--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলি আছে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া৷ ৰাজস্থানত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি৷ অশোক গেহলট চৰকাৰৰ পতনৰ পাছত ৰাজস্থানত পুনৰ বিজেপিয়ে চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে৷ 

এতিয়া ৰাজস্থানৰ ৰাজনীতিত চৰ্চালৈ আহিছে অন্য এটা বিষয়৷ ৰাজস্থানত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত কোন হ’ব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী? বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাপে কোনগৰাকী নেতাক আগবঢ়াই দিব, সেয়া এই মুহূৰ্তত প্ৰাসংগিক বিষয় হিচাপে বিবেচিত হৈছে৷

চৰ্চালৈ আহিছে দিয়া কুমাৰীৰ নাম৷ ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ সাংসদ তথা জয়পুৰৰ বিদ্যাধৰ নগৰ আসনৰ দলৰ প্ৰাৰ্থী দিয়া কুমাৰীয়ে দেওবাৰে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ নাম চৰ্চা হোৱাৰ বিষয়ে সোধাত কয় যে দলৰ নেতৃত্বই মুখ্যমন্ত্ৰী বাছনিৰ বিষয়ে সিদ্ধান্ত ল’ব।

‘ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এক আছুতীয়া আলাপত তেওঁ কয়, দলৰ শীৰ্ষ নেতৃত্বই সেইটো সিদ্ধান্ত ল’ব৷

দিয়া কুমাৰীয়ে কয়, মোক ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচৰা লোকসকলক মই সন্মান জনাইছোঁ। কিন্তু সংসদীয় পৰিষদে মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে অত্যধিক ভাল প্ৰদৰ্শন কৰিব বুলিও তেওঁ উল্লেখ কৰে৷

তেওঁ লগতে কয়, তিনিখন ৰাজ্যত বিজেপি জয়ী হৈছে। আমি অত্যন্ত সুখী। ৰাইজে দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ চৰকাৰক উৎখাত কৰিছে আৰু উন্নয়নৰ বাবে বিজেপিক ভোট দিছে৷

২০২৪ৰ লোকসভা নিৰ্বাচনক তেওঁ কেনেদৰে চায় বুলি সোধাত দিয়া কুমাৰীয়ে কয়, লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ স্থিতি অতি ভাল আৰু ইতিবাচক৷ বিজেপিয়ে পূৰ্বৰ তুলনাত অধিক আসন জয়লাভ কৰিব৷

উল্লেখযোগ্য যে দিয়া কুমাৰীয়ে কংগ্ৰেছৰ সীতাৰাম আগৰৱালাৰ বিৰুদ্ধে বিদ্যাধৰ নগৰ আসনত ৭১,৩৬৮ টা ভোটত জয়লাভ কৰিছিল আৰু তেওঁৰ দলেও ৰাজ্যখনত মেজিক নাম্বাৰ স্পৰ্শ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা