--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ মন্দিৰৰ ভোগ পায়স, বুট-মাহ অথবা ফল-মূল নহয়, এই মদিৰত ভোগ হিচাবে দিয়া হয় কেৱল মদ! মন্দিৰৰ সন্মুখত দুখন দোকান আছে। দোকানৰ সন্মুখত ভক্তই ভিৰ কৰে মদ কিনিবলৈ।  সেই মদ ভক্তই নিজে সেৱন কৰিবলৈ নিকিনে, সেই মদ প্ৰসাদ হিচাবে দিয়ে দেৱীক। এই মন্দিৰত নাৰিকল আৰু ফুলৰ সৈতে বাস্কেটত সুৰাৰ বটলবোৰ ভোগ হিচাপে দিয়া হয় । মদ প্ৰসাদ হিচাবে দিয়া এই মন্দিৰটো আছে মধ্য প্ৰদেশত। মন্দিৰটোৰ নাম  কালভৈৰৱৰ মন্দিৰ।
 

এই মন্দিৰৰ সন্মুখত দিনে -নিশাই খোলা থাকে সুৰাৰ দোকান ।দোকানবোৰত  সকলো ধৰণৰ স্থানীয় আৰু বিদেশী সুৰা উপলব্ধ। মদ প্ৰসাদ হিচাবে দিয়া এই মন্দিৰটো উজ্জয়িনী চহৰৰ এটা বিখ্যাত হিন্দু মন্দিৰ। বহু বছৰ আগতে শিপ্ৰা নদীৰ পাৰত নিৰ্মাণ কৰা কালভৈৰৱ মন্দিৰলৈ প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই উপাসনা কৰিবলৈ আহে।

এই কালভৈৰৱ মন্দিৰৰ কথা  স্কন্দ পুৰাণৰ 'অৱন্তী খাণ্ডা'ত উল্লেখ আছে। মন্দিৰটো ভদ্ৰসেন নামৰ এজন ৰজাই ৯০০ ৰ পৰা ১৩০০ খ্ৰীঃৰ ভিতৰত প্ৰতিষ্ঠা কৰিছিল। দেশৰ মদ-মাংস আদি প্ৰসাদ হিচাবে আগবঢ়োৱা  আন কেইটামান মন্দিৰ হৈছে খাবিছ বাবা মন্দিৰ:লক্ষ্ণৌৰ খাবিছ বাবা মন্দিৰত প্ৰতিদিনে ভক্তই হাতত প্ৰসাদ হিচাবে হুইস্কিৰ বটললৈহে প্ৰৱেশ কৰে। 

সেই প্ৰসাদ পিছত ভক্তৰ মাজত বিতৰণ কৰা হয়।
পাৰাচিন্নিক্কাদাভু মন্দিৰ:কান্নুৰৰ পাৰাচিন্নিক্কাদাভু মন্দিৰত অনুষ্ঠিত কুম্ভম উৎসৱত ভক্তই মদ-মাংস আৰু মাছেৰে পূজা-অৰ্চনা কৰা হয়।এই উৎসৱৰ বাবেও আন সময়তো ভক্তই মদ প্ৰসাদ হিচাবে আগবঢ়ায় আদি।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক