--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সনাতন ধৰ্মক অপমান কৰাৰ পৰিণাম সদায় বেয়া হয়। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ভেঙ্কটেশ প্ৰসাদে তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ সফলতাৰ কাৰণ হিচাপে সনাতন ধৰ্মৰ কথাই উল্লেখ কৰিছে। কিছুদিন পূৰ্বে , তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টালিনে সনাতন ধৰ্ম বাতিল  কৰিবলৈ আহ্বান জনাইছিল। এই মন্তব্যক লৈ সমগ্ৰ দেশতে বিতৰ্ক আৰম্ভ হৈছিল। উদয়ানিধিয়েও এনে মন্তব্যৰ বাবে  উচ্চতম ন্যায়ালয়ৰ পৰা জাননীও লাভ কৰিছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগতে বিজেপিয়ে তিনিখন ৰাজ্যত বৃহৎ সফলতা লাভ কৰাৰ কথাই এতিয়া বহুতকে আনন্দিত কৰি তুলিছে। গেৰুৱা দলটোৱে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত চৰকাৰ গঠন কৰিবলৈ গৈ আছে। বিজেপিয়ে একেৰাহে পাঁচবাৰ মধ্য প্ৰদেশত জয়ী হৈছে। ৰাজস্থান আৰু ছত্তীশগড়ত দলটোৱে  কংগ্ৰেছক পৰাস্ত কৰি পুনৰ ক্ষমতা লাভ কৰিছে। কংগ্ৰেছে কেৱল তেলেংগানাতহে পৰাক্ৰম দেখুৱাব পাৰিছে।বহু ৰাজনৈতিক বিশেষজ্ঞই বিশ্বাস কৰে যে গেৰুৱা শিবিৰৰ এই সফলতাত সনাতন ধৰ্ম বিতৰ্কই কিছু ভূমিকা পালন কৰিছে।

ভাৰতীয়  দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ভেঙ্কটেশ প্ৰসাদেও কংগ্ৰেছৰ পৰাজয় সনাতন ধৰ্মৰ বিৰুদ্ধে যোৱাৰ বাবেই হোৱা বুলি ইংগিত দিছে। ভাৰতীয় দলৰ  প্ৰাক্তন পেচাৰগৰাকীয়ে  কয়, "যদি আপুনি সনাতন ধৰ্মক গৰিহণা দিয়ে, তেন্তে আপুনি কুফল লাভ কৰিব। বিপুল বিজয়ৰ বাবে বিজেপিক অভিনন্দন। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সবল নেতৃত্বৰ লগতে দলৰ সকলো কৰ্মীয়ে এক মহান কাম কৰিছে।" উল্লেখ্য  প্ৰাক্তন ক্ৰিকেটাৰজনে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল।

উল্লেখ্য ছেপ্টেম্বৰত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰই সনাতন ধৰ্ম বিলুপ্তি সন্মিলনত অংশগ্ৰহণ কৰি সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। "আমি ডেংগু, মহ, মেলেৰিয়া বা কৰোনাৰ বিৰোধিতা নকৰোঁ। আমি ইয়াক নিৰ্মূল কৰোঁ। একেদৰে, আমি সনাতন ধৰ্ম বাতিল কৰিব লাগিব’’। এনে মন্তব্যৰ বাবে উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা