--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইকেইদিন ‘উঁচাই’ ছবিখনক লৈ চৰ্চাত আছে নীনা গুপ্তা। এই ছবিখনত তেওঁৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰা হৈছে। চলচ্চিত্ৰৰ উপৰিও ব্যক্তিগত জীৱনৰ বাবেও প্ৰায়ে শিৰোনাম দখল কৰে নীনা গুপ্তাই। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে এটা সময়ত ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক বাতৰিৰ শিৰোনামত আছিল। অৱশ্যে নীনা আৰু ভিভিয়ানৰ বিয়া হোৱা নাছিল। প্ৰেমৰ পৰিণতিত ভিভিয়ান ৰিচাৰ্ডছৰ সন্তানৰ মাতৃ হৈছিল নীনা গুপ্তা। বিবাহৰ পূৰ্বেই মাতৃত্ব অৰ্জন কৰিছিল নীনাই। নীনা গুপ্তা আৰু ভিভিয়ানৰ কন্যাৰ নাম মাছাবা। মাছাবা গুপ্তা বৰ্তমান এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ।
Neena Gupta says she will do anything for Masaba but not for her husband |  Bollywood - Hindustan Times
প্ৰায়ে নীনা গুপ্তাই নিজৰ জীৱনৰ কথা মুকলিকৈ কোৱা দেখা যায়। তেওঁ বহুবাৰ কৈছে যে বিয়া নোহোৱাকৈ সন্তান জন্ম দিয়াৰ সিদ্ধান্ত একেবাৰেই সহজ নাছিল। নীনা গুপ্তাই কয়, ‘‘গৰ্ভাৱস্থাৰ কথা গম পাই মই সুখত ফাটি পৰা নাছিলোঁ। মই এটা কথাতে সুখী হৈছিলোঁ কাৰণ মই তেওঁক ভাল পাইছিলোঁ। লগে লগে মই তেওঁক ফোন কৰি সুধিলোঁ 'আপুনি যদি নিবিচাৰে তেন্তে মই এই সন্তানটো জন্ম নিদিওঁ'। তেওঁ ক’লে, এই সন্তানটোক জন্ম দিয়া, মই ভাল পাম।’’
Masaba Masaba 2: Masaba and Neena Gupta are out for world domination in  Netflix show, see photo | Entertainment News,The Indian Express
নীনা গুপ্তাই আৰু কয়, ‘‘সকলোৱে মোক বাধা দিছিল। এগৰাকী অবিবাহিতা নাৰীয়ে সন্তান জন্ম দিয়া কেনেকৈ সম্ভৱ?’ ভিভিয়ান ইতিমধ্যে বিবাহিত আছিল। তেওঁৰ পত্নী আৰু সন্তান আছিল আৰু মই তেওঁক বিয়া কৰাই এণ্টিগুয়াত থাকিবলৈ যাব নোৱাৰোঁ।’’ 

নীনাই লগতে কয়, ‘‘যৌৱনত মানুহ অন্ধ হৈ পৰে। প্ৰেমত পৰিলে কাৰো কথা নুশুনে। কোনো সন্তানেই মাক-দেউতাকৰ কথা নুশুনে, ময়ো তেনেকুৱাই আছিলোঁ। প্ৰথম অৱস্থাত সকলোৱে মোৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। অৱশ্যে পাছলৈ দেউতাই মোক সহায় কৰিছিল।’’
Breakup story: Neena Gupta and Vivian Richards
উল্লেখ্য যে ভিভিয়ান ৰিচাৰ্ডছে জয়পুৰত নীনা গুপ্তাক লগ পাইছিল। সেই সময়ত নীনাই বিনোদ খান্নাৰ সৈতে এখন ছবিৰ শ্বুটিং কৰি আছিল। জয়পুৰৰ মহাৰাণীয়ে ছবিখনৰ ষ্টাৰকাষ্ট আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলক ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। ইয়াতেই প্ৰথমবাৰৰ বাবে নীনা আৰু ভিভিয়ানৰ লগ হৈছিল। তাৰপাছত দুয়োৰে মাজত প্ৰেম জাগি উঠে। ভিভিয়ানৰ পৰা বিচ্ছিন্ন হোৱাৰ পাছত নীনাই কন্যা মাছাবাক ছিংগল মাডাৰ হিচাপে ডাঙৰ-দীঘল কৰিছিল।
Neena Gupta's husband Vivek Mehra talks about his relationship with Masaba  Gupta-Entertainment News , Firstpost
ভিভিয়ান আৰু নীনাৰ বিবাহ নহ’ল যদিও ২০০৮ চনত বিবেক মেহৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয় নীনা গুপ্তা। সেই সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৪৯ বছৰ। ইতিমধ্যে বিবাহিত বিবেক মেহৰা সেই সময়ত পত্নীৰ পৰা পৃথকে থাকিবলৈ লৈছিল। বিবেক আছিল দুই সন্তানৰ পিতৃ। বিমানত নীনা গুপ্তাই লগ পাইছিল বিবেক মেহৰাক। ইয়াৰ পাছতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু তাৰ পৰিণতিত বিয়া হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উজলিল অসম; দেশৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ ৩খন গাঁও পঞ্চায়ত
ভাৰতত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰ ISIৰ
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত