--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতে এটা নতুন পদক্ষেপ হাতত লৈছে তাৰকা দম্পতীহালে। ‘দ্যা মিৰ্জা মালিক শ্ব’ নামেৰে এটা টক শ্ব’ আয়োজন কৰিব দুয়োৱে। শেহতীয়াকৈ ইয়াক ইনষ্টাগ্ৰামযোগে ঘোষণা কৰা হৈছে।

জানিব পৰামতে, পাকিস্তানী চেনেল ‘উৰ্দুফল্লিক্স অফিচিয়েল’ৰ যোগেৰে এই টক শ্ব’টো সম্প্ৰচাৰ কৰা হ’ব। চেনেলটোৱে ইনষ্টাগ্ৰামযোগে এই ঘোষণা কৰিছে।

তাৰপাছতে তাৰকা দুগৰাকীৰ অনুৰাগীসকলৰ মাজত উচ্ছাহৰ সোঁত বৈছে। অনেকে ছোৱেইব-ছানিয়াক শুভেচ্ছা প্ৰদান কৰিছে।

উল্লেখ্য যে ২০১০ চনৰ এপ্ৰিলত ক্ৰীড়া বিশ্বৰ তাৰকা দুগৰাকীৰ মাজত বিবাহ হৈছিল। ২০১৮ চনত তেওঁলোকৰ পুত্ৰ ইজহানৰ জন্ম হয়।

শেহতীয়াকৈ তেওঁলোকৰ দাম্পত্য জীৱনত ঘূণে ধৰিছে বুলিও চৰ্চা চলি আছে। গুজৱ অনুসৰি, ছোৱেইব মালিকে নতুনকৈ এগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছে।

তেনে সময়তে ছোৱেইব-ছানিয়াই টক শ্ব’ৰ আয়োজন কৰাক লৈ অনুৰাগীসকলৰ মাজত আনন্দ বিয়পি পৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু