--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ‘মহাভাৰত’ৰ অভিনেতা৷ সম্পত্তিক লৈ চুবুৰীয়াৰ সৈতে হোৱা বিবাদৰ বাবে এজন যুৱক নিহত হৈছিল উত্তৰ প্ৰদেশৰ বিজনৌৰত৷

আৰু এই ঘটনাৰে নাম সাঙোৰ খাইছিল অভিনেতা ভূপিন্দৰ সিঙৰ৷ চুবুৰীয়াৰ সৈতে হোৱা বিবাদত অভিনেতাজনে নিজৰ অনুজ্ঞাপ্ৰাপ্ত পিষ্টলেৰে গুলীচালনা কৰিছিল। গুলীচালনাত এজন যুৱক নিহত হৈছিল। আন তিনিজন আহত হোৱাৰ খবৰ পোৱা গৈছে।

ভুক্তভোগীৰ খুৰাকে অভিনেতা ভূপিন্দৰ সিঙৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে। আৰু পৰৱৰ্তী সময়ত অভিনেতাজন আৰু তেওঁৰ সহকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, তেওঁৰ দুজন সহযোগী এতিয়াও পলাতক। আৰক্ষীয়ে তেওঁলোকক বিচাৰি আছে বুলি জানিব পৰা গৈছে। দেওবাৰে ভূপিন্দৰৰ চুবুৰীয়া গুৰদীপ সিঙৰ সৈতে সম্পত্তিক লৈ বাক-বিতণ্ডা হৈছিল। তেতিয়াই অভিনেতাজনে তেওঁৰ অনুজ্ঞাপ্ৰাপ্ত পিষ্টলেৰে গুলীবৰ্ষণ আৰম্ভ কৰিছিল।

তেওঁৰ চুবুৰীয়া গুৰদীপ সিং, তেওঁৰ পত্নী আৰু তেওঁৰ দুই পুত্ৰ গুলীচালনাত আহত হৈছিল। তেওঁৰ সৰুপুত্ৰ ২২ বছৰীয়া গোবিন্দ সিঙৰ ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰ পাছত অভিনেতাজনৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। পাছত অভিনেতা ভূপিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ লগতে সহকৰ্মী জ্ঞান সিঙকো গ্ৰেপ্তাৰ কৰা হৈছিল।

ভূপিন্দৰ সিঙে ‘জয় মহাভাৰত’ৰ দ্বাৰা তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পাছত তেওঁক এক হাছিনা থি, মধুবালা এক ইশ্ক-এক জুনুন, তেৰে শ্বেহৰ মে আদি ধাৰাবাহিকত কাম কৰা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক