--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ অৱনতিয়ে ক্ৰমান্বয়ে এক বেয়া ৰূপ ধাৰণ কৰিছে৷ যাৰ ফলত শ্বেয়াৰ বজাৰৰো অৱস্থাৰ ক্ৰমাগতভাৱে অৱনতি ঘটিছে। যাৰ বাবেই দেশৰ ধনাঢ্য লোকসকলৰ ধন-সম্পত্তি হ্ৰাস পাইছে। ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ তথ্য অনুসৰি বুধবাৰে ৰিলায়েন্সৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ বাবে মুকেশ আম্বানীৰ সম্পত্তি ১৪,৭০০ কোটি টকা হ্ৰাস পাইছে। যাৰ বাবেই তেওঁৰ স্থান বিশ্বৰ ১১ নং ধনী ব্যক্তিৰ পৰা ১২ নং ধনী ব্যক্তিলৈ অৱনমিত হৈছে।

ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ তথ্য অনুসৰি বুধবাৰে মুকেশ আম্বানীৰ সম্পত্তি ১.৭৭ বিলিয়ন ডলাৰ অৰ্থাৎ ১৪,৭০০ কোটি টকা হ্ৰাস পাইছে। দৰাচলতে বুধবাৰে কোম্পানীটোৰ শ্বেয়াৰ ২ শতাংশতকৈ অধিক হ্ৰাস পাইছে। যাৰ প্ৰভাৱ আম্বানীৰ ধন-সম্পত্তিত দেখা গৈছে৷ এতিয়া বৰ্তমান তেওঁৰ মুঠ সম্পত্তি ৮৯.২ বিলিয়ন ডলাৰ হৈছে। কাৰণ এইবাৰ আম্বানী সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰত ইতিবাচক। এই বছৰ তেওঁৰ মুঠ সম্পদ ২.১৩ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে।

উল্লেখ্য যে কেৱল ধনৰ ক্ষেত্ৰতে মুকেশ আম্বানীৰ লোকচান হোৱা নাই।দৰাচলতে তেওঁ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাতো এটা স্থান পাছলৈ গৈছে। ব্লুমবাৰ্গৰ ৰেকৰ্ড অনুসৰি মুকেশ আম্বানীয়ে ১১ নং স্থানৰ পৰা দ্বাদশ স্থানলৈ পিছুৱাই গৈছে। আম্বনীক তালিকাত এৰি থৈ গৈছে মেক্সিকান কোটিপতি কাৰ্লোছ শ্লিমে। যাৰ মুঠ সম্পদ হৈছে ৯১.৪ বিলিয়ন ডলাৰ।

কালিৰ দিনটোত কাৰ্লোছ শ্লিমৰ সম্পত্তি ১৫৪ মিলিয়ন ডলাৰ বৃদ্ধি পাইছে। আনহাতে এই কাৰ্লোছ শ্লিমৰ সম্পদ ১৭ বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধি পাইছে। আনহাতে এছিয়াৰ দ্বিতীয় ধনী ব্যৱসায়ী গৌতম আদানীৰ ধন-সম্পত্তিও হ্ৰাস পাইছে। পৰিসংখ্যা অনুসৰি গৌতম আদানীৰ সম্পত্তি প্ৰায় ৩৯০০ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ পাছতো তেওঁৰ মুঠ সম্পত্তি ৬৪.৭ বিলিয়ন ডলাৰত আছে। কিন্তু এই বছৰ তেওঁৰ সম্পত্তি ৫৫.৮ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। ইয়াৰ পাছতো তেওঁ বিশ্বৰ শীৰ্ষ ২০ ধনী কোটিপতিৰ ভিতৰত স্থান লাভ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল