--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া বহুতৰে বাবে ফুৰাৰ বতৰ। সেউজীয়া পাহাৰেৰে আৱৰি ৰখা তেলেংগানালৈও সেয়ে পৰ্যটকৰ সোঁত বৈছে।  এই সময়ছোৱাত পৰ্যটকসকলে তেলেংগানাৰ সৰ্বোচ্চ জলপ্ৰপাত চাবলৈ ভিৰ কৰে। বহু পৰ্যটকে  'হাইকিং' কৰি পাহাৰৰ ওপৰলৈ উঠি গৈ ৰাজ্য খনৰ আটাইতকৈ ওখ স্থানত থকা জলপ্ৰপাতটো চাবলৈ গৈছিল। কিন্তু বৰষুণৰ বাবে  তললৈ নামি অহা পথ পানীৰে ভৰি পৰি পিছল হৈ পৰাত ৮৫ গৰাকী পৰ্যটক তললৈ  নামি আহিব পৰা নাই। 

পাহাৰৰ ওপৰতেই তেওঁলোক আবদ্ধ হৈ ৰৈছে। খবৰ পোৱাৰ পিছতে  দুৰ্যোগ সঁহাৰি বাহিনী উদ্ধাৰ অভিযান চলাই   ৮৫ গৰাকী  পৰ্যটকক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে। ঘটনাটো বৃহস্পতিবাৰে তেলেংগানাৰ মুলুগু জিলাৰ মুতালধাৰা  জলপ্ৰপাতৰ ওচৰত সংঘটিত হৈছে। 

প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰৰ পৰা তীব্ৰ বেগেৰে পানী তললৈ নামি আহিছে।  ইয়াৰ মাজতে পাহাৰৰ টিঙত আবদ্ধ হৈ পৰা পৰ্যটকসকলে উদ্ধাৰৰ আশাত অপেক্ষা কৰি আছে। বিপদৰ কথা  জনা স্বত্বেও পৰ্যটকসকলে বাৰিষাৰ সময়ত মুতালধাৰা জলপ্ৰপাত চোৱাৰ লোভ সামৰিব পৰা নাছিল। ৮৫ জনীয়া এটা দলে বুধবাৰে খোজকাঢ়ি  পাহাৰৰ ওপৰলৈ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাৰ পিছত আজি  উভতি অহাৰ পথত বিপদত পৰে। বৰষুণৰ ফলত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে পৰ্যটকসকল পাহাৰীয়া অৰণ্যৰ মাজত আৱদ্ধ হৈ পৰে। তেওঁলোকে গোটেই ৰাতি তললৈ নামিবলৈ চেষ্টা কৰিছিল কিন্তু কোনো উপায় বিচাৰি পোৱা নাছিল। পিছত, পৰ্যটকসকলে স্থানীয় আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোসঁহাৰি বাহিনীক অৱগত কথাটো কৰে। তথ্য পোৱাৰ লগে লগে, ৫০  জন লোকে  উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হয়। 

উল্লেখ্য ধাৰাসাৰ বৰষুণৰ বাবে তেলেংগানাৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। মানুহক  অতি প্ৰয়োজন নোহোৱালৈকে ঘৰৰ বাহিৰলৈ  নাযাবলৈ পৰামৰ্শ  দিয়া হৈছে। ৰাজ্য চৰকাৰে আনকি বৃহস্পতিবাৰে তেলেংগানাৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ