--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ মন্দিৰৰ ভোগ পায়স, বুট-মাহ অথবা ফল-মূল নহয়, এই মদিৰত ভোগ হিচাবে দিয়া হয় কেৱল মদ! মন্দিৰৰ সন্মুখত দুখন দোকান আছে। দোকানৰ সন্মুখত ভক্তই ভিৰ কৰে মদ কিনিবলৈ।  সেই মদ ভক্তই নিজে সেৱন কৰিবলৈ নিকিনে, সেই মদ প্ৰসাদ হিচাবে দিয়ে দেৱীক। এই মন্দিৰত নাৰিকল আৰু ফুলৰ সৈতে বাস্কেটত সুৰাৰ বটলবোৰ ভোগ হিচাপে দিয়া হয় । মদ প্ৰসাদ হিচাবে দিয়া এই মন্দিৰটো আছে মধ্য প্ৰদেশত। মন্দিৰটোৰ নাম  কালভৈৰৱৰ মন্দিৰ।
 

এই মন্দিৰৰ সন্মুখত দিনে -নিশাই খোলা থাকে সুৰাৰ দোকান ।দোকানবোৰত  সকলো ধৰণৰ স্থানীয় আৰু বিদেশী সুৰা উপলব্ধ। মদ প্ৰসাদ হিচাবে দিয়া এই মন্দিৰটো উজ্জয়িনী চহৰৰ এটা বিখ্যাত হিন্দু মন্দিৰ। বহু বছৰ আগতে শিপ্ৰা নদীৰ পাৰত নিৰ্মাণ কৰা কালভৈৰৱ মন্দিৰলৈ প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই উপাসনা কৰিবলৈ আহে।

এই কালভৈৰৱ মন্দিৰৰ কথা  স্কন্দ পুৰাণৰ 'অৱন্তী খাণ্ডা'ত উল্লেখ আছে। মন্দিৰটো ভদ্ৰসেন নামৰ এজন ৰজাই ৯০০ ৰ পৰা ১৩০০ খ্ৰীঃৰ ভিতৰত প্ৰতিষ্ঠা কৰিছিল। দেশৰ মদ-মাংস আদি প্ৰসাদ হিচাবে আগবঢ়োৱা  আন কেইটামান মন্দিৰ হৈছে খাবিছ বাবা মন্দিৰ:লক্ষ্ণৌৰ খাবিছ বাবা মন্দিৰত প্ৰতিদিনে ভক্তই হাতত প্ৰসাদ হিচাবে হুইস্কিৰ বটললৈহে প্ৰৱেশ কৰে। 

সেই প্ৰসাদ পিছত ভক্তৰ মাজত বিতৰণ কৰা হয়।
পাৰাচিন্নিক্কাদাভু মন্দিৰ:কান্নুৰৰ পাৰাচিন্নিক্কাদাভু মন্দিৰত অনুষ্ঠিত কুম্ভম উৎসৱত ভক্তই মদ-মাংস আৰু মাছেৰে পূজা-অৰ্চনা কৰা হয়।এই উৎসৱৰ বাবেও আন সময়তো ভক্তই মদ প্ৰসাদ হিচাবে আগবঢ়ায় আদি।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু