--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলি আছে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া৷ ৰাজস্থানত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি৷ অশোক গেহলট চৰকাৰৰ পতনৰ পাছত ৰাজস্থানত পুনৰ বিজেপিয়ে চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে৷ 

এতিয়া ৰাজস্থানৰ ৰাজনীতিত চৰ্চালৈ আহিছে অন্য এটা বিষয়৷ ৰাজস্থানত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত কোন হ’ব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী? বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাপে কোনগৰাকী নেতাক আগবঢ়াই দিব, সেয়া এই মুহূৰ্তত প্ৰাসংগিক বিষয় হিচাপে বিবেচিত হৈছে৷

চৰ্চালৈ আহিছে দিয়া কুমাৰীৰ নাম৷ ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ সাংসদ তথা জয়পুৰৰ বিদ্যাধৰ নগৰ আসনৰ দলৰ প্ৰাৰ্থী দিয়া কুমাৰীয়ে দেওবাৰে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ নাম চৰ্চা হোৱাৰ বিষয়ে সোধাত কয় যে দলৰ নেতৃত্বই মুখ্যমন্ত্ৰী বাছনিৰ বিষয়ে সিদ্ধান্ত ল’ব।

‘ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এক আছুতীয়া আলাপত তেওঁ কয়, দলৰ শীৰ্ষ নেতৃত্বই সেইটো সিদ্ধান্ত ল’ব৷

দিয়া কুমাৰীয়ে কয়, মোক ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচৰা লোকসকলক মই সন্মান জনাইছোঁ। কিন্তু সংসদীয় পৰিষদে মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে অত্যধিক ভাল প্ৰদৰ্শন কৰিব বুলিও তেওঁ উল্লেখ কৰে৷

তেওঁ লগতে কয়, তিনিখন ৰাজ্যত বিজেপি জয়ী হৈছে। আমি অত্যন্ত সুখী। ৰাইজে দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ চৰকাৰক উৎখাত কৰিছে আৰু উন্নয়নৰ বাবে বিজেপিক ভোট দিছে৷

২০২৪ৰ লোকসভা নিৰ্বাচনক তেওঁ কেনেদৰে চায় বুলি সোধাত দিয়া কুমাৰীয়ে কয়, লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ স্থিতি অতি ভাল আৰু ইতিবাচক৷ বিজেপিয়ে পূৰ্বৰ তুলনাত অধিক আসন জয়লাভ কৰিব৷

উল্লেখযোগ্য যে দিয়া কুমাৰীয়ে কংগ্ৰেছৰ সীতাৰাম আগৰৱালাৰ বিৰুদ্ধে বিদ্যাধৰ নগৰ আসনত ৭১,৩৬৮ টা ভোটত জয়লাভ কৰিছিল আৰু তেওঁৰ দলেও ৰাজ্যখনত মেজিক নাম্বাৰ স্পৰ্শ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক