--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই৷ ৰাজ্যখনৰ যুৱপ্ৰজন্মৰ মাজত সমাদৃত কণ্ঠশিল্পী তথা যুৱনেতাগৰাকীৰ হত্যাকাণ্ডক সহজভাৱে লব পৰা নাই তেওঁৰ অনুৰাগীসকলে৷ পিছে, কোনে হত্যা কৰিলে সিদ্ধু মুছেৱালাক? কিয় গুলীয়াই হত্যা কৰা হল কণ্ঠশিল্পীগৰাকীক

 

কালি সন্ধিয়া এটা ফেচবুক পোষ্টত কানাডিয়ান গেংষ্টাৰ গোল্ডি ব্ৰাৰে পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে৷  আৰক্ষীয়ে জনোৱা অনুসৰি, পঞ্জাবী গায়কজনৰ ওপৰত হোৱা আক্ৰমণত আঠজন ব্যক্তি জড়িত আছিল। অপৰাধস্থলীত, তিনিটা একে-৯৪ ৰাইফলৰ গুলী (যিবোৰ পঞ্জাৱত অস্বাভাৱিক) আৰক্ষীয়ে উদ্ধাৰ কৰিছিল।

 

পঞ্জাবৰ কংগ্ৰেছ নেতাগৰাকীৰ হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ পাই পৰিছে এগৰাকী কানাডিয়ান গেংষ্টাৰৰ নাম৷ কম বয়সতে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰে নাম সাঙোৰ খাই পৰা কোন এই গোল্ডি ব্ৰাৰ? 

 

কানাডাত নিবাসী গোল্ডি ব্ৰাৰ ওৰফে সতীন্দৰ সিং ভাৰতত  এজন ৱাণ্টেডঅপৰাধী। গোল্ডি একাধিক অপৰাধমূলক গোচৰত জড়িত থকাৰ অভিযোগ আছে। গোল্ডি ব্ৰাৰ দলটোৰ নেতা লৰেন্স বিষ্ণৈৰ এজন ঘনিষ্ঠ সহযোগী, যাক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ কৰা হৈছে৷ ফাৰিডকোট জিলা যুৱ কংগ্ৰেছৰ সভাপতি গুৰলাল সিং পেহালৱানৰ হত্যাৰ সন্দৰ্ভতো গোল্ডি এজন মুখ্য সন্দেহভাজন আছিল।

 

ইফালে, পঞ্জাব আৰক্ষীৰ এণ্টি-গেংষ্টাৰ টাস্ক ফৰ্চে (এজিটিএফ) বাথিণ্ডাত লৰেন্স বিষ্ণই আৰু গোল্ডিৰ তিনিজন ঘনিষ্ঠ সহযোগীক আটক কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি গ্ৰেপ্তাৰ কৰা দুজন অভিযুক্ত পঞ্জাবত ড্ৰাগছ চোৰাং ব্যৱসায় আৰু অবৈধ অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত আছিল। 

 

 

সিদ্ধু মুছেৱালাক কেনেকৈ হত্যা কৰা হৈছিল?

 

প্ৰতিবেদন অনুসৰি, গায়কজনৰ গাড়ীত ৩০ ৰাউণ্ড গুলীচালনা কৰা হৈছিল, যাৰ ভিতৰত সিদ্ধু মুছেৱালাৰ ওপৰত ২০ ৰাউণ্ড গুলী চালনা কৰা হৈছিল। এই আক্ৰমণত পঞ্জাবী গায়কগৰাকীৰ সৈতে ভ্ৰমণ কৰা আন দুজন লোকো আহত হৈছিল। সিদ্ধুক জৱাহৰকে গাঁৱৰ স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।

 

পঞ্জাব আৰক্ষীয়ে পঞ্জাবী শিল্পী সিদ্ধু মুছেৱালাকে ধৰি ৪২৪জন লোকৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে এই ঘটনা সংঘটিত হৈছিল৷

 

সিদ্ধু মুছেৱালাৰ হত্যাৰ ষড়যন্ত্ৰ ৰচিত হৈছিল তিহাৰৰ আন্ধাৰত!

 

কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰে সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছত ঘটনাটোৰ সৈতে সম্পৰ্কিত সকলো শীৰ্ষ বিষয় গোল্ডিৰ সৈতে সম্পৰ্কিত হৈ পৰিছে৷ পঞ্জাৱ আৰক্ষীয়ে তিহাৰ কাৰাগাৰ নং ৪-ত বন্দী লৰেন্স বিষ্ণইক নিজৰ জিম্মাত বিচৰা বুলি জানিব পৰা গৈছে৷ সিদ্ধু মুছেৱালাৰ মৃত্যুৰ ষড়যন্ত্ৰৰ সৈতে দিল্লীৰ তিহাৰ কাৰাগাৰৰ সৈতে সম্পৰ্ক থাকিব পাৰে। এই সন্দৰ্ভত আৰক্ষীয়ে বিচাৰি উলিয়াইছে এটা বিশেষ ফোন নম্বৰ৷ বিচাৰি উলিওৱা হৈছে।


কেইদিনমান পূৰ্বে শ্বাহৰুখ নামৰ এজন অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁ গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সৈতে যোগাযোগ কৰিবলৈ এটা মেচেজিং এপ ব্যৱহাৰ কৰি আছিল আৰক্ষী নিশ্চিত হৈছে৷ আৰু সেইগৰাকী গোল্ডি ব্ৰাৰেই হত্যা কৰিছিল মুছেৱালাক৷ আনহাতে, হত্যাকাণ্ড সন্দৰ্ভত লৰেন্স বিষ্ণই আৰু তেওঁৰ সহায়ক কালা জাথেদী আৰু কালা ৰাণাক দিল্লী আৰক্ষীৰ বিশেষ চেলে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ