--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃষক নেতা ৰাকেশ টিকাইটক ক’লা চিয়াঁহীৰে আক্ৰমণ কৰে এজন লোকে। যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাংগালুৰুৰ গান্ধী ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল ৰাকেশ টিকাইটে। সেই সংবাদমেলতে ৰাকেশ টিকাইটৰ গালৈ ক’লা চিয়াঁহী নিক্ষেপ কৰে লোকজনে। ইতিমধ্যে চিয়াঁহী    নিক্ষেপ কৰা ব্যক্তিজনক আটক কৰিছে আৰক্ষীয়ে।

 তথ্য অনুসৰি গান্ধী ভৱনত কৃষক নেতা ৰাকেশ টিকাইট আৰু যুধবীৰ সিঙে এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। দুয়োজন কৃষক নেতাই স্থানীয় এটা চেনেলৰ ষ্টিং অপাৰেচনৰ ভিডিঅ’টোত স্পষ্টীকৰণ দিবলৈ আহিছিল। সংবাদমেলৰ মাজতে তাত উপস্থিত থকা ৰাইজৰ মাজত বিতৰ্ক আৰম্ভ হয়। এই ঘটনাত চন্দ্ৰশেখৰৰ সমৰ্থকৰ বিৰুদ্ধে অভিযোগ উঠিছে। তাত উপস্থিত ৰাইজে জনোৱা মতে, সংবাদমেলৰ সময়ত সাংবাদিকসকলে যেতিয়া ৰাকেশ টিকাইটক সুধিছিল যে কৃষক নেতা চন্দ্ৰশেখৰক লৈ আপোনালোকৰ কি ক’বলগীয়া আছে। 

ইয়াৰ উত্তৰত টিকাইটে কয় যে তেওঁৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এই কথা শুনি চন্দ্ৰশেখৰৰ এজন সমৰ্থকে ক্ষুব্ধ হৈ টিকাইতৰ ওপৰত চিয়াঁহী দলিয়াইছিল। এই ঘটনাৰ পিছতে অনুষ্ঠানটোত দুয়োটা পক্ষৰ মাজত ইজনে সিজনৰ গালৈ চকী দলিয়াইছিল। শেহতীয়া তথ্য অনুসৰি এই ঘটনাৰ পিছতে তিনিজন লোকক আটক কৰা হৈছে। এই আকস্মিক ঘটনাত সকলো হতভম্ব হৈ উঠে। 

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাকেশ টিকাইটে কয় যে ইয়াত নিৰাপত্তা বজাই ৰখাটো স্থানীয় আৰক্ষীৰ দায়িত্ব।ইয়াত স্থানীয় আৰক্ষীয়ে কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা নাই। চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰৰ সহমতত এই সকলোবোৰ ঘটিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন