--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰৰ মাতৃত্বকালীন ছুটী লাভ কৰিব দেশৰ এখন ৰাজ্যৰ চৰকাৰী মহিলা কৰ্মচাৰীসকলে। দেশৰ কেইবাখনো আদালতে কৈছে যে মাতৃত্বকালীন ছুটী মৌলিক অধিকাৰৰ অধীনত পৰে। ইয়াক উপেক্ষা কৰাটো মানৱ অধিকাৰৰ বিৰোধী। এই কথা মনত ৰাখি ছিকিম চৰকাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। 

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে ঘোষণা কৰিছে  যে ৰাজ্য চৰকাৰৰ মহিলা কৰ্মচাৰীসকলে এতিয়াৰে পৰা ১২ মাহৰ মাতৃত্বকালীন ছুটী লাভ কৰিব। পুৰুষ কৰ্মচাৰীসকলেও এমাহৰ পিতৃত্বৰ ছুটী পাব।মুখ্যমন্ত্ৰীগৰাকীয়ে   ছিকিম ৰাজ্যিক অসামৰিক সেৱা বিষয়া সন্থাৰ এখন বৈঠকত অংশ গ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়  যে কৰ্মচাৰীসকলৰ সুবিধাৰ বাবেই পূৰ্বৰ  নিয়মবোৰ সলনি কৰা হৈছে। 

নতুন নিয়মৰ ফলত   চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ সন্তান আৰু পৰিয়ালৰ অধিক যত্ন ল'বলৈ সক্ষম হ'ব। ছিকিমৰ পুৰণি আইনে (মাতৃত্বকালীন লাভালাভ আইন, ১৯৬১ ) ২৬  সপ্তাহ বা ছমাহতকৈ অধিক মাতৃত্বকালীন ছুটী প্ৰদান কৰিছিল। সেই নিয়ম  ১২ মাহৰ মাতৃত্বকালীন ছুটীলৈ সলনি কৰা হৈছে। ইয়াৰ উপৰি  পুৰুষ কৰ্মচাৰীসকলে একে কাৰণতে এমাহৰ ছুটী পাব।

২০১৮  চনত এটা গোচৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কিৰুবাকৰণে লক্ষ্য কৰিছিল যে এটা সন্তানৰ জন্মৰ অৰ্থ হৈছে যে তেওঁৰ মাতৃৰো এক নতুন জীৱন আৰম্ভ হোৱা । তেতিয়া মাককো কেঁচুৱাৰ দৰে যত্ন, মৰম আৰু বিশ্ৰামৰ প্ৰয়োজন। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস