--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৭ আগষ্টৰ পৰা ইউনাইটেড আৰৱ এমিৰেটত আৰম্ভ হ'ব এছিয়ান ক্ৰিকেট মহাসমৰ। এছিয়া কাপৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ভাৰতীয় দলে। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো ইতিমধ্যে ডুবাইত উপস্থিত হৈছে। কিন্তু টুৰ্ণামেণ্টখনত নিজৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে আজি ভাৰতীয় শিবিৰত লাগিছে এক বৃহৎ আঘাত। আজি পুৱাই ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ক'ভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। 

এনে অৱস্থাত দ্ৰাবিড় অবিহনেই ডুবাইলৈ ৰাওনা হৈছে ভাৰতীয় ক্ৰিকেট দল। ক’ভিডত সংক্ৰমিত হোৱাৰ পিছত ভাৰতৰ পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখনত অনিশ্চিত হৈ পৰিছে দ্ৰাবিড়ৰ উপস্থিতি। দ্ৰাবিড়ৰ অনুপস্থিতিত সহকাৰী প্ৰশিক্ষক পাৰস মাম্ব্ৰে ভাৰতীয় দলটোৰ দায়িত্বত থাকিব। 

আনহাতে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণে প্ৰশিক্ষক হিচাপে ভাৰতীয় শিবিৰত যোগদান কৰাৰো সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বিচিচিআইৰ এগৰাকী বিষয়ববীয়াই। বৰ্তমান লক্ষ্মণ জিম্বাবোৱে ভ্ৰমণৰত ভাৰতীয় দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছে। 

সোমবাৰে জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ সমাপ্তি ঘটিছে আৰু যদি প্ৰয়োজন হৈ লক্ষ্মণে হাৰাৰেৰ পৰা পোনে পোনে ডুবাইত ভাৰতীয় দলৰ সৈতে যোগ দিব বুলি বিষয়াগৰাকীয়ে লগতে কয়। উল্লেখ্য যে জিম্বাবোৱে ভ্ৰমণৰ বাবে দ্ৰাবিড়ক বিশ্ৰাম দিয়া হৈছিল আৰু দ্ৰাবিড়ৰ অনুপস্থিতিত ভিভিএছ লক্ষ্মণে কে এল ৰাহুল নেতৃত্বাধীন ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে জিম্বাবোৱে ভ্ৰমণ কৰিছিল।

ইফালে দ্ৰাবিড়ৰ ক’ভিড সংক্ৰমণৰ বিষয়ে সদৰী কৰি বিচিচিআইৰ বিষয়াগৰাকীয়ে কয় যে ৰাহুল দ্ৰাবিড় ক’ভিডত আক্ৰান্ত হৈছে আৰু বৰ্তমান আইচ’লেশ্যনত আছে। অৱশ্যে এছিয়া কাপৰ পূৰ্বে দ্ৰাবিড় সুস্থ হৈ উঠি যথা সময়ত ভাৰতীয় দলত যোগদান কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে বিচিচিআইৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে। 

আজি ৰাতিপুৱাই এছিয়া কাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলটোৰ অধিকাংশ সদস্য ডুবাইত উপস্থিত হৈছে। অৱশ্যে জিম্বাবোৱে ভ্ৰমণৰত সহ-অধিনায়ক কে এল ৰাহুল, দীপক হুডা আৰু ৰিজাৰ্ভ খেলুৱৈ অক্সৰ পেটেলে হাৰাৰেৰ পৰা ডুবাইত উপস্থিত হ’ব। ভাৰতে ২৮ আগষ্টত পাকিস্তানৰ বিপক্ষে মেচত অৱতীৰ্ণ হৈ এছিয়া কাপ অভিযান আৰম্ভ কৰিব।

উল্লেখ্য যে ভাৰতীয় দলটো দলৰ বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ ভাৰত যশপ্ৰীত বুমৰাহ অবিহনেই এছিয়া কাপত অৱতীৰ্ণ হ’ব। পিঠিৰ আঘাতৰ বাবে তাৰকা পেচাৰগৰাকী দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল। আনহাতে আন এগৰাকী পেচাৰ হৰ্ষল পেটেল আঘাতৰ বাবে দলত নাথাকিব। ইফালে ফৰ্মহীনতাত ভুগি থকা প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীৰ প্ৰদৰ্শনো আগন্তুক টুৰ্ণামেণ্টখনত লক্ষ্যণীয় বিবেচিত হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু