--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ এটা আশ্ৰয় গৃহৰ পৰা  সন্ধানহীন হোৱা ২৬ গৰাকী নাবালিকাৰ অৱশেষত সন্ধান পোৱা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  তেওঁলোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিচাৰি পোৱা গৈছে। 

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি সন্ধানহীন হোৱা নাবালিকাসকলৰ ভিতৰত  ভিতৰত ১০ গৰাকীক আদমপুৰ চানি অঞ্চলত পোৱা গৈছে। একেদৰে বস্তি  অঞ্চলত ১৩ গৰাকী নাবালিকাক পোৱা গৈছে। আন দুগৰাকীক টপনগৰত আৰু আনএগৰাকীক  ৰাইচেনত পোৱা গৈছে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিষয়াসকলে শেহতীয়াকৈ  ৪১ গৰাকী নাবালিকাক আশ্ৰয় গৃহত বিচাৰি পাইছিল। প্ৰশ্নটো হ'ল বাকী ২৬ গৰাকী নাবালিকা ক'লৈ গৈছিল?

 সন্ধানহীন হোৱা নাবালিকাসকলৰ ভিতৰত  গুজৰাট, ঝাৰখণ্ড, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ পৰা যোৱা নাবালিকা আছিল।
চিল্ড্ৰেনছ গাৰ্লছ হোমটো মিছনেৰী   সংগঠনে পৰিচালনা কৰি আহিছে। মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এনেদৰে নাবালিকা সন্ধানহীন হোৱাৰ ঘটনাত  উদ্বেগ প্ৰকাশ কৰিছে। 

শেহতীয়া অনুসন্ধানে প্ৰকাশ কৰিছিল যে আশ্ৰয় গৃহটো  অবৈধ আছিল।আশ্ৰয় গৃহটো আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হোৱা নাছিল। ঘটনা সন্দৰ্ভত শিশু বিকাশ প্ৰকল্পৰ দুজন বিষয়াক ইতিমধ্যে নিলম্বিত কৰা হৈছে। নাবালিকা সন্ধানহীন হোৱাৰ বিষয়ত এজাহাৰ দাখিল কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে  কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগ উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক