--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক সম্প্ৰীতিৰ অভাৱ ঘটা বুলি বহুতে আলোচনা কৰি থকাৰ সময়তে এহাল মুছলমান দম্পতীয়ে কৰা এক বিশেষ কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মুছলমান দম্পতীয়ে শেহতীয়াকৈ  তিৰুপতি মন্দিৰলৈ ১ কোটি টকা দান কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে ।

চাবিনা বানু আৰু আব্দুল গনি নামৰ পতি-পত্নীহালে  মন্দিৰৰ কাষতে নৱনিৰ্মিত পদ্মাৱতী ৰেষ্ট হাউচৰ আচবাব আৰু বাচন-বৰ্তন কিনাৰ বাবে  ৮৭ লাখ টকা দান কৰিছে। তেওঁলোকে মন্দিৰৰ এছ ভি আন্না প্ৰসাদম ট্ৰাষ্টৰ বাবেও ১৫ লাখ টকাৰ দান দিছে।।

ইয়াকেলৈ সৰ্বোপৰি তেওঁলোকে  মন্দিৰ কৰ্তৃপক্ষক  ১.০২ কোটি টকাৰ চেক প্ৰদান কৰিছে।মন কৰিকৰিব লগীয়া যে এই মন্দিৰটো তিৰুপতিৰ তিৰুমালা পৰ্বতত অৱস্থিত। জন বিশ্বাস অনুসৰি বিষ্ণুৱে মন্দিৰটোত শ্ৰী ভেঙ্কটেশ্বৰৰ ৰূপত উপবিষ্ট হৈ  আছে।

 এই মন্দিৰক  সমগ্ৰ দেশ আৰু বিশ্বতে বালাজী বা তিৰুপতি মন্দিৰ বুলি জনা যায়। পৃথিৱীৰ আটাইতকৈ ধনী মন্দিৰ হিচাবে পৰিচিত  তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ দ্বাৰা পৰিচালিত হয়। আন্না প্ৰসাদম ট্ৰাষ্টৰ উদ্যোগত মন্দিৰলৈ অহা দৰ্শনাৰ্থীসকলক প্ৰতিদিনে বিনামূলীয়াকৈ আহাৰ প্ৰদান কৰা হয়।  

১৫ লাখ টকা ভক্তৰ আহাৰৰ বাবে  ট্ৰাষ্টক দান কৰিছে মুছলমান দম্পতীহালে। চেন্নাইৰ দম্পতীহালৰ এনে মহানুভৱতাক সকলোৱে শলাগিছে।  ইয়াৰ আগতেও তেওঁলোকে মন্দিৰটোলৈ  ৩৫ লাখ টকা দান কৰিছিল।

মুছলমান  দম্পতীহালৰ এনে মহানুভৱতাৰ কথা এতিয়া  ভাইৰেল হৈ পৰিছে। তেওঁলোকৰ কৰ্মই বহুতকে নতুনকৈ সম্প্ৰীতিৰ কথা মনত পেলাই দিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু