--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক সম্প্ৰীতিৰ অভাৱ ঘটা বুলি বহুতে আলোচনা কৰি থকাৰ সময়তে এহাল মুছলমান দম্পতীয়ে কৰা এক বিশেষ কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মুছলমান দম্পতীয়ে শেহতীয়াকৈ  তিৰুপতি মন্দিৰলৈ ১ কোটি টকা দান কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে ।

চাবিনা বানু আৰু আব্দুল গনি নামৰ পতি-পত্নীহালে  মন্দিৰৰ কাষতে নৱনিৰ্মিত পদ্মাৱতী ৰেষ্ট হাউচৰ আচবাব আৰু বাচন-বৰ্তন কিনাৰ বাবে  ৮৭ লাখ টকা দান কৰিছে। তেওঁলোকে মন্দিৰৰ এছ ভি আন্না প্ৰসাদম ট্ৰাষ্টৰ বাবেও ১৫ লাখ টকাৰ দান দিছে।।

ইয়াকেলৈ সৰ্বোপৰি তেওঁলোকে  মন্দিৰ কৰ্তৃপক্ষক  ১.০২ কোটি টকাৰ চেক প্ৰদান কৰিছে।মন কৰিকৰিব লগীয়া যে এই মন্দিৰটো তিৰুপতিৰ তিৰুমালা পৰ্বতত অৱস্থিত। জন বিশ্বাস অনুসৰি বিষ্ণুৱে মন্দিৰটোত শ্ৰী ভেঙ্কটেশ্বৰৰ ৰূপত উপবিষ্ট হৈ  আছে।

 এই মন্দিৰক  সমগ্ৰ দেশ আৰু বিশ্বতে বালাজী বা তিৰুপতি মন্দিৰ বুলি জনা যায়। পৃথিৱীৰ আটাইতকৈ ধনী মন্দিৰ হিচাবে পৰিচিত  তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ দ্বাৰা পৰিচালিত হয়। আন্না প্ৰসাদম ট্ৰাষ্টৰ উদ্যোগত মন্দিৰলৈ অহা দৰ্শনাৰ্থীসকলক প্ৰতিদিনে বিনামূলীয়াকৈ আহাৰ প্ৰদান কৰা হয়।  

১৫ লাখ টকা ভক্তৰ আহাৰৰ বাবে  ট্ৰাষ্টক দান কৰিছে মুছলমান দম্পতীহালে। চেন্নাইৰ দম্পতীহালৰ এনে মহানুভৱতাক সকলোৱে শলাগিছে।  ইয়াৰ আগতেও তেওঁলোকে মন্দিৰটোলৈ  ৩৫ লাখ টকা দান কৰিছিল।

মুছলমান  দম্পতীহালৰ এনে মহানুভৱতাৰ কথা এতিয়া  ভাইৰেল হৈ পৰিছে। তেওঁলোকৰ কৰ্মই বহুতকে নতুনকৈ সম্প্ৰীতিৰ কথা মনত পেলাই দিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক