰ শ্বুটিং কৰি আছিল। জয়পুৰৰ মহাৰাণীয়ে ছবিখনৰ ষ্টাৰকাষ্ট আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলক ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। ইয়াতেই প্ৰথমবাৰৰ বাবে নীনা আৰু ভিভিয়ানৰ লগ হৈছিল। তাৰপাছত দুয়োৰে মাজত প্ৰেম জাগি উঠে। ভিভিয়ানৰ পৰা বিচ্ছিন্ন হোৱাৰ পাছত নীনাই কন্যা মাছাবাক ছিংগল মাডাৰ হিচাপে ডাঙৰ-দীঘল কৰিছিল।
Neena Gupta's husband Vivek Mehra talks about his relationship with Masaba  Gupta-Entertainment News , Firstpost
ভিভিয়ান আৰু নীনাৰ বিবাহ নহ’ল যদিও ২০০৮ চনত বিবেক মেহৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয় নীনা গুপ্তা। সেই সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৪৯ বছৰ। ইতিমধ্যে বিবাহিত বিবেক মেহৰা সেই সময়ত পত্নীৰ পৰা পৃথকে থাকিবলৈ লৈছিল। বিবেক আছিল দুই সন্তানৰ পিতৃ। বিমানত নীনা গুপ্তাই লগ পাইছিল বিবেক মেহৰাক। ইয়াৰ পাছতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু তাৰ পৰিণতিত বিয়া হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু