--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৭ আগষ্টৰ পৰা ইউনাইটেড আৰৱ এমিৰেটত আৰম্ভ হ'ব এছিয়ান ক্ৰিকেট মহাসমৰ। এছিয়া কাপৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ভাৰতীয় দলে। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো ইতিমধ্যে ডুবাইত উপস্থিত হৈছে। কিন্তু টুৰ্ণামেণ্টখনত নিজৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে আজি ভাৰতীয় শিবিৰত লাগিছে এক বৃহৎ আঘাত। আজি পুৱাই ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ক'ভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। 

এনে অৱস্থাত দ্ৰাবিড় অবিহনেই ডুবাইলৈ ৰাওনা হৈছে ভাৰতীয় ক্ৰিকেট দল। ক’ভিডত সংক্ৰমিত হোৱাৰ পিছত ভাৰতৰ পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখনত অনিশ্চিত হৈ পৰিছে দ্ৰাবিড়ৰ উপস্থিতি। দ্ৰাবিড়ৰ অনুপস্থিতিত সহকাৰী প্ৰশিক্ষক পাৰস মাম্ব্ৰে ভাৰতীয় দলটোৰ দায়িত্বত থাকিব। 

আনহাতে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণে প্ৰশিক্ষক হিচাপে ভাৰতীয় শিবিৰত যোগদান কৰাৰো সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বিচিচিআইৰ এগৰাকী বিষয়ববীয়াই। বৰ্তমান লক্ষ্মণ জিম্বাবোৱে ভ্ৰমণৰত ভাৰতীয় দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছে। 

সোমবাৰে জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ সমাপ্তি ঘটিছে আৰু যদি প্ৰয়োজন হৈ লক্ষ্মণে হাৰাৰেৰ পৰা পোনে পোনে ডুবাইত ভাৰতীয় দলৰ সৈতে যোগ দিব বুলি বিষয়াগৰাকীয়ে লগতে কয়। উল্লেখ্য যে জিম্বাবোৱে ভ্ৰমণৰ বাবে দ্ৰাবিড়ক বিশ্ৰাম দিয়া হৈছিল আৰু দ্ৰাবিড়ৰ অনুপস্থিতিত ভিভিএছ লক্ষ্মণে কে এল ৰাহুল নেতৃত্বাধীন ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে জিম্বাবোৱে ভ্ৰমণ কৰিছিল।

ইফালে দ্ৰাবিড়ৰ ক’ভিড সংক্ৰমণৰ বিষয়ে সদৰী কৰি বিচিচিআইৰ বিষয়াগৰাকীয়ে কয় যে ৰাহুল দ্ৰাবিড় ক’ভিডত আক্ৰান্ত হৈছে আৰু বৰ্তমান আইচ’লেশ্যনত আছে। অৱশ্যে এছিয়া কাপৰ পূৰ্বে দ্ৰাবিড় সুস্থ হৈ উঠি যথা সময়ত ভাৰতীয় দলত যোগদান কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে বিচিচিআইৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে। 

আজি ৰাতিপুৱাই এছিয়া কাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলটোৰ অধিকাংশ সদস্য ডুবাইত উপস্থিত হৈছে। অৱশ্যে জিম্বাবোৱে ভ্ৰমণৰত সহ-অধিনায়ক কে এল ৰাহুল, দীপক হুডা আৰু ৰিজাৰ্ভ খেলুৱৈ অক্সৰ পেটেলে হাৰাৰেৰ পৰা ডুবাইত উপস্থিত হ’ব। ভাৰতে ২৮ আগষ্টত পাকিস্তানৰ বিপক্ষে মেচত অৱতীৰ্ণ হৈ এছিয়া কাপ অভিযান আৰম্ভ কৰিব।

উল্লেখ্য যে ভাৰতীয় দলটো দলৰ বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ ভাৰত যশপ্ৰীত বুমৰাহ অবিহনেই এছিয়া কাপত অৱতীৰ্ণ হ’ব। পিঠিৰ আঘাতৰ বাবে তাৰকা পেচাৰগৰাকী দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল। আনহাতে আন এগৰাকী পেচাৰ হৰ্ষল পেটেল আঘাতৰ বাবে দলত নাথাকিব। ইফালে ফৰ্মহীনতাত ভুগি থকা প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীৰ প্ৰদৰ্শনো আগন্তুক টুৰ্ণামেণ্টখনত লক্ষ্যণীয় বিবেচিত হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement