--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰৰ মাতৃত্বকালীন ছুটী লাভ কৰিব দেশৰ এখন ৰাজ্যৰ চৰকাৰী মহিলা কৰ্মচাৰীসকলে। দেশৰ কেইবাখনো আদালতে কৈছে যে মাতৃত্বকালীন ছুটী মৌলিক অধিকাৰৰ অধীনত পৰে। ইয়াক উপেক্ষা কৰাটো মানৱ অধিকাৰৰ বিৰোধী। এই কথা মনত ৰাখি ছিকিম চৰকাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। 

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে ঘোষণা কৰিছে  যে ৰাজ্য চৰকাৰৰ মহিলা কৰ্মচাৰীসকলে এতিয়াৰে পৰা ১২ মাহৰ মাতৃত্বকালীন ছুটী লাভ কৰিব। পুৰুষ কৰ্মচাৰীসকলেও এমাহৰ পিতৃত্বৰ ছুটী পাব।মুখ্যমন্ত্ৰীগৰাকীয়ে   ছিকিম ৰাজ্যিক অসামৰিক সেৱা বিষয়া সন্থাৰ এখন বৈঠকত অংশ গ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়  যে কৰ্মচাৰীসকলৰ সুবিধাৰ বাবেই পূৰ্বৰ  নিয়মবোৰ সলনি কৰা হৈছে। 

নতুন নিয়মৰ ফলত   চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ সন্তান আৰু পৰিয়ালৰ অধিক যত্ন ল'বলৈ সক্ষম হ'ব। ছিকিমৰ পুৰণি আইনে (মাতৃত্বকালীন লাভালাভ আইন, ১৯৬১ ) ২৬  সপ্তাহ বা ছমাহতকৈ অধিক মাতৃত্বকালীন ছুটী প্ৰদান কৰিছিল। সেই নিয়ম  ১২ মাহৰ মাতৃত্বকালীন ছুটীলৈ সলনি কৰা হৈছে। ইয়াৰ উপৰি  পুৰুষ কৰ্মচাৰীসকলে একে কাৰণতে এমাহৰ ছুটী পাব।

২০১৮  চনত এটা গোচৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কিৰুবাকৰণে লক্ষ্য কৰিছিল যে এটা সন্তানৰ জন্মৰ অৰ্থ হৈছে যে তেওঁৰ মাতৃৰো এক নতুন জীৱন আৰম্ভ হোৱা । তেতিয়া মাককো কেঁচুৱাৰ দৰে যত্ন, মৰম আৰু বিশ্ৰামৰ প্ৰয়োজন। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে