--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সনাতন ধৰ্মক অপমান কৰাৰ পৰিণাম সদায় বেয়া হয়। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ভেঙ্কটেশ প্ৰসাদে তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ সফলতাৰ কাৰণ হিচাপে সনাতন ধৰ্মৰ কথাই উল্লেখ কৰিছে। কিছুদিন পূৰ্বে , তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টালিনে সনাতন ধৰ্ম বাতিল  কৰিবলৈ আহ্বান জনাইছিল। এই মন্তব্যক লৈ সমগ্ৰ দেশতে বিতৰ্ক আৰম্ভ হৈছিল। উদয়ানিধিয়েও এনে মন্তব্যৰ বাবে  উচ্চতম ন্যায়ালয়ৰ পৰা জাননীও লাভ কৰিছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগতে বিজেপিয়ে তিনিখন ৰাজ্যত বৃহৎ সফলতা লাভ কৰাৰ কথাই এতিয়া বহুতকে আনন্দিত কৰি তুলিছে। গেৰুৱা দলটোৱে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত চৰকাৰ গঠন কৰিবলৈ গৈ আছে। বিজেপিয়ে একেৰাহে পাঁচবাৰ মধ্য প্ৰদেশত জয়ী হৈছে। ৰাজস্থান আৰু ছত্তীশগড়ত দলটোৱে  কংগ্ৰেছক পৰাস্ত কৰি পুনৰ ক্ষমতা লাভ কৰিছে। কংগ্ৰেছে কেৱল তেলেংগানাতহে পৰাক্ৰম দেখুৱাব পাৰিছে।বহু ৰাজনৈতিক বিশেষজ্ঞই বিশ্বাস কৰে যে গেৰুৱা শিবিৰৰ এই সফলতাত সনাতন ধৰ্ম বিতৰ্কই কিছু ভূমিকা পালন কৰিছে।

ভাৰতীয়  দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ভেঙ্কটেশ প্ৰসাদেও কংগ্ৰেছৰ পৰাজয় সনাতন ধৰ্মৰ বিৰুদ্ধে যোৱাৰ বাবেই হোৱা বুলি ইংগিত দিছে। ভাৰতীয় দলৰ  প্ৰাক্তন পেচাৰগৰাকীয়ে  কয়, "যদি আপুনি সনাতন ধৰ্মক গৰিহণা দিয়ে, তেন্তে আপুনি কুফল লাভ কৰিব। বিপুল বিজয়ৰ বাবে বিজেপিক অভিনন্দন। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সবল নেতৃত্বৰ লগতে দলৰ সকলো কৰ্মীয়ে এক মহান কাম কৰিছে।" উল্লেখ্য  প্ৰাক্তন ক্ৰিকেটাৰজনে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল।

উল্লেখ্য ছেপ্টেম্বৰত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰই সনাতন ধৰ্ম বিলুপ্তি সন্মিলনত অংশগ্ৰহণ কৰি সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। "আমি ডেংগু, মহ, মেলেৰিয়া বা কৰোনাৰ বিৰোধিতা নকৰোঁ। আমি ইয়াক নিৰ্মূল কৰোঁ। একেদৰে, আমি সনাতন ধৰ্ম বাতিল কৰিব লাগিব’’। এনে মন্তব্যৰ বাবে উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক