--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছত্তীশগড়ত গঠন হ’ল বিজেপি চৰকাৰ৷ ভূপেশ বাঘেলৰ কংগ্ৰেছ চৰকাৰক ওফৰাই শাসনলৈ আহিল বিজেপি৷ কিন্তু, চৰকাৰ গঠন হ’লেও পৰাজিত হ’ল এগৰাকী বিজেপি প্ৰাৰ্থী৷ আৰু সেইগৰাকী প্ৰাৰ্থীক নিৰ্বাচনত জিকাবলৈ অহৰ্নিশে কষ্ট কৰিছিল তেওঁৰ সমৰ্থকসকলে৷ 

কিন্তু, তেওঁলোকৰ নেতাগৰাকী পৰাস্ত হোৱাৰ পাছত হতাশ হৈ পৰিছিল তেওঁৰ সমৰ্থকসকল৷ আৰু তাৰেই এগৰাকী সমৰ্থকে প্ৰিয়নেতাগৰাকী পৰাস্ত হোৱাৰ পাছত আধা চুলি মুণ্ডন কৰি আৰু আধা মোচ কাটি গাঁওখনৰ চাৰিওফালে ঘূৰি ফুৰিছিল৷ ছত্তীশগড়ৰ মহাচামুণ্ড জিলাত সংঘটিত হৈছে এই অদ্ভুত ঘটনা৷

মহাচামুণ্ড জিলাৰ খাল্লাৰী বিধানসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী অলকা নৰেশ চন্দ্ৰকাৰৰ পৰাজয়ে তেওঁৰ কৰ্মীসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। অলকা নৰেশ চন্দ্ৰকাৰৰ পৰাজয়ৰ পাছতেই এজন কৰ্মীয়ে তেওঁৰ আধা গোঁফ আৰু আধা চুলি মুণ্ডন কৰিছিল। প্ৰকৃততে, বিহানঝাৰ গাঁৱৰ বাসিন্দা ডেৰহাম যাদৱ এজন বিজেপি কৰ্মী। তেওঁ বিজেপি প্ৰাৰ্থী অলকা নৰেশ চন্দ্ৰকাৰৰ হৈও বহুত প্ৰচাৰ চলাইছিল। 

তেওঁ বিজেপি প্ৰাৰ্থী অলকা নৰেশ চন্দ্ৰকাৰৰ বিজয়ক লৈ সম্পূৰ্ণ আত্মবিশ্বাসী আছিল। ডেৰহাম যাদৱে অলকা নৰেশ চন্দ্ৰকাৰৰ বিজয়ো দাবী কৰিছিল৷ কেৱল এয়াই নহয় তেওঁৰ এয়াও কৈছিল যে যদি এই বিধানসভা নিৰ্বাচনত অলকা নৰেশ চন্দ্ৰকাৰে জয়ী নহয়, তেন্তে তেওঁ তেওঁৰ আধা গোঁফ আৰু আধা চুলি মুণ্ডন কৰিব আৰু তাৰ পিছত তেওঁ গোটেই গাঁওখনত ধূম্ৰপান কৰিব। 

আৰু আশ্চৰ্যজনকভাবে যাদৱে বিজেপি প্ৰাৰ্থী অলকা নৰেশ চন্দ্ৰকাৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰি তেওঁৰ আধা গোঁফ আৰু আধা চুলি মুণ্ডন কৰিছিল আৰু গাঁওখনত ঘূৰি ফুৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক