--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ‘মহাভাৰত’ৰ অভিনেতা৷ সম্পত্তিক লৈ চুবুৰীয়াৰ সৈতে হোৱা বিবাদৰ বাবে এজন যুৱক নিহত হৈছিল উত্তৰ প্ৰদেশৰ বিজনৌৰত৷

আৰু এই ঘটনাৰে নাম সাঙোৰ খাইছিল অভিনেতা ভূপিন্দৰ সিঙৰ৷ চুবুৰীয়াৰ সৈতে হোৱা বিবাদত অভিনেতাজনে নিজৰ অনুজ্ঞাপ্ৰাপ্ত পিষ্টলেৰে গুলীচালনা কৰিছিল। গুলীচালনাত এজন যুৱক নিহত হৈছিল। আন তিনিজন আহত হোৱাৰ খবৰ পোৱা গৈছে।

ভুক্তভোগীৰ খুৰাকে অভিনেতা ভূপিন্দৰ সিঙৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে। আৰু পৰৱৰ্তী সময়ত অভিনেতাজন আৰু তেওঁৰ সহকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, তেওঁৰ দুজন সহযোগী এতিয়াও পলাতক। আৰক্ষীয়ে তেওঁলোকক বিচাৰি আছে বুলি জানিব পৰা গৈছে। দেওবাৰে ভূপিন্দৰৰ চুবুৰীয়া গুৰদীপ সিঙৰ সৈতে সম্পত্তিক লৈ বাক-বিতণ্ডা হৈছিল। তেতিয়াই অভিনেতাজনে তেওঁৰ অনুজ্ঞাপ্ৰাপ্ত পিষ্টলেৰে গুলীবৰ্ষণ আৰম্ভ কৰিছিল।

তেওঁৰ চুবুৰীয়া গুৰদীপ সিং, তেওঁৰ পত্নী আৰু তেওঁৰ দুই পুত্ৰ গুলীচালনাত আহত হৈছিল। তেওঁৰ সৰুপুত্ৰ ২২ বছৰীয়া গোবিন্দ সিঙৰ ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰ পাছত অভিনেতাজনৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। পাছত অভিনেতা ভূপিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ লগতে সহকৰ্মী জ্ঞান সিঙকো গ্ৰেপ্তাৰ কৰা হৈছিল।

ভূপিন্দৰ সিঙে ‘জয় মহাভাৰত’ৰ দ্বাৰা তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পাছত তেওঁক এক হাছিনা থি, মধুবালা এক ইশ্ক-এক জুনুন, তেৰে শ্বেহৰ মে আদি ধাৰাবাহিকত কাম কৰা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক