--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃষক নেতা ৰাকেশ টিকাইটক ক’লা চিয়াঁহীৰে আক্ৰমণ কৰে এজন লোকে। যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাংগালুৰুৰ গান্ধী ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল ৰাকেশ টিকাইটে। সেই সংবাদমেলতে ৰাকেশ টিকাইটৰ গালৈ ক’লা চিয়াঁহী নিক্ষেপ কৰে লোকজনে। ইতিমধ্যে চিয়াঁহী    নিক্ষেপ কৰা ব্যক্তিজনক আটক কৰিছে আৰক্ষীয়ে।

 তথ্য অনুসৰি গান্ধী ভৱনত কৃষক নেতা ৰাকেশ টিকাইট আৰু যুধবীৰ সিঙে এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। দুয়োজন কৃষক নেতাই স্থানীয় এটা চেনেলৰ ষ্টিং অপাৰেচনৰ ভিডিঅ’টোত স্পষ্টীকৰণ দিবলৈ আহিছিল। সংবাদমেলৰ মাজতে তাত উপস্থিত থকা ৰাইজৰ মাজত বিতৰ্ক আৰম্ভ হয়। এই ঘটনাত চন্দ্ৰশেখৰৰ সমৰ্থকৰ বিৰুদ্ধে অভিযোগ উঠিছে। তাত উপস্থিত ৰাইজে জনোৱা মতে, সংবাদমেলৰ সময়ত সাংবাদিকসকলে যেতিয়া ৰাকেশ টিকাইটক সুধিছিল যে কৃষক নেতা চন্দ্ৰশেখৰক লৈ আপোনালোকৰ কি ক’বলগীয়া আছে। 

ইয়াৰ উত্তৰত টিকাইটে কয় যে তেওঁৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এই কথা শুনি চন্দ্ৰশেখৰৰ এজন সমৰ্থকে ক্ষুব্ধ হৈ টিকাইতৰ ওপৰত চিয়াঁহী দলিয়াইছিল। এই ঘটনাৰ পিছতে অনুষ্ঠানটোত দুয়োটা পক্ষৰ মাজত ইজনে সিজনৰ গালৈ চকী দলিয়াইছিল। শেহতীয়া তথ্য অনুসৰি এই ঘটনাৰ পিছতে তিনিজন লোকক আটক কৰা হৈছে। এই আকস্মিক ঘটনাত সকলো হতভম্ব হৈ উঠে। 

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাকেশ টিকাইটে কয় যে ইয়াত নিৰাপত্তা বজাই ৰখাটো স্থানীয় আৰক্ষীৰ দায়িত্ব।ইয়াত স্থানীয় আৰক্ষীয়ে কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা নাই। চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰৰ সহমতত এই সকলোবোৰ ঘটিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ