--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া বহুতৰে বাবে ফুৰাৰ বতৰ। সেউজীয়া পাহাৰেৰে আৱৰি ৰখা তেলেংগানালৈও সেয়ে পৰ্যটকৰ সোঁত বৈছে।  এই সময়ছোৱাত পৰ্যটকসকলে তেলেংগানাৰ সৰ্বোচ্চ জলপ্ৰপাত চাবলৈ ভিৰ কৰে। বহু পৰ্যটকে  'হাইকিং' কৰি পাহাৰৰ ওপৰলৈ উঠি গৈ ৰাজ্য খনৰ আটাইতকৈ ওখ স্থানত থকা জলপ্ৰপাতটো চাবলৈ গৈছিল। কিন্তু বৰষুণৰ বাবে  তললৈ নামি অহা পথ পানীৰে ভৰি পৰি পিছল হৈ পৰাত ৮৫ গৰাকী পৰ্যটক তললৈ  নামি আহিব পৰা নাই। 

পাহাৰৰ ওপৰতেই তেওঁলোক আবদ্ধ হৈ ৰৈছে। খবৰ পোৱাৰ পিছতে  দুৰ্যোগ সঁহাৰি বাহিনী উদ্ধাৰ অভিযান চলাই   ৮৫ গৰাকী  পৰ্যটকক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে। ঘটনাটো বৃহস্পতিবাৰে তেলেংগানাৰ মুলুগু জিলাৰ মুতালধাৰা  জলপ্ৰপাতৰ ওচৰত সংঘটিত হৈছে। 

প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰৰ পৰা তীব্ৰ বেগেৰে পানী তললৈ নামি আহিছে।  ইয়াৰ মাজতে পাহাৰৰ টিঙত আবদ্ধ হৈ পৰা পৰ্যটকসকলে উদ্ধাৰৰ আশাত অপেক্ষা কৰি আছে। বিপদৰ কথা  জনা স্বত্বেও পৰ্যটকসকলে বাৰিষাৰ সময়ত মুতালধাৰা জলপ্ৰপাত চোৱাৰ লোভ সামৰিব পৰা নাছিল। ৮৫ জনীয়া এটা দলে বুধবাৰে খোজকাঢ়ি  পাহাৰৰ ওপৰলৈ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাৰ পিছত আজি  উভতি অহাৰ পথত বিপদত পৰে। বৰষুণৰ ফলত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে পৰ্যটকসকল পাহাৰীয়া অৰণ্যৰ মাজত আৱদ্ধ হৈ পৰে। তেওঁলোকে গোটেই ৰাতি তললৈ নামিবলৈ চেষ্টা কৰিছিল কিন্তু কোনো উপায় বিচাৰি পোৱা নাছিল। পিছত, পৰ্যটকসকলে স্থানীয় আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোসঁহাৰি বাহিনীক অৱগত কথাটো কৰে। তথ্য পোৱাৰ লগে লগে, ৫০  জন লোকে  উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হয়। 

উল্লেখ্য ধাৰাসাৰ বৰষুণৰ বাবে তেলেংগানাৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। মানুহক  অতি প্ৰয়োজন নোহোৱালৈকে ঘৰৰ বাহিৰলৈ  নাযাবলৈ পৰামৰ্শ  দিয়া হৈছে। ৰাজ্য চৰকাৰে আনকি বৃহস্পতিবাৰে তেলেংগানাৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে