--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডেৰ বছৰৰ বিৰতিৰ পিছত সীমিত অভাৰৰ ক্ৰিকেটৰ বাবে ভাৰতীয় দললৈ উভতি অহাৰ পিছত দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে উদীয়মান বেটাৰ শুভমন গিলে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তন শৃংখলাতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হোৱা গিলে সোমবাৰে সামৰণি পৰা জিম্বাবোৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলাতো অৰ্জন কৰে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। কালি হাৰাৰেত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয় তথা অন্তিম মেচত চমকপ্ৰদ বেটিঙেৰে গিলে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে। 

ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ অন্তিমখন এদিনীয়াত দুৰ্ভাগ্যৱশত: ৯৮ ৰানত অপৰাজিত থাকি শতক অৰ্জনৰ পৰা বঞ্চিত হৈছিল গিল। কিন্তু কালি সুযোগৰ সদব্যৱহাৰ কৰি গিলে নিজৰ প্ৰথমটো শতক সম্পূৰ্ণ কৰাৰ লগতে ভাৰতীয় দলৰ জয়তো মুখ্য ভূমিকা গ্ৰহণ কৰে। 

এই শতকীয় ইনিংছটোৰে গিলে এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ এক বিশেষ কৃতিত্ব অৰ্জন কৰে। বৰ্তমানৰ ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাক অতিক্ৰম কৰি গিলে বিদেশৰ মাটিত এদিনীয়াত শতক অৰ্জন কৰা সৰ্বকনিষ্ঠ ভাৰতীয় বেটছমেনৰ তালিকাত তৃতীয় স্থানত উপনীত হয়। 

ৰোহিত শৰ্মাই নিজৰ ২৩ বছৰ ২৮ দিন বয়সত জিম্বাবোৱেৰ বিৰুদ্ধেই বিদেশত প্ৰথমটো আন্তৰ্জাতিক এদিনীয়া শতক সম্পূৰ্ণ কৰিছিল। আনহাতে গিলে কালি শতক অৰ্জন কৰাৰ সময়ত তেওঁৰ বয়স আছিল ২২ বছৰ ৩৪৮ দিন। এই তালিকাত গিলতকৈ আগত আছে কেৱল প্ৰাক্তন তাৰকা যুৱৰাজ সিং আৰু তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী।

যুৱৰাজ সিঙে ২২ বছৰ ৪১ দিনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৰ্জন কৰা শতকীয় ইনিংটোৰ জৰিয়তে এই তালিকাৰ শীৰ্ষস্থানত থকাৰ পৰিৱৰ্তে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক কোহলীয়ে ২২ বছৰ ৩১৫ দিনত ইংলেণ্ডৰ বিপক্ষে বিদেশত প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে কালিৰ এই ইনিংছটোৰে গিলে আন এক অভিলেখো ভংগ কৰে। ৮২ টা বলত শতক সম্পূৰ্ণ কৰা উদীয়মান তাৰকা গৰাকীয়ে ইনিংছৰ অন্তিম অভাৰৰ প্ৰথমটো বলত আউট হোৱাৰ পূৰ্বে ৯৭ টা বলত ১৩০ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে। এই ইনিংছটোত গিলে মুঠ ১৫ টা চাৰিৰ লগতে এটা ছয় কোবায়।

এই শতকীয় ইনিংছটোৰে গিলে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ নামত থকা এটা দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰে। ১৯৯৮ চনত তেণ্ডুলকাৰে বুলাৱায়োত জিম্বাবোৱেৰ বিৰুদ্ধে ১২৭ ৰান সংগ্ৰহ কৰিছিল। আজি গিলে ১৩০ ৰান সংগ্ৰহ কৰি শচীনৰ নামত থকা জিম্বাবোৱেত এদিনীয়াত ভাৰতৰ হৈ সৰ্বাধিক ব্যক্তিগত স্ক'ৰৰ ২৪ বছৰ পুৰণি অভিলেখ অতিক্ৰম কৰে।

গিলৰ এই অভিলেখ সৃষ্টিকাৰী শতকৰ সহায়ত ভাৰতে ৮ উইকেটৰ বিনিময়ত ২৮৯ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰায়। আনহাতে ২৯০ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি জিম্বাবোৱেই সকলো উইকেট হেৰুৱাই ২৭৬ ৰান সংগ্ৰহ কৰি মাত্ৰ ১৩ ৰানৰ বাবে পৰাজয়ৰ সন্মুখীন হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক