--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি গুৱাহাটীৰ হোটল লিলিত সম্পম্ন হয় বিৰোধী ঐক্যমঞ্চৰ বৈঠক৷ ৰাজ্যৰ ১৩টাকৈ বিৰোধী দলে অংশ লোৱা বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০২৪ৰ লোকসভা নিৰ্বাচনত  বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থিত্বৰ সিদ্ধান্তৰ ঐকমত্যত উপনীত হয় বিৰোধী ঐক্যমঞ্চ। অৱশ্যে, প্ৰাৰ্থিত্ব সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত পুনৰ অনুষ্ঠিত হ’ব বিৰোধীৰ বৈঠক। 

বিৰোধীৰ ভোট বিভাজিত হ’বলৈ নিদিয়াৰ সংকল্প লোৱা হয় বৈঠকত। আৰু এই বৈঠকৰ পাছতেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাইজৰ দলৰ। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজৰ দলে। বিৰোধী ঐক্যৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ দলে৷ বিৰোধী ঐক্যমঞ্চৰ বৈঠকৰ পাছত অখিল গগৈয়ে কৰিছে এই ঘোষণা। এই সন্দৰ্ভত দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় কৰ্ণধাৰ সমিতিৰ বৈঠক। কৰ্ণধাৰ সমিতিৰ বৈঠকতে আগন্তুক লোকসভাত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা নকৰাৰ আনুষ্ঠানিক সিদ্ধান্ত লয়৷

২০২৪ৰ নিৰ্বাচনত দেশৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ জটিল  আৰু স্পৰ্শকাতৰ নিৰ্বাচন বুলি উল্লেখ কৰে ৰাইজৰ দলে৷ যিকোনো পৰিস্থিতিত বিজেপিক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত ৰাইজৰ দলে সৰ্বোচ্চ ত্যাগ কৰা বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷

আনহাতে, আজিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি মিত্ৰজোঁটে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিব অভিযোগ পত্ৰ। অভিযোগ পত্ৰ প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছে সাংসদ অজিত ভূঞা, ৰকিবুল হুছেইনক। বৈঠকৰ পাছত এই কথা সদৰী কৰে APCCৰ সভাপতি ভূপেন বৰাই। প্ৰকাশ কৰা হ’ব ন্যূনতম সাধাৰণ কৰ্মসূচী। কৰ্মসূচী প্ৰস্তুত কৰাৰ দায়িত্ব ৰিপুণ বৰাক।

নৱেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁটৰ বৃহৎ সন্মিলন। ২০২৪ৰ নিৰ্বাচনত দুৰ্নীতি–মূল্যবৃদ্ধি NPS হ’ব বিৰোধীৰ ৰাজনৈতিক ইছ্যু। মূল্যবৃদ্ধিক লৈ বৃহৎ পৰিসৰত আন্দোলনৰ কাৰ্যসূচী লোৱাৰ ঘোষণা কৰে বিৰোধী ঐক্যমঞ্চই৷

১৪টাকৈ লোকসভা সমষ্টিতে বহুকেইখন সভা অনুষ্ঠিত কৰাৰো ঘোষণা কৰা হয় আজিৰ বৈঠকত। ইপিনে, আসন বুজাপৰাক লৈ মিত্ৰজোঁটৰ মাজত কোনো সংঘাত নাই বুলি স্পষ্ট কৰিলে বিৰোধী নেতৃত্বই। কোনো ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব নাপালেও আঁতৰি নাযায় মিত্ৰজোঁটৰ পৰা। মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে ‘ছুপ্ৰিম ছেক্ৰিফাইছ’ কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

ঠিক সেইদৰে এই ঐক্যমঞ্চ ’২৪ৰ লগতে ২০২৬ চনলৈও বৰ্তি থাকিব বুলি মন্তব্য কৰে মিত্ৰজোঁটৰ নেতৃত্বই। মুঠ ভোটৰ ৬২% বিৰোধীৰ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। এনেদৰেই বহুকেইটা বিষয়ত সহমত পোষণ কৰি অন্ত পৰে বিৰোধী মিত্ৰজোঁটৰ দ্বিতীয়খন বৈঠক।

কিন্তু, এই বৈঠকৰ পাছতেই একাধিক দলৰ ভূমিকা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ বিজেপিবিৰোধী ভোট বিৰোধী ঐক্যমঞ্চই ৰোধ পাৰিবনে, তাকে লৈও চলিছে নতুন চৰ্চা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক