--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ এটা আশ্ৰয় গৃহৰ পৰা  সন্ধানহীন হোৱা ২৬ গৰাকী নাবালিকাৰ অৱশেষত সন্ধান পোৱা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  তেওঁলোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিচাৰি পোৱা গৈছে। 

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি সন্ধানহীন হোৱা নাবালিকাসকলৰ ভিতৰত  ভিতৰত ১০ গৰাকীক আদমপুৰ চানি অঞ্চলত পোৱা গৈছে। একেদৰে বস্তি  অঞ্চলত ১৩ গৰাকী নাবালিকাক পোৱা গৈছে। আন দুগৰাকীক টপনগৰত আৰু আনএগৰাকীক  ৰাইচেনত পোৱা গৈছে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিষয়াসকলে শেহতীয়াকৈ  ৪১ গৰাকী নাবালিকাক আশ্ৰয় গৃহত বিচাৰি পাইছিল। প্ৰশ্নটো হ'ল বাকী ২৬ গৰাকী নাবালিকা ক'লৈ গৈছিল?

 সন্ধানহীন হোৱা নাবালিকাসকলৰ ভিতৰত  গুজৰাট, ঝাৰখণ্ড, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ পৰা যোৱা নাবালিকা আছিল।
চিল্ড্ৰেনছ গাৰ্লছ হোমটো মিছনেৰী   সংগঠনে পৰিচালনা কৰি আহিছে। মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এনেদৰে নাবালিকা সন্ধানহীন হোৱাৰ ঘটনাত  উদ্বেগ প্ৰকাশ কৰিছে। 

শেহতীয়া অনুসন্ধানে প্ৰকাশ কৰিছিল যে আশ্ৰয় গৃহটো  অবৈধ আছিল।আশ্ৰয় গৃহটো আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হোৱা নাছিল। ঘটনা সন্দৰ্ভত শিশু বিকাশ প্ৰকল্পৰ দুজন বিষয়াক ইতিমধ্যে নিলম্বিত কৰা হৈছে। নাবালিকা সন্ধানহীন হোৱাৰ বিষয়ত এজাহাৰ দাখিল কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে  কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগ উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু