ডিজিটেল ডেস্কঃ অতীতৰে পৰা নিমখক এক মূল্যবান লম্পদ হিচাবে গণ্য কৰি অহা হৈছে৷ এটা সময়ত শ্ৰমিকক দৰমহা হিচাবে নিমখ দিয়া হৈছিল৷ সেয়া ইংৰাজী ছালাৰী শব্দৰ পৰাই ছল্ট শব্দৰ সৃষ্টি হৈছিল। নিমখ আজিও মানুহৰ অপৰিহাৰ্য সামগ্ৰী৷ ফেংছুইৰ মতে নিমখ হৈছে সৌভাগ্যৰ প্ৰতীক।
নিমখে ঘৰৰ ভিতৰৰ ঋণাত্মক শক্তিক নাশ কৰি ধনাত্মক শক্তি সঞ্চাৰ কৰাত সহায় কৰে। নিমখ হৈছে এক উৎকৃষ্ট বীজাণুনাশক। নিমখে সেয়ে ঘৰৰ অশুভ শক্তিসমূহ শোষণ কৰি ঘৰত শুভ শক্তিৰ প্রভাৱ বিস্তাৰ কৰাত সহায় কৰে।
বীজাণুনাশক হোৱাৰ বাবেই নিমখ মিহলি পানীৰে ঘৰৰ মজিয়া আদি সদায় মচিলে বিভিন্ন ৰোগ-ব্যাধিৰ পৰা হাত সাৰি থাকিব পাৰি ৷নিমখে পৰিৱেশ প্ৰদূষণো ভালেখিনি দূৰ কৰে। ঘৰৰ মজিয়া মচিবৰ সময়ত পাঁচ চামুচ নিমখ পানীত মিহলি কৰি সেই পানীৰে ঘৰৰ মজিয়া পাৰিলে দিনত দুবাৰ অথবা কমেও এবাৰ মচিব লাগে।
ঘৰৰ স্নানাগাৰ, শৌচাগাৰ আদিৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ স্নানাগাৰ অথবা শৌচাগাৰৰ খিৰিকীত নিমখৰ টোপোলা ৰাখিব লাগে। স্নানাগাৰ-শৌচাগাৰ আদিত নিশাৰ ভাগত নিমখ ছটিয়াই থ'লে বিভিন্ন অশুভ শক্তি নিষ্ক্রিয় হৈ পৰে । স্নানাগাৰ, শৌচাগাৰত টোপোলা কৰি ৰখা নিমখ মাজে সময়ে সলনি কৰি থাকিব লাগে। এনেদৰে নিমখ বান্ধি ৰাখিলে স্নানাগাৰ, শৌচাগাৰৰ বহু বেক্টেৰিয়া নাশ হয় বুলি বিশ্বাস কৰা হয়৷