--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ অনুসৰি এখন ঘৰৰ সুখ-সমৃদ্ধি ঘৰৰ মূল দুৱাৰখনৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। বাস্তুৰ মতে ঘৰৰ মূল দুৱাৰখন পূব বা উত্তৰ দিশত হ’ব লাগে আৰু যথাসম্ভৱ ডাঙৰ হোৱাৰ লগতে উন্নতমানৰ কাঠৰ হ’ব লাগে। আনহাতে, উত্তৰ-পূব অৰ্থাৎ ঈশান কোণত থকাটো শুভ বুলি গণ্য কৰা হয়। এইদৰে বাস্তুৰ মতে ঘৰৰ কোঠা, পাকঘৰ, বাথৰুম আৰু শুৱনি কোঠাৰো কিছুমান বিশেষ দিশত তকাটো অত্যন্ত শুভ মনা হয়।

পূব দিশঃ-পূব দিশ হৈছে সূৰ্য্য উদয়ৰ দিশ। এই দিশৰ পৰাই ধনাত্মক আৰু শক্তিশালী ৰশ্মি আমাৰ ঘৰত প্ৰৱেশ কৰে। যদি ঘৰৰ মূল গেটখন এই দিশত থাকে অত্যন্চ শুভ মনা হয়।

পশ্চিম দিশঃ-আপোনাৰ পাকঘৰ বা শৌচাগাৰ এই দিশত হ’ব লাগে। মনত ৰাখিব যে পাকঘৰ আৰু শৌচাগাৰ ওচৰা-ওচৰি হ’ব নালাগে। 

উত্তৰ দিশঃ-ঘৰৰ ​​খিৰিকী আৰু দুৱাৰ সৰ্বাধিক এই দিশত থাকে। ঘৰৰ বেলকনি আৰু ৱাছ বেচিনো এই দিশত হ’ব লাগে। যদি মূল দুৱাৰখন এই দিশত থকাটো উৎকৃষ্ট মনা হয়।

দক্ষিণ দিশঃ-দক্ষিণ দিশত কোনো ধৰণৰ খোলা স্থান বা শৌচাগাৰ আদি থাকিব নালাগে। ঘৰৰ এই ঠাইতে গধুৰ বস্তু ৰাখক। যদি এই দিশত কোনো দুৱাৰ বা খিৰিকী থাকে তেন্তে ঘৰত ঋণাত্মক শক্তিৰ প্ৰৱেশ ঘটিব পাৰে আৰু অক্সিজেনৰ মাত্ৰাও কমি যাব পাৰে। ইয়াৰ ফলত ঘৰৰ দুখ-কষ্ট বাঢ়ি যায়।

উত্তৰ-পূব দিশঃ-ইয়াক ঈশান দিশ বুলিও কোৱা হয়। এই দিশটোৱেই হৈছে পানীৰ স্থান। এই দিশত পানীৰ যিকোনো উৎস বা পূজাস্থান আদি থকাটো অত্যন্ত শুভ মনা হয়।

উত্তৰ-পশ্চিম দিশঃ-ইয়াক উত্তৰ-পশ্চিম দিশ বুলিও কোৱা হয়। আপোনাৰ শোৱা কোঠা, গেৰেজ আদি এই দিশত হ’ব লাগে।

দক্ষিণ-পূব দিশঃ- ইয়াক ঘৰৰ দক্ষিণ-পূব কোণ বোলা হয়। এইটোৱেই হৈছে অগ্নিৰ দিশ। এই দিশত পাকঘৰ থকাটো শুভ বুলি গণ্য কৰা হয়।

দক্ষিণ-পশ্চিম দিশঃ-এই দিশত অৰ্থাৎ খিৰিকী, দুৱাৰ একেবাৰেই খোলা থাকিব নালাগে। ঘৰৰ মুৰব্বীৰ কোঠাটো ইয়াত বনাব পাৰি। কেছ কাউণ্টাৰ, মেচিন আদি এই দিশত ৰাখিব পাৰে।

ঘৰত যদি চোতাল নাথাকে তেন্তে ঘৰখন আধৰুৱা বুলি কোৱা হয়। সৰু হ’লেও ঘৰৰ সন্মুখ আৰু পিছফালে চোতাল থাকিব লাগে আৰু ঘৰত ধনাত্মক শক্তি প্ৰদান কৰা ফুলৰ গছ ৰোপণ কৰিলে উপকৃত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ