--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি গুৱাহাটীৰ হোটল লিলিত সম্পম্ন হয় বিৰোধী ঐক্যমঞ্চৰ বৈঠক৷ ৰাজ্যৰ ১৩টাকৈ বিৰোধী দলে অংশ লোৱা বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০২৪ৰ লোকসভা নিৰ্বাচনত  বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থিত্বৰ সিদ্ধান্তৰ ঐকমত্যত উপনীত হয় বিৰোধী ঐক্যমঞ্চ। অৱশ্যে, প্ৰাৰ্থিত্ব সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত পুনৰ অনুষ্ঠিত হ’ব বিৰোধীৰ বৈঠক। 

বিৰোধীৰ ভোট বিভাজিত হ’বলৈ নিদিয়াৰ সংকল্প লোৱা হয় বৈঠকত। আৰু এই বৈঠকৰ পাছতেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাইজৰ দলৰ। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজৰ দলে। বিৰোধী ঐক্যৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ দলে৷ বিৰোধী ঐক্যমঞ্চৰ বৈঠকৰ পাছত অখিল গগৈয়ে কৰিছে এই ঘোষণা। এই সন্দৰ্ভত দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় কৰ্ণধাৰ সমিতিৰ বৈঠক। কৰ্ণধাৰ সমিতিৰ বৈঠকতে আগন্তুক লোকসভাত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা নকৰাৰ আনুষ্ঠানিক সিদ্ধান্ত লয়৷

২০২৪ৰ নিৰ্বাচনত দেশৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ জটিল  আৰু স্পৰ্শকাতৰ নিৰ্বাচন বুলি উল্লেখ কৰে ৰাইজৰ দলে৷ যিকোনো পৰিস্থিতিত বিজেপিক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত ৰাইজৰ দলে সৰ্বোচ্চ ত্যাগ কৰা বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷

আনহাতে, আজিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি মিত্ৰজোঁটে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিব অভিযোগ পত্ৰ। অভিযোগ পত্ৰ প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছে সাংসদ অজিত ভূঞা, ৰকিবুল হুছেইনক। বৈঠকৰ পাছত এই কথা সদৰী কৰে APCCৰ সভাপতি ভূপেন বৰাই। প্ৰকাশ কৰা হ’ব ন্যূনতম সাধাৰণ কৰ্মসূচী। কৰ্মসূচী প্ৰস্তুত কৰাৰ দায়িত্ব ৰিপুণ বৰাক।

নৱেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁটৰ বৃহৎ সন্মিলন। ২০২৪ৰ নিৰ্বাচনত দুৰ্নীতি–মূল্যবৃদ্ধি NPS হ’ব বিৰোধীৰ ৰাজনৈতিক ইছ্যু। মূল্যবৃদ্ধিক লৈ বৃহৎ পৰিসৰত আন্দোলনৰ কাৰ্যসূচী লোৱাৰ ঘোষণা কৰে বিৰোধী ঐক্যমঞ্চই৷

১৪টাকৈ লোকসভা সমষ্টিতে বহুকেইখন সভা অনুষ্ঠিত কৰাৰো ঘোষণা কৰা হয় আজিৰ বৈঠকত। ইপিনে, আসন বুজাপৰাক লৈ মিত্ৰজোঁটৰ মাজত কোনো সংঘাত নাই বুলি স্পষ্ট কৰিলে বিৰোধী নেতৃত্বই। কোনো ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব নাপালেও আঁতৰি নাযায় মিত্ৰজোঁটৰ পৰা। মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে ‘ছুপ্ৰিম ছেক্ৰিফাইছ’ কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

ঠিক সেইদৰে এই ঐক্যমঞ্চ ’২৪ৰ লগতে ২০২৬ চনলৈও বৰ্তি থাকিব বুলি মন্তব্য কৰে মিত্ৰজোঁটৰ নেতৃত্বই। মুঠ ভোটৰ ৬২% বিৰোধীৰ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। এনেদৰেই বহুকেইটা বিষয়ত সহমত পোষণ কৰি অন্ত পৰে বিৰোধী মিত্ৰজোঁটৰ দ্বিতীয়খন বৈঠক।

কিন্তু, এই বৈঠকৰ পাছতেই একাধিক দলৰ ভূমিকা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ বিজেপিবিৰোধী ভোট বিৰোধী ঐক্যমঞ্চই ৰোধ পাৰিবনে, তাকে লৈও চলিছে নতুন চৰ্চা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক