ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ অনুসৰি এখন ঘৰৰ সুখ-সমৃদ্ধি ঘৰৰ
মূল দুৱাৰখনৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। বাস্তুৰ মতে ঘৰৰ মূল দুৱাৰখন পূব বা উত্তৰ দিশত
হ’ব লাগে আৰু যথাসম্ভৱ ডাঙৰ হোৱাৰ লগতে উন্নতমানৰ কাঠৰ হ’ব লাগে। আনহাতে, উত্তৰ-পূব
অৰ্থাৎ ঈশান কোণত থকাটো শুভ বুলি গণ্য কৰা হয়। এইদৰে বাস্তুৰ মতে ঘৰৰ কোঠা, পাকঘৰ,
বাথৰুম আৰু শুৱনি কোঠাৰো কিছুমান বিশেষ দিশত তকাটো অত্যন্ত শুভ মনা হয়।
পূব দিশঃ-পূব দিশ হৈছে সূৰ্য্য উদয়ৰ দিশ। এই দিশৰ পৰাই ধনাত্মক আৰু
শক্তিশালী ৰশ্মি আমাৰ ঘৰত প্ৰৱেশ কৰে। যদি ঘৰৰ মূল গেটখন এই দিশত থাকে অত্যন্চ শুভ
মনা হয়।
পশ্চিম দিশঃ-আপোনাৰ পাকঘৰ বা শৌচাগাৰ এই দিশত হ’ব লাগে। মনত ৰাখিব যে পাকঘৰ আৰু শৌচাগাৰ ওচৰা-ওচৰি হ’ব নালাগে।
উত্তৰ দিশঃ-ঘৰৰ খিৰিকী আৰু দুৱাৰ সৰ্বাধিক এই দিশত থাকে। ঘৰৰ বেলকনি
আৰু ৱাছ বেচিনো এই দিশত হ’ব লাগে। যদি মূল দুৱাৰখন এই দিশত থকাটো উৎকৃষ্ট মনা হয়।
দক্ষিণ দিশঃ-দক্ষিণ দিশত কোনো ধৰণৰ খোলা স্থান বা শৌচাগাৰ আদি থাকিব
নালাগে। ঘৰৰ এই ঠাইতে গধুৰ বস্তু ৰাখক। যদি এই দিশত কোনো দুৱাৰ বা খিৰিকী থাকে তেন্তে
ঘৰত ঋণাত্মক শক্তিৰ প্ৰৱেশ ঘটিব পাৰে আৰু অক্সিজেনৰ মাত্ৰাও কমি যাব পাৰে। ইয়াৰ ফলত
ঘৰৰ দুখ-কষ্ট বাঢ়ি যায়।
উত্তৰ-পূব দিশঃ-ইয়াক ঈশান দিশ বুলিও কোৱা হয়। এই দিশটোৱেই হৈছে পানীৰ
স্থান। এই দিশত পানীৰ যিকোনো উৎস বা পূজাস্থান আদি থকাটো অত্যন্ত শুভ মনা হয়।
উত্তৰ-পশ্চিম দিশঃ-ইয়াক উত্তৰ-পশ্চিম দিশ বুলিও কোৱা হয়। আপোনাৰ শোৱা
কোঠা, গেৰেজ আদি এই দিশত হ’ব লাগে।
দক্ষিণ-পূব দিশঃ- ইয়াক ঘৰৰ দক্ষিণ-পূব কোণ বোলা হয়। এইটোৱেই হৈছে
অগ্নিৰ দিশ। এই দিশত পাকঘৰ থকাটো শুভ বুলি গণ্য কৰা হয়।
দক্ষিণ-পশ্চিম দিশঃ-এই দিশত অৰ্থাৎ খিৰিকী, দুৱাৰ একেবাৰেই খোলা থাকিব
নালাগে। ঘৰৰ মুৰব্বীৰ কোঠাটো ইয়াত বনাব পাৰি। কেছ কাউণ্টাৰ, মেচিন আদি এই দিশত ৰাখিব
পাৰে।