--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ অৱনতিয়ে ক্ৰমান্বয়ে এক বেয়া ৰূপ ধাৰণ কৰিছে৷ যাৰ ফলত শ্বেয়াৰ বজাৰৰো অৱস্থাৰ ক্ৰমাগতভাৱে অৱনতি ঘটিছে। যাৰ বাবেই দেশৰ ধনাঢ্য লোকসকলৰ ধন-সম্পত্তি হ্ৰাস পাইছে। ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ তথ্য অনুসৰি বুধবাৰে ৰিলায়েন্সৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ বাবে মুকেশ আম্বানীৰ সম্পত্তি ১৪,৭০০ কোটি টকা হ্ৰাস পাইছে। যাৰ বাবেই তেওঁৰ স্থান বিশ্বৰ ১১ নং ধনী ব্যক্তিৰ পৰা ১২ নং ধনী ব্যক্তিলৈ অৱনমিত হৈছে।

ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ তথ্য অনুসৰি বুধবাৰে মুকেশ আম্বানীৰ সম্পত্তি ১.৭৭ বিলিয়ন ডলাৰ অৰ্থাৎ ১৪,৭০০ কোটি টকা হ্ৰাস পাইছে। দৰাচলতে বুধবাৰে কোম্পানীটোৰ শ্বেয়াৰ ২ শতাংশতকৈ অধিক হ্ৰাস পাইছে। যাৰ প্ৰভাৱ আম্বানীৰ ধন-সম্পত্তিত দেখা গৈছে৷ এতিয়া বৰ্তমান তেওঁৰ মুঠ সম্পত্তি ৮৯.২ বিলিয়ন ডলাৰ হৈছে। কাৰণ এইবাৰ আম্বানী সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰত ইতিবাচক। এই বছৰ তেওঁৰ মুঠ সম্পদ ২.১৩ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে।

উল্লেখ্য যে কেৱল ধনৰ ক্ষেত্ৰতে মুকেশ আম্বানীৰ লোকচান হোৱা নাই।দৰাচলতে তেওঁ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাতো এটা স্থান পাছলৈ গৈছে। ব্লুমবাৰ্গৰ ৰেকৰ্ড অনুসৰি মুকেশ আম্বানীয়ে ১১ নং স্থানৰ পৰা দ্বাদশ স্থানলৈ পিছুৱাই গৈছে। আম্বনীক তালিকাত এৰি থৈ গৈছে মেক্সিকান কোটিপতি কাৰ্লোছ শ্লিমে। যাৰ মুঠ সম্পদ হৈছে ৯১.৪ বিলিয়ন ডলাৰ।

কালিৰ দিনটোত কাৰ্লোছ শ্লিমৰ সম্পত্তি ১৫৪ মিলিয়ন ডলাৰ বৃদ্ধি পাইছে। আনহাতে এই কাৰ্লোছ শ্লিমৰ সম্পদ ১৭ বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধি পাইছে। আনহাতে এছিয়াৰ দ্বিতীয় ধনী ব্যৱসায়ী গৌতম আদানীৰ ধন-সম্পত্তিও হ্ৰাস পাইছে। পৰিসংখ্যা অনুসৰি গৌতম আদানীৰ সম্পত্তি প্ৰায় ৩৯০০ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ পাছতো তেওঁৰ মুঠ সম্পত্তি ৬৪.৭ বিলিয়ন ডলাৰত আছে। কিন্তু এই বছৰ তেওঁৰ সম্পত্তি ৫৫.৮ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। ইয়াৰ পাছতো তেওঁ বিশ্বৰ শীৰ্ষ ২০ ধনী কোটিপতিৰ ভিতৰত স্থান লাভ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা