--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইনী জাননীৰ সন্মুখীন হৈছে তামিলনাডু চৰকাৰ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তামিলনাডু চৰকাৰ আৰু ডি এম কে নেতা উধয়ানিধি ষ্টালিনক ‘সনাতন ধৰ্ম’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে জাননী জাৰি কৰে। তামিলনাডুৰ মন্ত্ৰী উধয়ানিধি ষ্টালিনে সনাতন ধৰ্মক ডেংগু আৰু মেলেৰিয়াৰ দৰে ৰোগৰ সৈতে তুলনা কৰাৰ বাবে এই জাননী জাৰি কৰা হয়।এই মন্তব্যৰ পাছতে দেশজুৰি আলোড়নৰ সৃষ্টি হৈছিল, যিটো মন্তব্যই ৰাজনৈতিক দলসমূহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

তামিলনাডু প্ৰগতিশীল লেখক আৰু শিল্পী সন্থাৰ এক সমাৱেশত ভাষণৰ সময়ত উধয়ানিধি ষ্টালিনে সনাতন ধৰ্ম সমতা আৰু সামাজিক ন্যায়ৰ নীতিৰ বিৰুদ্ধে যোৱা বুলিও দৃঢ়তাৰে উল্লেখ কৰে।

উধয়ানিধিয়ে কয় যে সনাতন নামটোৱেই সংস্কৃতৰ পৰা আহিছে। "সনাতনৰ অৰ্থ কি? ই চিৰন্তন, অৰ্থাৎ ইয়াক সলনি কৰিব নোৱাৰি; কোনেও কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে আৰু সেইটোৱেই ইয়াৰ অৰ্থ।" তদুপৰি ষ্টালিনে সনাতন ধৰ্মই জাতিৰ ভিত্তিত মানুহক বিভাজন কৰিছিল বুলি অভিযোগ কৰে।

উধয়ানিধিয়ে মাইক্ৰ’ব্লগিং চাইট ‘এক্স’ত কয় যে, “সনাতন ধৰ্ম হৈছে জাতি আৰু ধৰ্মৰ নামত মানুহক বিভাজিত কৰা এক নীতি।” সনাতন ধৰ্মক উভালি পেলোৱাটোৱেই হৈছে মানৱতা আৰু মানৱ সমতা ৰক্ষা কৰাৰ একমাত্ৰ উপায় বুলি ডি এম কে নেতাগৰাকীয়ে দাবী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ